পুৱা 9 বজাৰ মুখ্য দহটা বাতৰি-
1. ইজৰাইলত আৰম্ভ হ’ল ক’ভিড ভেকছিনৰ মানৱ পৰীক্ষা
ইজৰাইলৰ চিকিৎসালত চলিছে ক’ভিড ভেকছিনৰ মানৱ পৰীক্ষা ৷ "ব্ৰিলাইফ" নামৰ ভেকচিনেৰে বৰ্তমান পৰীক্ষা কৰা হৈছে ৷ অতি সোনকালে এি ভেকচিনে সফল ৰূপ পোৱাৰ সম্ভাৱনা আছে ৷
2. মৰাণৰ তিলৈজান চাহ বাগিচাত আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন
তিলৈজান চাহ বাগিচাত আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ ৷ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা অসমৰ চাহ বাগিচা সমূহত ১১৯ খন আদৰ্শ বিদ্যালয় স্থাপন পৰিকল্পনা কৰিছে সোণোৱাল চৰকাৰে ৷ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰতে বিদ্যালয় খনৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ কৰা হব ৷
3. কোকৰাঝাৰত ৮০ বছৰীয়া বৃদ্ধৰ মৃত্যুদেহ উদ্ধাৰ
কোকৰাঝাৰত উদ্ধাৰ নিৰুদ্দেশ বৃদ্ধৰ মৃতদেহ | ২১ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ৮০ বছৰীয়া বৃদ্ধ স্বতীশ দেৱনাথ ৷
4. ড৹ কৰ্ণী সিং শ্বুটিং ৰেঞ্জৰ এথলেটৰ দেহত ক’ভিড পজিটিভ
ক’ভিড-19ত আক্ৰান্ত ড৹ কৰ্ণী সিং শ্বুটিং ৰেঞ্জৰ এগৰাকী এথলেট ৷ 14 দিনৰ কোৱাৰেণ্টাইনৰ অন্তত তেওঁক পুনৰ ৰেঞ্জত ভাগ ল’বলৈ অনুমতি প্ৰদান কৰা হয় ৷
5. খেৰৰ জুইৰ পৰাই দিল্লীত সংঘটিত 40 শতাংশ প্ৰদূষণ
বায়ুৰ গুণাগুণ নিৰীক্ষণকাৰী সংস্থা ছফৰ (SAFAR)ৰে প্ৰকাশ কৰা অনুসৰি,খেৰ-কুটা জ্বলোৱাৰ বাবেই দিল্লীত সংঘটিত হয় 40 শতাংশ প্ৰদূষণ ৷ দিল্লীৰ নিকটৱৰ্তী ৰাজ্যসমূহত শস্য চপোৱাৰ পিচত জ্বলাই দিয়া খেৰ-কুটাৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্ত হয় বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে ৷
6. কথুৱাত কম্পিউটাৰ পৰীক্ষাগাৰ প্ৰদান জম্মু-কাশ্মীৰ সশস্ত্ৰ আৰক্ষীৰ
কথুৱাৰ চাক ধাৰাব চৰকাৰী মধ্য বিদ্যালয়ত এটি কম্পিউটাৰ পৰীক্ষাগাৰ সংস্থাপন কৰে জম্মু-কাশ্মীৰ সশস্ত্ৰ আৰক্ষীয়ে ৷ অসামৰিক কাৰ্যসূচীৰ অধীনত এইদৰে বিদ্যালয়খনত আন্তঃগাঁথনিত সহায় আগবঢ়ায় আৰক্ষীয়ে ৷
7. JEE কেলেংকাৰী: আৰক্ষীৰ জালত পলাতক অভিযুক্ত ভাৰ্গৱ ডেকা
JEE কেলেংকাৰীৰ অন্যতম পলাতক অভিযুক্ত ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰ বৰঝাৰ বিমান বন্দৰত । বিমানযোগে বেংকক-দিল্লী হৈ গুৱাহাটীলৈ সংগোপনে অহাৰ খবৰ পাই গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱাৰ সময়তে, আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে অভিযুক্ত জনক ৷
8. স্বেচ্ছাই অৱসৰ গ্ৰহণ সুদক্ষ আই পি এছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ
চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ আই পি এছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ ৷ 31 অক্টোবৰত স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰিলে বিষয়া গৰাকীয়ে ৷ ফেচবুক পোষ্টযোগে ৰাজহুৱা কৰিলে অৱসৰৰ কথা ৷
9. আৱৰ্ত ভৱনত থাকিবলৈ দিয়া নহ’ল ৰিপুন বৰাক
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পত্ৰ প্ৰেৰণ ৷ ডিব্ৰুগড় প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি পত্ৰ প্ৰেৰণ সভাপতি গৰাকীৰ ৷
10. মা কামাখ্যাৰ আশিস ল'লে ৰাজ্যৰ নৱনিযুক্ত মুখ্য সচিব জিষ্ণু বৰুৱাই
ৰাজ্যৰ মুখ্য সচিব ৰূপে নিযুক্তি লাভ কৰিয়েই মাৰ আশিস ল'লে জিষ্ণু বৰুৱাই । ইফালে ৰাইজৰ মংগলৰ লগতে নিজৰ নতুন কৰ্মজীৱন সুকলমে আগবাঢ়ি যোৱাৰ কামনাৰে কামাখ্যা মন্দিৰত বিশেষ পূজা-অৰ্চনা আগবঢ়াই ৰাজ্যৰ নৱনিযুক্ত মুখ্য সচিব জিষ্ণু বৰুৱাই ।