1. ৰাজেন গোঁহাইক লগত লৈ মনোনয়ন দাখিল কৰিলে ৰূপক শৰ্মাই
নগাঁও বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই বুধবাৰে দাখিল কৰে মনোনয়ন । মনোনয়ন দাখিল কৰাৰ সময়ত প্ৰাৰ্থী গৰাকীক সংগ দিয়ে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহাই আৰু মন্ত্ৰী পীযুষ হাজৰিকাই ৷
2. বাঘবৰত এআইইউডিএফৰ প্ৰাৰ্থী ৰাজীৱ আহমেদক বিপুল আদৰণি
বৰপেটা জিলাৰ ৪৫ নং বাঘবৰ বিধানসভা সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী ৰাজীৱ আহমেদ গুৱাহাটীৰ পৰা গৈ সমষ্টিত উপস্থিত হোৱাৰ পিছত বিপুল আদৰণি জনাই তেওঁৰ সমৰ্থকসকলে ।
3. পদুলিয়ে পদুলিয়ে নহয় ৰাইজৰ হৃদয়লৈ যাব বিজেপি: হিমন্ত বিশ্ব শৰ্মা
পদুলিয়ে পদুলিয়ে নহয় ৰাইজৰ হৃদয়লৈ যাব বিজেপি ৷ বিজেপিয়ে ৰাইজৰ পদুলি শুঙি নুফুৰে বুলি কৈ এটা নৱগঠিত আঞ্চলিক দলক তীব্ৰ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ কমলপুৰ বিধানসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ মনোনয়ন দাখিলৰ প্ৰাকক্ষণত হিমন্ত বিশ্ব শৰ্মাৰ বিশাল শোভাযাত্ৰা ।
4. গৃহ সমষ্টিত ৰণজিৎ দাসক উষ্ম আদৰণি
প্ৰাৰ্থিত্ব লাভৰ পিছত প্ৰথমবাৰৰ বাবে ৰণজিৎ দাস উপস্থিত গৃহ সমষ্টিত । টিহুৰ সমীপৰ নাথকুছিৰ শিৱ মন্দিৰত সেৱা জনাই দাসে এক ৰেলীত অংশ লয় ।
5. ২০২১ ৰ বিধানসভা নিৰ্বাচন হ'ব অস্তিত্ব ৰক্ষাৰ শেষ সংগ্ৰাম: পীযুষ হাজৰিকা
সাংবাদিকে মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বিষয়ে প্ৰশ্ন কৰাত বিজেপিত বৰ বেছি সংঘাত হোৱা নাই বুলি সদৰী কৰে ৷ একেদৰে কংগ্ৰেছতহে অফিচ ভঙা-ভঙি হৈছে বুলি পীযুষ হাজৰিকাই কয় ।
6. তীৰথ সিং ৰাৱটৰ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ
বুধবাৰে গড়ৱালৰ বিজেপিৰ লোকসভাৰ সাংসদ তীৰথ সিং ৰাৱটৰ উত্তৰাখণ্ডৰ নৱ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ । প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটে মঙলবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগৰ পাচতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ তীৰথ সিং ৰাৱটৰ ।
7. মৰিগাঁৱত ৰমাকান্ত দেউৰীৰ মনোনয়ন প্ৰত্ৰ দাখিল
মৰিগাঁৱত কেইবা সহস্ৰাধিক সমৰ্থকৰে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ সমদল কৰি আহি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ ৷
8. আৰক্ষীৰ সৈতে হতাহতি বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ
মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈ ক’ভিডৰ নিয়ম ভংগ কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ ৷ শক্তি প্ৰদৰ্শন কৰি মহকুমাধিপতিৰ কাৰ্যালয়ত প্ৰৱেশ কৰে প্ৰাৰ্থী গৰাকীয়ে ৷ আৰক্ষী বিষয়াৰ সৈতে হতাহতি হয় দিগন্ত কলিতাৰ ৷
9. পথ দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি কৰিমগঞ্জত প্ৰতিবাদ
বুধবাৰে কৰিমগঞ্জ জিলাৰ বাৰইগ্ৰামৰ সমীপৰ 8 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৷ মঙলবাৰে সন্ধিয়া পথ দুৰ্ঘটনাত এজন ছাত্ৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷
10. টাকাকাটা জাউৰীমাৰী এম ই মাদ্ৰাছাত নাই এজনো শিক্ষক
ৰাজ্যৰ শিক্ষা বিভাগৰ পয়ালগা দৃশ্য ৷ টাকাকাটা জাউৰীমাৰী এম ই মাদ্ৰাছাত নাই এজনো শিক্ষক ৷ ছাত্ৰ-ছাত্ৰীৰ অন্ধকাৰ ভৱিষ্যত ৷ অৱসৰপ্ৰাপ্ত শিক্ষকে কৰি আছে পাঠদান ৷