ETV Bharat / state

বিয়লি 5 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Mar 17, 2021, 5:00 PM IST

বিয়লি 5 বজাৰ দহটা শীৰ্ষ সংবাদ

top10 news
মুখ্য সংবাদ

1. চেঙাৰ অগপ প্ৰাৰ্থী ৰবিউল হুছেইনৰ মনোনয়ন দাখিল

বুধবাৰে চেঙা সমষ্টিৰ অগপৰ প্ৰাৰ্থী ৰবিউল হুছেইনে মনোনয়ন দাখিল কৰে । সীমিত সংখ্যক সমৰ্থকেৰে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে প্ৰাৰ্থীগৰাকীয়ে ।

2. দিল্লী বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ

এটা ছুইচ প্ৰতিষ্ঠানে প্ৰকাশ কৰা 'বিশ্ব বায়ু মানদণ্ড প্ৰতিবেদন, ২০২০' অনুুসৰি দিল্লী বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ । বিশ্বৰ প্ৰদূষিত ৫০ খন চহৰৰ ভিতৰত ৪৯ খন চহৰ আছে কেৱল বাংলাদেশ, চীন, ভাৰত আৰু পাকিস্তানত ।

3. দোকানে দোকানে প্ৰচাৰ ৰঙিয়াৰ ডাঃ বাবুল চহৰীয়াৰ

ৰঙিয়াত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ ৷ দোকানে দোকানে প্ৰচাৰ ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ডাঃ বাবুল চহৰীয়াৰ ৷

4. বৰপেটাৰ অগপ প্ৰাৰ্থী গুণীন্দ্ৰ নাথ দাসৰ মনোনয়ন দাখিল

বৰপেটা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী গুণীন্দ্ৰ নাথ দাসে বুধবাৰে মনোনয়ন দাখিল কৰে ৷ বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত দাখিল কৰে এই মনোনয়ন ৷

5. নৃশংস ! পত্নীয়ে মৰিয়াই হত্যা কৰিলে স্বামীক

সুৰাপান কৰি কন্যাৰ লগত অশালীন ব্যৱহাৰ পিতৃৰ ৷ অতিষ্ঠ পত্নীয়ে লাঠীৰে মৰিয়াই হত্যা কৰে স্বামীক ৷

6. ৰাজস্থানত ধৰ্ষণৰ বলি ৬ বছৰীয়া শিশু

ৰাজস্থানৰ পুষ্কৰত এগৰাকী ৬ বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ । POCSO আইন আৰু ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় যুৱকজনক ।

7. বিশেষভাৱে সক্ষম মহিলাৰ শিল্পকলাৰ বিশ্বজুৰি চৰ্চা

জন্মৰে পৰা বিশেষ ৰোগত আক্ৰান্ত কৰ্ণাটকৰ মীনা । শয্যাশায়ী মীনাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহুতো ঘৰ সজোৱা সামগ্ৰী । অনলাইনযোগে নিজ হাতে নিৰ্মাণ কৰা সামগ্ৰী বিক্ৰী কৰি স্বাৱলম্বিতাৰ পথ বাছি লৈছে মীনাই ।

8. মল্লযোদ্ধা ববিতা ফ'গাটৰ ভগ্নীৰ আত্মহত্যা

আত্মহননৰ পথ বাছি ল'লে মল্লযোদ্ধা ববিতা ফ'গাটৰ সম্পৰ্কীয় এগৰাকী ভগ্নীয়ে । মল্লযুঁজত পৰাজিত হোৱাৰ দুখ সহিব নোৱাৰি মল্লযোদ্ধা ৰিটিকাই নিজৰ জীৱন শেষ কৰিলে বুলি সন্দেহ কৰা হৈছে । হাৰিয়ানাৰ ঝুনঝুনুৰ বালালি গাঁৱত সম্পন্ন কৰা হ'ল মল্লযোদ্ধা ৰিটিকাৰ শেষকৃত্য ।

9. হিমাচলত মহিলাৰ অভিনৱ প্ৰতিবাদ

দেশত পুনৰ আৰম্ভ চিপকো আন্দোলন । ডেৰাডুনত এটা পথ নিৰ্মাণৰ নামত গছ কটা কাৰ্যক বিৰোধীতা কৰি আৰু গছবোৰৰ সংৰক্ষণৰ বাবে মহিলাসকলে আৰম্ভ কৰিলে এই আন্দোলনৰ । গছবোৰক ৰক্ষা কৰিবলৈ মহিলাসকলে সাৱটি ধৰিলে গছবোৰক ।

10. দলগাঁৱত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ ২৬ লাখ টকা

নিৰ্বাচনৰ প্ৰাকক্ষণত টকাৰ উজান উঠিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত । বুধবাৰে দৰঙৰ দলগাঁৱত জব্দ হ'ল নগদ ২৬ লাখ টকা । এখন মাৰুতী ছুজুকি ছুইফ্ট​ বাহনত তালাচী চলাই ফ্লায়িং স্কোৱাডে ধনখিনি জব্দ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.