ETV Bharat / state

বিয়লি 5 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Mar 11, 2021, 5:09 PM IST

বিয়লি 5 বজাৰ দহটা শীৰ্ষ সংবাদ

top10
মুখ্য সংবাদ

1. নলবাৰীত মহাজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুত ভূঞাৰ মনোনয়ন দাখিল

কংগ্ৰেছ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী প্ৰদ্যুত ভূঞাৰ নলবাৰীত মনোনয়ন দাখিল ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল ভূঞাৰ ৷

2. নামছাঙৰ প্ৰচাৰ সভাত নাহৰকটীয়া বিজেপি প্ৰাৰ্থী তৰংগ গগৈ

তৰংগ গগৈয়ে আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ ৷ বৃস্পতিবাৰে নামছাঙৰ ফ্ৰী লেন শিৱ মন্দিৰত সেৱা জনাই বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে তৰংগ গগৈয়ে ৷

3. সন্মিলিত ঐক‍্য মঞ্চৰ মনোনীত প্ৰাৰ্থীৰ মনোনয়ন দাখিল

সন্মিলিত ঐক‍্য মঞ্চৰ মনোনীত প্ৰাৰ্থী চৈয়দ চাহাবুদ্দিন আলী আহমেদে বৃহস্পতিবাৰে ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ বাবে দখিল কৰিলে মনোনয়ন ৷

4. বকোৰ যমুনেশ্বৰ শিৱালয়ত ভক্তৰ ভিৰ

সমগ্ৰ অসমৰ লগতে বকোতো উলহ-মালহৰে পালন কৰা হৈছে মহা শিৱৰাত্ৰী পূজা । এই পূজা উপলক্ষে বৃহস্পতিবাৰে পুৱাৰে পৰা বকোৰ নাগোপাৰাস্থিত শ্ৰীশ্ৰী যমুনেশ্বৰী শিৱালয় মন্দিৰত ভক্তৰ লানি নিছিগা ভিৰ দেখা যায় ।

5. হোজাইত পুনৰ কংগ্ৰেছত মোক্ষম আঘাত

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাত হোজাই সমষ্টিত প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেৰ বিপৰীতে দেৱব্ৰত সাহাৰ নাম অন্তৰ্ভুক্ত হ’ল ৷ সেয়ে প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে-এ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰালৈ বৃহস্পতিবাৰে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷

6. নিৰ্বাচনী বিধি উলংঘা: যোৰহাটত নগদ ধন জব্দ

বৃহস্পতিবাৰে যোৰহাটৰ ৰাজবাৰীৰ চাহ গৱেষণা কেন্দ্ৰৰ সমীপৰ আৰক্ষী, চিআৰপিএফ আৰু ফ্লায়িং স্কোৱাডে অভিযান চলাই জব্দ কৰে নগদ ৩ লাখ ৬৩ হাজাৰ ৭৯ টকা ।

7. মাংগালুৰু বিমানবন্দৰত সোণসহ মহিলা গ্ৰেপ্তাৰ

শুল্ক বিভাগৰ অভিযানত মাংগালুৰু বিমানবন্দৰত ১ কোটি ১০ লাখ টকাৰ সোণ জব্দ । এগৰাকী মহিলাই অবৈধভাৱে সৰবৰাহ কৰি আনিছিল ২.৪১ কিলোগ্ৰাম সোণ ।

8. আমেৰিকাৰ ন্যায় বিভাগৰ নতুন এট'ৰ্ণী জেনেৰেল মেৰিক গাৰ্লেণ্ড

আমেৰিকাৰ ন্যায় বিভাগৰ নেতৃত্বৰ বাবে মেৰিক গাৰ্লেণ্ডক নতুন এট'ৰ্ণী জেনেৰেল হিচাপে নিৰ্বাচিত কৰা হৈছে। বুধবাৰে চিনেটৰসকলে গাৰ্লেণ্ডৰ মনোনয়নত ৭০-৩০ ভোট প্ৰদান কৰে ।

9. যুক্তৰাষ্ট্ৰীৰ চৰকাৰৰ anti-trust গোচৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিল ফেচবুক

ফেচবুকৰ বিৰুদ্ধে anti-competitive আচৰণৰ অভিযোগ ৷ পৃথকে পৃথকে FTC আৰু ৰাজ্যিক এট’ৰ্ণী জেনেৰেলৰ ফেচবুকৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ গোচৰ সন্দৰ্ভত ন্যায়ালয়ৰ কাষ চাপিছে ফেচবুক ৷ গোচৰ খাৰিজ কৰাৰ বাবে ন্যায়ালয়ক ফেচবুকৰ আহ্বান ৷

10. প্ৰথমবাৰলৈ ৰ'ভাৰ চুপাৰকেমত বন্দী মঙল গ্ৰহৰ বতাহৰ শব্দ

নাছাৰ ৰ'ভাৰে চুপাৰকেমৰ সহায়ত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ বতাহৰ শব্দ ৰেকৰ্ড কৰে, যাক লেজাৰ প্ৰযুক্তিৰ ব্যৱহাৰেৰে দৃশ্য আৰু শব্দ ধৰিবলৈ ডিজাইন কৰা হৈছিল ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.