ETV Bharat / state

বিয়লি 3 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Mar 17, 2021, 3:01 PM IST

বিয়লি 3 বজাৰ দহটা শীৰ্ষ সংবাদ

top10 news
মুখ্য সংবাদ

1. কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

সমগ্ৰ অসমবাসীৰ মনত এতিয়া উদয় হোৱা একমাত্ৰ প্ৰশ্নটোৱেই হৈছে কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? এই লৈ আমাৰ সাংবাদিক সকলে ৰাজ্যৰ বিভিন্ন স্থানত কাষ চাপিছিল জনতাৰ ৷ জনতাই কাক বিচাৰে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ ৰূপত ৷ চাওঁ আহক পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত জনতাৰ মতামত ...

2. ৰঙিয়াৰ প্ৰাৰ্থী দেবব্ৰত কলিতাৰ মনোনয়ন প্ৰত‍্যাহাৰ

ৰঙিয়াৰ সংগ্ৰামী মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী দেবব্ৰত কলিতাই মনোনয়ন প্ৰত‍্যাহাৰৰ সিদ্ধান্ত লৈছে ৷ বুধবাৰে এক সংবাদমেল যোগে এই কথা সদৰি কৰে প্ৰাৰ্থী গৰাকীয়ে ৷

3. ৰাজনৈতিক জাষ্টিছ পাৰ্টীৰ প্ৰাৰ্থী বুদ্ধিনাথ প্রজাপতিৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে ৰাজ্যত তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দল-সংগঠন, নেতা-পালিনেতা ৷ ১২২ নং তিনিচুকীয়া সমষ্টিৰ ৰাজনৈতিক জাষ্টিছ পাৰ্টীৰ প্ৰাৰ্থী বুদ্ধিনাথ প্রজাপতিয়েও অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷

4. ভাৰতত ক্ৰমশ বৃদ্ধি পাবলৈ লৈছে কৰ'ণা ভাইৰাছৰ সক্ৰমণ

বৰ্তমান সময়লৈকে দেশত মুঠ ক'ভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে 1,14,38,734 জন ৷ যাৰ ভিতৰত সক্ৰিয় হৈ আছে 2,34,406টা ঘটনা ৷

5. লাহোৱালত নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী কিদাৰু জামান জিন্নাৰ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে ৮১নং লাহৰীঘাট বিধান সভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী কিদাৰু জামান জিন্নাই তুংগত চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰাৰ্থী গৰাকীয়ে সমষ্টিটোৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰি ভোটাৰৰ মন জয় কৰাৰ বাবে গ্ৰহণ কৰিছে ন-ন কৌশল ৷

6. বিজনীত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰূপম কুমাৰ দাস

বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইদিনমান বাকী । নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে অসম জাতীয় পৰিষদৰ ৩৩ নং বিজনী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপম কুমাৰ দাসে । বিপিএফ আৰু বিজেপিৰ প্ৰাৰ্থী তেওঁৰ বাবে প্ৰত্যাহ্বান নহয় বুলি মন্তব্য কৰিলে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে ।

7. হাতত তামোল-পান লৈ হাতযোৰ কৰি ভোট ভিক্ষা নিৰ্দলীয় প্ৰাৰ্থীৰ

১১৩ নং ধেমাজি বিধানসভা সমষ্টিত শাসক বিৰোধীৰ সমান্তৰালভাৱে আয়ুৱ খাঙ ব্ৰহ্ম নামৰ নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে মুষ্টিমেয় সমৰ্থকক লগত লৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ সমষ্টিটোৰ নৰোৱাথান পঞ্চায়তৰ চকলা দলনি ,বৰদলপাৰ আদি বিভিন্ন গাঁৱত ঘৰে ঘৰে গৈ হাতত তামোল-পান লৈ হাতযোৰ কৰি ভোট ভিক্ষা কৰিলে ৷

8. চাহ শ্ৰমিকৰ মজুৰিৰ ৰাজনীতি: চৰকাৰৰ পৰা জবাব বিচাৰিলে উচ্চ ন্যায়ালয়ে

চাহ শ্ৰমিকৰ নূন্যতম মজুৰি নিৰ্দ্ধাৰণ কৰাৰ বাবে চৰকাৰে জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ড৹ জে বি এক্কাৰ নেতৃত্বত যিখন এজনীয়া আয়োগ গঠন কৰি দিছিল সেই আয়োগে নিয়াৰিকৈ সকলো কাম আগবঢ়াই নি থকাৰ সময়তে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবেই চৰকাৰে অন্তৱৰ্তীকালীন ভাৱে ৫০ টকাকৈ মজুৰি বৃদ্ধিৰ অধিসূচনা জাৰি কৰিছিল ।

9. সমাগত দৌল মহোৎসৱ: বৰপেটা প্ৰেছ ক্লাৱত হোলী গীতৰ ভিডিঅ‘ উন্মোচন

বৰপেটাৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱক প্ৰাণময় কৰি তোলা হোলীগীতৰ সুৰত এতিয়া প্ৰাণ পাই উঠিছে বৰপেটা ৷ বৰপেটাৰ দৌল মহোৎসৱৰ পূৰ্বে মঙলবাৰে সন্ধিয়া বৰপেটা প্ৰেছ ক্লাৱত 'আজি বসন্তৰ মধু বেলা' আৰু 'আজি পূৰ্ণিমাৰে পূৰ্ণশশী' নামৰ দুটা হোলীগাতৰ ভিডিও উন্মোচন কৰা হয় ৷

10. বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অধ্য়াপকৰ প্ৰস্তাৱ নীতা আম্বানিক..!

বিভিন্ন মহলত খবৰ ওলাইছিল যে ৰিলায়েঞ্চ কোম্পানীৰ কাৰ্যবাহী পৰিচালক নীতা আম্বানিক বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ভিজিটিং অধ্যাপকৰ প্ৰস্তাৱ দিয়া হৈছে । ইয়াৰ পিছতে ৰিলায়েঞ্চ কোম্পানী লিমিটেডে বুধবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এই খবৰটো ভুৱা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.