ETV Bharat / state

বিয়লি 3 বজাৰ দহটা মুখ্য সংবাদ

author img

By

Published : Mar 12, 2021, 3:12 PM IST

বিয়লি 3 বজাৰ দহটা মুখ্য সংবাদ...

top10 news
মুখ্য সংবাদ

বিয়লি 3 বজাৰ দহটা মুখ্য সংবাদ-

1. ভাৰতৰ ভিতৰত ৫২% চাহ উৎপাদনকাৰী অসমৰ চাহ শ্ৰমিক বঞ্চিত ST মৰ্যদাৰ পৰা

২০২১ অসম বিধান সভা নিৰ্বাচনত আদিবাসী সম্প্ৰদায় তথা চাহ জনজাতি লোকসকলৰ মাজত কেনে প্ৰভাৱ বিস্তাৰ কৰিব সেয়া এক গুৰুত্বপূৰ্ণ বিষয় । এইবাৰ অসম বিধান সভাৰ নিৰ্বাচনত প্ৰায় এক ডজন চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীয়ে ভিন্ন ৰাজনৈতিক দলৰ পৰা নিৰ্বাচনী যুঁজত নামিছে ।

2. নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ নলবাৰীৰ নামডোঙাবাসীৰ

দীৰ্ঘদিনৰ পৰা নলবাৰী জিলাৰ পাইকাৰকুছি-কমাৰকুছি সংযোগী পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাই আহিছে সাধাৰণ জনতাক ৷ মূল পথৰ পৰা নামডোঙালৈ যোৱা পথতো বছৰ বছৰ ধৰি পৰি ৰৈছে পূৰ্বৰ বিধায়ক গৰাকীৰ অৱহেলাত ৷

3. হাগ্ৰামাৰ বিৰুদ্ধে বাক্সাত শিল-বালিৰ চিণ্ডিকেটৰ গুৰুতৰ অভিযোগ

বাক্সাত দীৰ্ঘদিন ধৰি শিল-বালিৰ চিণ্ডিকেট চলোৱাৰ গুৰুতৰ অভিযোগ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে । বিটিআৰৰ ই.এম. ৰাকেশ ব্ৰহ্মই এই অভিযোগ তোলাৰ লগতে এই কাৰ্য ভৱিষ্যতে বিটিআৰত কোনো কৰিব নোৱাৰে বুলিও সকীয়াই দিয়ে ।

4. গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড

ধুবুৰীৰ গৌৰীপুৰত অগ্নিকাণ্ডৰ ঘটনাত চাৰিটা পৰিয়ালৰ সা-সম্পত্তি জ্বলি নি:শেষ । জুইৰ সূত্ৰপাতৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

5. দৰঙত মনোনয়ন পত্ৰ দাখিল কৰিলে ইলিয়াছ আলীয়ে

দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিমটো দিনতে দৰং জিলাৰ দলগাঁও সমষ্টিৰ পৰা প্ৰথমখন মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী ইলিয়াছ আলীয়ে ৷ অতি কম সমৰ্থকক লগত লৈ দৰং জিলা উপায়ুক্তৰ ওচৰত মনোনয়ন দাখিল কৰিলে প্ৰাৰ্থী গৰাকীয়ে ৷

6. সংগ্ৰামী মঞ্চৰ হৈ মনোনয়ন দাখিল কৰিলে দেবব্ৰৎ কলিতাৰ

দেবব্ৰৎ কলিতাৰ সংগ্ৰামী মঞ্চৰ হৈ মনোনয়ন পত্ৰ দাখিল ৷ ৰঙিয়া সমষ্টিটো চিপিএমক এৰি দিয়াৰ পিছত কংগ্ৰেছৰ টিকট প্ৰত‍্যাশী দেবব্ৰৎ কলিতাই সংগ্ৰামী মঞ্চৰ হৈ দাখিল কৰে মনোনয়ন ৷

7. শিলাদিত্য দেৱৰ বাসগৃহত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শিলাদিত্যৰ সৈতে আলোচনা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ শুকুৰবাৰে শিলাদিত্যৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী গৰাকী ৷ ইতিমধ্যে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে শিলাদিত্যই ৷

8. UNSC এজেন্দা সন্দৰ্ভত একেলগে কাম কৰিব ভাৰত আৰু ভিয়েটনামে

UNSC এজেন্দাৰ বাবে একেলগে কাম কৰিব ভাৰত আৰু ভিয়েটনামে ৷ বৃহস্পতিবাৰে অনুষ্ঠিত এক দ্বিপাক্ষিক আলোচনাত ভাৰত আৰু ভিয়েটনামে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

9. সম্পত্তিক কেন্দ্ৰ কৰি হায়দৰাবাদত পত্নীয়ে হত্যা কৰিলে স্বামীক

সম্পত্তিক কেন্দ্ৰ কৰি স্বামীৰ বন্ধুৰ সৈতে মিলি হত্যা কৰিলে স্বামীক । যোৱা ৮ ফেব্ৰুৱাৰীত বন্ধুৰ সৈতে মিলি পত্নীয়ে হত্যা কৰে স্বামীক । সম্প্ৰতি আৰক্ষীৰ জেৰাত দুই হত্যাকাৰী ।

10. দিল্লীৰ পৰা 1200 কিলোমিটাৰ খোজকাঢ়ি ঝাৰখণ্ডত উপস্থিত এগৰাকী শ্ৰমিক

দিল্লীৰ পৰা 1200 কিলোমিটাৰ খোজকাঢ়ি নিজ ঘৰ ঝাৰখণ্ডত উপস্থিত হ’ল বৰজোম বামদা পাহাড়ীয়া নামৰ এজন লোক ৷ এগৰাকী চাকৰীৰ এজেন্টে তেওঁক দিল্লীত কামৰ যোগাৰ কৰি দিব বুলি ফুচুলাই ঝাৰখণ্ডৰ পৰা লৈ গৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.