দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি-
টপ গ'ল্ড সন্মানেৰে সন্মানিত জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰা
ইটালীৰ Foto Arte এ আয়োজন কৰা বিশ্বমানৰ ফটোগ্ৰাফী প্ৰতিযোগিতাত টপ গ'ল্ড সন্মানেৰে সন্মানিত হ'ল ডিব্ৰুগড়ৰ জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰা ৷
মৰিগাঁৱত নিখোজ কেৰালাৰ মহিলা
কৰ্মসূত্ৰে কেৰালাত থকা অসমৰ যুৱকৰ সৈতে পলাই যায় কেৰালাৰ এগৰাকী 3 মহীয়া সন্তানৰ মাতৃ ৷ মৰিগাঁৱলৈ আহি নিখোজ হৈ পৰে মহিলাগৰাকী ৷
পাঠশালাৰ নলীপাৰাত দুৰ্ঘটনাগ্ৰস্ত স্কুল ভান
বজালী জিলাৰ পাঠশালাৰ নলীপাৰাত শোচনীয় পথৰ বাবে দুৰ্ঘটনাত পতিত হ’ল এখন স্কুল ভান ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল পাঠশালাৰ শিক্ষা তীৰ্থ একাডেমীৰ 14 গৰাকী ছাত্ৰ-ছাত্ৰী ৷
বাতিল কৰক সাংস্কৃতিক অনুষ্ঠান: পাপৰি গগৈ
ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি শিল্পী পাপৰি গগৈৰ আহ্বান বিহু উদযাপন সমিতি আৰু শিল্পী সমাজলৈ ৷ শিল্পী গৰাকীৰ মতে, দেহা থাকিলেহে বেহা, গতিকে সাংস্কৃতিক অনুষ্ঠান কৰাৰ পৰা বিৰত থাকিব লাগে সকলোৱে ৷
ডিলাইত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
ডিলাইত গাড়ীৰ ইঞ্জিনৰ গোপন কক্ষত লুকুৱাই অনা প্ৰায় 5.5 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ ৷ এই সন্দৰ্ভত গ্ৰেপ্তাৰ এজন ড্ৰাগছ সৰবৰাহকাৰী ৷
মৰাণত প্ৰথমগৰাকী ক'ভিড আক্ৰান্তৰ মৃত্যু
মহামাৰী কৰ’ণাই ভয়াৱহ ৰূপ লৈছে ডিব্ৰুগড় জিলাত ৷ দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে সোমবাৰে ডিব্ৰুগড়ৰ বহ্মপুত্ৰ নাৰ্চিংহোমত প্ৰথমগৰাকী কৰ’ণাক্ৰান্তৰ মৃত্যু হয় ৷
টাইগাৰ-দিশা আৰু ৰণবীৰ-আলিয়াক 'নিলাজ' আখ্যা অনুৰাগীৰ
ক'ভিড-১৯ ৰ সংকটৰ সময়ত বিদেশ ভ্ৰমণৰ ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে একাংশ বলীউড তাৰকা । বিদেশত অৱসৰ বিনোদনৰ পিছত মুম্বাইলৈ উভতি অহাৰ পিছতে অনুৰাগীয়ে 'নিলাজ' আখ্যা দিলে টাইগাৰ শ্ৰুফ, দিশা পাটানি, ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটক ।
প্ৰকাশ পালে অস্কাৰ 2021ৰ বঁটা বিজয়ীসকলৰ নাম...
চলচ্চিত্ৰ নিৰ্মাতা ক্লো ঝাও, প্ৰবীণ অভিনেতা এন্থনী হপকিন্স আৰু ফ্ৰান্সেছ মেকডৰমেণ্ডে লজ এঞ্জেলছৰ ডল্বি থিয়েটাৰ আৰু ইউনিয়ন ষ্টেচন দুয়োটা স্থানতে অনুষ্ঠিত হোৱা 93 তম অস্কাৰ বঁটাত শীৰ্ষ সন্মান লাভ কৰে । প্ৰকাশ পাইছে এই বৰ্ষৰ অস্কাৰ বিজয়ীসকলৰ নাম...
ভাৰতত নতুনকৈ ৩,৫২,৯৯১ জন কৰ'ণাত আক্ৰান্ত
যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে ৩,৫২,৯৯১ গৰাকী লোক । লগতে দেশত একেদিনাই মৃত্যু হৈছে ২,৮১২ গৰাকী লোকৰ ।
কৰ'ণাতংক: শ্মশানত জ্বলিয়েই আছে চিতা
ক'ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৱে এতিয়া ভাৰতত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । শ্মশানবোৰত অহৰহ জ্বলি থকা চিতাবোৰে প্ৰমাণ দাঙি ধৰিছে মহামাৰীৰ ভয়াৱহতাৰ । আনকি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ ক্ষেত্ৰতো আহি পৰিছে বহু অসুবিধা । মৃতদেহ মাটিতে থৈ সম্পন্ন কৰা হৈছে শেষকৃত্য । মধ্য প্ৰদেশ, দিল্লী আদিৰ দৰে ঠাইত অক্সিজেনৰ অভাৱত চটফটাইছে ক'ভিড ৰোগীয়ে ।