ETV Bharat / state

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP10 @ 9 AM saturday

পুৱাৰ 9 বজাৰ দহটা শীৰ্ষ বাতৰি ..

TOP10 @ 9 AM
পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Jul 11, 2020, 9:06 AM IST

বিশ্বৰ ভিন্ন দেশত COVID-19ৰ শেহতীয়া তথ্য

বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে চীন দেশৰ ৱুহান চহৰত সূত্ৰপাত হৈছিল বিশ্ব ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা মহামাৰীৰ ৷ এই মহামাৰীৰ ক্ৰমবৰ্ধমান সম্প্ৰসাৰণে সম্প্ৰতি কালৰূপ ধাৰণ কৰিছে সমগ্ৰ বিশ্বতে ৷ 10 জুলাইলৈ বিশ্বজুৰি এই মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে মুঠ 1,23,78,854 লৈ ৷ শুকুৰবাৰৰ দিনটোত সমগ্ৰ বিশ্বতে মুঠ 2,23,449 গৰাকী লোকৰ দেহত নতুনকৈ ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷

COVID-19: ভাৰতৰ সামগ্ৰিক স্থিতি

সমগ্ৰ ভাৰতবৰ্ষতে কৰ'ণা মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে 793802 গৰাকীলৈ ৷ 10 জুলাইলৈ দেশত মৃতকৰ সংখ্যাও বৃদ্ধি পাইছে মুঠ 21604 গৰাকীলৈ ৷ বৰ্তমানেও দেশত 276685 গৰাকী সক্ৰিয় আক্ৰান্ত লোক থকাৰ বিপৰীতে এই মহামাৰীৰ পৰা এই পৰ্যন্ত অব্যাহতি লাভ কৰিছে 495513 গৰাকী লোকে ৷

মুম্বাইত ক'ভিড-19 যুদ্ধৰ প্ৰথম শাৰীৰ সৈনিক হিচাপে সন্মানিত এগৰাকী অসম কন্যা

ক'ভিড-১৯ ৰ বিৰুদ্ধে মুম্বাইত চলি থকা বিৰামহীন যুঁজখনত একনিষ্ঠ ভাবে নিজকে নিয়োজিত কৰিছে এগৰাকী অসম কন্যা চিকিৎসকে । তেওঁৰ নাম ডাঃ বৰ্ষা গদাপাণি পাঠক । ইতিমধ্যে মেধা আৰু পাৰদৰ্শিতাৰ বাবে তেওঁ দুটাকৈ সন্মানেৰে বিভূষিত হৈছে । গুৱাহাটীৰ জীয়ৰী ডাঃ বৰ্ষা ২০১২ চনত আততায়ীয়ে হত্যা ৰাজ্যৰ কৃষি বিভাগৰ এগৰাকী সুদক্ষ অভিযন্তা গদাপাণি পাঠকৰ কন্যা ৷

কোভিড 19 ত আক্ৰান্ত ৰঞ্জন দৈমাৰী

প্ৰাক্তন এনডিএফবি-ৰ অধ্যক্ষ ৰঞ্জন দৈমাৰী কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ সম্প্ৰতি গুৱাহাটীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে নেতাগৰাকীক ৷ উল্লেখ্য যে,বিগত 2008 বৰ্ষত ৰাজ্য কঁপোৱা বোমা কাণ্ডৰ মূল অভিযুক্তগৰাকী দীৰ্ঘদিনে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ হৈ আছিল ৷

ভয়াৱহ পৰিস্থিতিৰ দিশে ডিব্ৰুগড় চহৰ

শুকুৰবাৰে নিশা ডিব্ৰুগড়ৰ সমীপৰ মোহনাঘাটত ৰিং বান্ধ ভাঙি প্লাৱিত কৰে বাঢ়নী পানীয়ে ৷ চহৰখনৰ প্ৰায় দুশ পৰিয়াল বৰ্তমান পানীৰ তলত আছে । মোহনাঘাটৰ ভঙাআলিৰ সমীপত সৃষ্টি হোৱা এই পৰিস্থিতিৰ ফলত আতংকিত হৈ পৰিছে জন সাধাৰণ ৷ বাঢ়নী পানীয়ে প্লাৱিত কৰা উক্ত অঞ্চলৰ বাসিন্দাসকলে সম্প্ৰতি ভঙা ৰিং বান্ধতেই আশ্ৰয় লৈছে ৷ বিপদসীমাৰ ওপৰেৰে ব্ৰহ্মপুত্ৰৰ পানী বাগৰিব ধৰাৰ পিচতেই এই পৰিস্থিতি সৃষ্টি হৈছে ।

বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ বছৰি ১০০ কোটি টকাৰ পুঁজি আৱণ্টনৰ দাবী এবছুৰ

বিভিন্ন সমস্যাৰে জৰ্জৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত শুকুৰবাৰে এবছুৰ সভাপতি দ্বীপেন বড়োৰ নেতৃত্বত আঠজনীয়া প্ৰতিনিধি দল উপস্থিত হৈ বিশ্ববিদ্যালয়খনৰ সমস্যা সম্পৰ্কত উপাচাৰ্য এল এল সিঙৰ সতে এক বৈঠকত মিলিত হয় । বড়োলেণ্ড বিশ্ববিদ্যালয়ে ১২ বি ষ্টেটাছ পোৱা সত্বেও আন্তঃগাঁথনি , পৰ্যাপ্ত পৰিমানে শিক্ষক-কৰ্মচাৰী নথকাৰ বিষয়ে সদৰি কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে বিশ্ববিদ্যালয়খনত বাংলা, নেপালী আৰু হিন্দী বিষয়ত মাতৃভাষা পাঠ্যক্ৰম মুকলি কৰিবলৈ দাবী উত্থাপন কৰিছে ।

একেলগে বহু কেইটা শূন্য পোৱা দল হ'ব আছু : জয়ন্ত মল্ল বৰুৱা

নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ বিস্ফোৰক মন্তব্য ৷ কৰ'ণাৰ মাজতে এতিয়া আৰম্ভ হৈছে বাক্যবানৰ নতুন যুঁজ। এইবাৰ আছুক কটাক্ষ পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ । শুকুৰবাৰে নলবাৰীত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জয়ন্ত মল্ল বৰুৱাই কয়, চান্দা পাৰ্টিয়ে আগতে ৰাইজৰ কাম কৰক । তাৰ পাচত দল খুলিব ।

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সমূহীয়া দোৱা

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত শুকুৰবাৰে বিলাসীপাৰাত অভিনৱ প্ৰতিবাদ ৷ ধুবুৰী জিলা আৰু কাঠালদি আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গৌৰাং নৈৰ বাকৰিত সাব্যস্ত কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ৷ নৈৰ বাকৰিত জিলা খনৰ একাংশ ছাত্ৰ নেতা-কৰ্মীৰ লগতে স্থানীয় ৰাইজে হাতে হাতে প্লে' কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

নাওবৈচাৰ চমুৱা গাঁৱত কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকা

লখিমপুৰ জিলাৰ নাওবৈচাৰ চমুৱা গাঁৱত আৰম্ভ হৈছে কৰ’ণাৰ সামাজিক সংক্ৰমণ ৷ গাঁও খনৰ কেইবাটি পৰিয়ালৰ সদস্যৰ দেহত পোৱা গৈছে কোভিড-19 ৰ অৱস্থিতি ৷ ইতিমধ্যে একেটা পৰিয়ালৰ ৬ জন সদস্য আক্ৰান্ত হৈছে ৷ ধেমাজিৰ বিশাল মেগামাৰ্টৰ কৰ্মচাৰী কৰ’ণা পজিটিভ ভূপেন শইকীয়াৰ ঘৰ এই গাঁৱখনত ৷

চৰাইদেউত পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ

শিৱসাগৰ জিলাৰ সোণাৰিত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ পাৰিবাৰিক কন্দলৰ পৰিণতিত এগৰাকী ব্যক্তিয়ে লাঠীৰে প্ৰহাৰ কৰাৰ ফলত মৃত্যুমুখত পৰে পুত্ৰ ৷ পুত্ৰক মৰিয়াই হত্যা কৰাৰ পিছত ভীম বাহাদুৰ নেৱাৰ নামৰ ব্যক্তিগৰাকীয়ে সোণাৰি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.