ETV Bharat / state

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি - TOP10 @ 3PM

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

TOP10 @ 3PM
তিনি বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Aug 18, 2020, 3:11 PM IST

স্বাস্থ্যৰ কোনো পৰিৱৰ্তন হোৱা নাই প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ

স্বাস্থ্যৰ কোনো পৰিৱৰ্তন হোৱা নাই প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ৷ সম্প্ৰতি তেখেতক ভেন্টিলেটৰত ৰখাৰ কথা ব্যক্ত কৰিছে আৰ্মী হাস্পতাল কৰ্তৃপক্ষই ৷ আনহাতে, তেখেতৰ গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত মাপকাঠিসমূহ সুস্থিৰ অৱস্থাত থকা বুলিয়ে জানিবলৈ দিছে হাস্পতাল কৰ্তৃপক্ষই ৷

মন্ত্ৰী চন্দন ব্ৰহ্মৰ জন্মই হৈছে ঠগিবলৈ : নিৰ্মল কুমাৰ ব্ৰহ্ম

কৰ’ণা ভাইৰাছৰ মাজতে বিটিচিত আৰম্ভ হৈছে নিৰ্বাচনী কোচকাৱাজ ৷ পৰিস্থিতি কিছু উন্নত হ’লেই আৰম্ভ হোৱাৰ সম্ভাৱনা বিটিছি পৰিষদীয় নিৰ্বাচন ৷ সমান্তৰালকৈ ১৬ নং নিচিমা সমষ্টিটো প্ৰচাৰ আৰম্ভ কৰিছে ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই ৷

জম্মু-কাশ্মীৰৰ ছোপিয়ানত নিৰাপত্তা বাহিনীৰ হাতত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ ছোপিয়ানত নিৰাপত্তা বাহিনীৰ জালত নতুনকৈ সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰা সন্ত্ৰাসবাদী। ছোপিয়ান জিলাৰ মালদেৰা অঞ্চলৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে এতিয়াও সন্ত্ৰাসবাদীটোৰ পৰিচয় দিয়াৰ পৰা বিৰত আছে যদিও তদন্ত অব্যাহত ৰাখিছে।

বিশুদ্ধ খোৱাপানীৰ অভাৱত দিন কটাইছে বাক্সাৰ ২ নং ডোঙাৰ গাঁওবাসীয়ে

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ২ নং ডোঙাৰগাঁৱত পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ । এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গঞা ৰাইজ । চৰকাৰৰ অভিলাষী আঁচনি সমূহে ঢুকি নোপোৱা ২নং ডোঙাৰগাঁওবাসীয়ে চলিত বৰ্ষত ইতিমধ্যে বানত ঘৰৰ ভেটি মাটি হেৰুৱাবলগীয়া হৈছিল ।

৬৮ সংখ্যক 'মন কী বাত' : দেশবাসীৰ পৰা উপদেশ বিচাৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে

চলিত মাহৰ ৩০ তাৰিখে প্ৰচাৰিত হ'বলগীয়া ৬৮ সংখ্যক 'মন কী বাত'ৰ বাবে দেশবাসীৰ পৰা উপদেশ বিচাৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে। অনাতাঁৰ কেন্দ্ৰযোগে প্ৰতি মাহে প্ৰচাৰিত 'মন কী বাত' অনুষ্ঠানত প্ৰথমবাৰৰ বাবে ভাৰতৰ জনতাৰ পৰা উপদেশ বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰতি মাহৰ শেষৰটো দেওবাৰে প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' অনুষ্ঠান অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ কৰা হয়।

লক ডাউনৰ মাজতে গোলাঘাটত ড্ৰাগছৰ ৰমৰমীয়া বেহা

গোলাঘাটত ড্ৰাগছৰ ৰমৰমীয়া বেহা অৱ্যাহত। গোলাঘাট নগৰৰ বিভিন্ন স্থানত ড্ৰাগছৰ ব্যৱসায় পুনৰ মুকলি হোৱাত ইয়াৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে গোলাঘাট আৰক্ষী । গোলাঘাট আৰক্ষীৰ এটা দলে নগৰৰ বিভিন্ন স্থানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এগৰাকী মহিলাসহ ১০ টা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

কাছাৰত অবৈধ শিলৰ ব্যৱসায়ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

কাছাৰ জিলাৰ কাটিগড়াত অবৈধ শিলৰ ব্যৱসায়ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কালাইনচড়া চাহ বাগিছাৰ শ্ৰমিকসকলে ৷ বন বিভাগৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি কাটিগড়াৰ বিভিন্ন অঞ্চলৰ পৰা শিলৰ মাফিয়াই শিলৰ কোৱাৰীৰ পৰা অবৈধ বাবে শিলৰ খনন কৰি ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷

আহি আছে প্ৰভাসৰ নতুন ছবি

আহি আছে জনপ্ৰিয় অভিনেতা তথা তেলেগু চুপাৰষ্টাৰ প্ৰভাসৰ নতুন ছবি আদিপুৰুষ ৷ এই ছবিখনৰ নিৰ্দেশনা আগবঢ়াইছে ঔম ৰাৱতে ৷

এইমছত ভৰ্তি গৃহমন্ত্ৰী অমিত শ্বাহ

মঙলবাৰে হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে দিল্লীস্থিত এইমছত ভৰ্তি কৰোৱা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ৷ শ্বাস-প্ৰশ্বাসৰ অসুবিধাত ভুগিছে বুলি জানিব পৰা গৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷

মানৱসম্পদ উন্নয়ণ মন্ত্ৰণালয়ক "শিক্ষা মন্ত্ৰণালয়"ৰে নামাকৰণৰ অনুমতি ৰাষ্ট্ৰপতিৰ

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সোমবাৰে মানৱ সম্পদ উন্নয়ণ মন্ত্ৰণালয়ক শিক্ষা মন্ত্ৰণালয় হিচাপে নামাকৰণ কৰিবৰ বাবে সন্মতি প্ৰদান কৰে ৷ সোমবাৰে চৰকাৰী বিজ্ঞপ্তিৰ জৰিয়তে সদৰি কৰে এই কথা ৷ আনহাতে, বিষয় সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে বিগত সপ্তাহতে মঞ্জুৰী প্ৰদান কৰে বুলি উল্লেখ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.