COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
ভাৰতৰ COVID-19 আত্ৰান্তৰ সংখ্য়া 18 লক্ষাধিক লোকলৈ বৃদ্ধি পালে ৷ 2 আগষ্টলৈ দেশজুৰি প্ৰায় 2 কোটি লোকৰ COVID পৰীক্ষণ সমাপন কৰা হৈছে ৷
Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য
কৰ’ণা ভাইৰাছৰ বাবে পুনৰাই লক ডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰোড্ৰিগ’ দুৰ্তেতেই ৷ ৰাষ্ট্ৰপতিগৰাকীৰ মুখপাত্ৰ হেৰী ৰোকেয়ে সোমবাৰে 12 মিলিয়নৰো অধিক ব্যক্তিৰ বসতিস্থল মেনিলাত পাঁচজনতকৈ অধিক ব্যক্তি জুম বান্ধি থকাৰ ক্ষেত্ৰত জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা ৷
জম্মু-কাশ্মীৰ অপহৰণ কাণ্ড: অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ সেনা জোৱান শ্বাকিৰৰ বাহন
সোমবাৰে কুলগাম জিলাত জ্বলা অৱস্থাত উদ্ধাৰ হয় অপহৃত জন্মু-কাশ্মীৰৰ প্ৰাদেশিক সেনা জোৱান শ্বাকিৰ মঞ্জুৰ ৱাঘায়ৰ বাহন ৷ উল্লেখ্য যে, মঞ্জুৰে ঈদ উদযাপন কৰি ঘৰৰ পৰা উভতি অহা অৱস্থাত অচিনাক্ত সন্ত্ৰাসবাদীয়ে ঘেৰি ধৰি বাহন জ্বলাই দিয়ে সেনা জোৱান শ্বাকিৰৰ ৷
বিধায়ক পদ্ম হাজৰিকাক সমালোচনা ৰূপজ্যোতি কুৰ্মীৰ
সোমবাৰে বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ সাহায্য বিতৰণস্থলীৰ পৰাই বিধায়ক পদ্ম হাজৰিকা আৰু শাসনাধীন চৰকাৰখনৰ বিৰুদ্ধে সমালোচনামূলক মন্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে ৷
নতুন শিক্ষানীতিয়ে কি প্ৰভাৱ পেলাব ৰাজ্যৰ শিক্ষাখণ্ডত ?
কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নতুন শিক্ষানীতি সন্দৰ্ভত ৰাইট টু এডুকেছন ফ'ৰামৰ আহ্বান মুকুটলোচন কলিতা আৰু বিশিষ্ট শিক্ষাবিদ ডঃ দীনেশ বৈশ্যৰ ৷
মাজুলীত বাঁহৰ দলং ভাগি বাঢ়নী পানীত উটি গ'ল লোক
এখন জৰাজীৰ্ণ বাঁহৰ দলং ৷ সেই দলঙৰ ওপৰৰ পৰাই প্ৰায় 20 গৰাকী লোকে চাপৰিৰ পৰা গৰুৰ ঘাঁহ আনি থকা সময়তে, বাঢ়নী পানীৰ সোঁতত ডুব যোৱা এখন নাও উদ্ধাৰৰ বাবে চলাইছে আপ্ৰাণ চেষ্টা ৷
কলগাছিয়াত কংগ্ৰেছ দলে পালন কৰিছে প্ৰতাৰণা দিৱস
সমগ্ৰ দেশত আজি প্ৰতাৰণা দিৱস পালন কৰিছে কংগ্ৰেছ দলে ৷ সমান্তৰালভাৱে জনীয়াৰ কলগাছিয়াতো এই প্ৰতাৰণা দিৱস পালন কৰা পৰিলক্ষিত হয় ৷
ধলাই-মিজোৰাম সীমান্তত লক্ষাধিক টকাৰ কাঠ জব্দ বন বিভাগৰ
দেওবাৰে নিশা কাছাৰৰ ধলাই-মিজোৰাম আন্তঃৰাজ্যিক সীমান্তত বন বিভাগে অভিযান চলাই জব্দ কৰে 3 লাখ টকাৰ চেগুণ কাঠ ৷ ঘটনাৰ সন্দেহত বদৰপুৰ বাদে মহাকল গাঁৱৰ আহমেদ আলী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে বন বিভাগে ৷
খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰক: পাৰ্থপ্ৰতিম বৰা
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সম্পাদক তথা এনএছইউআই-ৰ প্ৰাক্তন ৰাজ্যিক সভাপতি পাৰ্থপ্ৰতিম বৰাই সোমবাৰে এক সংবাদমেল সম্বোধন কৰে ৷
ৰাজ্যত সৰ্প দংশনত মৃত্যু এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকীৰ নাম জেনী বেগম । ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি,নলবাৰীৰ মেৰকুছীত বিয়া হোৱা জেনী বেগমক দেওবাৰে সন্ধিয়া সাপে দংশন কৰে ৷