দিখৌমুখত বানৰ সংহাৰী ৰূপঃ জলমগ্ন 10 খনৰো অধিক গাওঁ
আমগুৰি সমষ্টিৰ আলিমূৰ,বৰগাঁও,পুৰণিগুডাম, তেলিয়াডোঙা, ৰূপহীমুখ মিছিং গাঁও,ৰূপহীমুখ কুমাৰ গাঁও,স'ৰাগুৰি চাপৰিৰ বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে বানৰ কবলত ৷ ইয়াৰ মাজতে, শিৱসাগৰ জিলা সদৌ অসম ছাত্ৰ সন্থাৰ এটি দলে বানবিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷
গোৰেশ্বৰৰ নাওকাটাত বানৰ বিভীষিকা
ৰাজ্যৰ চতুৰ্থটো বানত ইতিমধ্যে বুৰ গৈছে বিস্তীৰ্ণ অঞ্চল ৷ ভূটান পাহাৰৰ পৰা বৈ অহা দেউচুঙা আৰু পুঠিমাৰী নৈৰ বাঢ়নি পানীয়ে গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱক প্লাবিত কৰিছে ৷
জনিয়াত বানৰ ভয়াৱহ ৰূপঃ গড়কাপ্তানী পথৰ ওপৰেৰে বাগৰিছে পানী
দেওবাৰে পুৱতি নিশা হঠাৎ অহা বানে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰে জনিয়া সমষ্টিৰ লাচাংগা গাঁৱত ৷ কলগাছিয়া-টেঙাগাঁও গড়কাপ্তানী পথৰ ওপৰেদি পানী বৈ যোৱাত আৰু লাচাংগা-মোৱামাৰী পথখন কেবা ঠাইত ছিঙি যায় ৷
মাৰ্ঘেৰিটাত বানে বুৰালে কেইবাখনো গাঁও
মাৰ্ঘেৰিটা সমষ্টিৰ কুমচাইটত বানৰ সংহাৰী ৰূপ । প্লাৱিত হৈছে কেইবাখনো গাওঁ । ইতিমধ্যে বানত বুৰ গৈছে বহু কৃষকৰ কৃষি ভূমি আৰু পশুধন ৷
বকো নদীত সন্ধানহীন কৃষক
বকোৰ মেধিপাৰাত বকো নদীত সন্ধানহীন এজন খেতিয়ক ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মেধিপাৰা গাৱঁৰ কাষতে থকা গোপ্তা পথাৰত দেৱেশ্বৰ দাস নামৰ ৬৫ বছৰীয়া লোকজনে কাম কৰিবলৈ গৈ নৈ পাৰ হৈ ঘৰমূৱা হওতেই নদীৰ মাজত বিলীন হৈ যায় ।
এইবাৰ জয়ন্ত মল্ল বৰুৱাক ওভতি ধৰিছে মৰিগাওঁ আছুৱে
ৰাজ্যৰ পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাক ওভতি ধৰিলে আছুৱে । শনিবাৰে মৰিগাঁৱত এক সংবাদমেল সম্বোধন কৰি নলবাৰীত কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিলে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য উৎপল শৰ্মাই ।
দেওবাৰে হ'ব মধ্যপ্ৰদেশ মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ
বিগত 2 জুলাইত মধ্যপ্ৰদেশ মন্ত্ৰীসভাৰ 28গৰাকীকৈ মন্ত্ৰীয়ে শপতগ্ৰহণ কৰিছিল ৷ শপতগ্ৰহণ কৰা মন্ত্ৰীসকলৰ অধিকাংশই জ্যোতিৰাদিত্য সিন্ধিয়াৰ গোটৰ আছিল আৰু শপতগ্ৰহণৰ 9 দিনৰ অন্তত দেওবাৰে নিজৰ নিজৰ দপ্তৰ লাভ কৰিব এইসকল মন্ত্ৰীয়ে ৷
মহামাৰীৰ মাজতো দক্ষিণ চীন সাগৰত চীনৰ আগ্ৰাসী নীতি
বিগত বৰ্ষত চীনৰ ৱুহান চহৰত উৎপত্তি হোৱা ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই যুঁজ দি থকাৰ সময়তে দক্ষিণ চীন সাগৰত আগ্ৰাসী মনোবৃত্তিৰে বেইজিঙে আন্তঃৰাষ্ট্ৰীয় ধৈৰ্যৰহে যেন পৰীক্ষা লৈছে। এই দক্ষিণ চীন সাগৰকলৈ কেইবাখনো দেশৰ সৈতে চীনৰ সংঘাত অব্যাহত আছে ।
চীনৰ ঋণৰ জালৰ কূটনীতি
ঋণ প্ৰদানৰ কূটনীতি বা ইংৰাজীত “Debt Trap Diplomacy” বাক্যাংশ ২০১০ ৰ দশকৰ প্ৰথমছোৱাত বিশ্বৰ আগশাৰীৰ লেখক তথা বিশ্লেষক ব্ৰহ্মা চেলানীয়ে পোন প্ৰথমে ব্যৱহাৰ কৰিছিল । আফ্ৰিকাৰ দেশসমূহক উন্নয়নমূলক প্ৰকল্পৰ বাবে চীনৰ ঋণ প্ৰদানৰ নীতিৰ ক্ষেত্ৰত প্ৰথমতে ইয়াক ব্যৱহাৰ কৰা হৈছিল যদিও বৰ্তমান সমগ্ৰ পৃথিৱীতে চীনৰ ঋণক বুজাবলৈ এই বাক্যাংশ ব্যৱহাৰ কৰা হয় ।
ঐশ্বৰ্য, আৰাধ্যা আৰু জয়া বচ্চন কৰ'ণা নিগেটিভ
মেগাষ্টাৰ অমিতাভ বচ্চন আৰু তেওঁৰ পুত্ৰ অভিষেক বচ্চনৰ শৰীৰত শনিবাৰে ধৰা পৰিল কৰ'ণাৰ অৱস্থিতি ৷ পুত্ৰ অভিষেক বচ্চনৰো কৰ'ণা পজিটিভ পোৱাৰ পিছত দেওবাৰে ফলাফল আহিল পত্নী জয়া বচ্চন,বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্যা বচ্চনৰ ৷ তিনিওগৰাকীৰে ফলাফল নিগেটিভ অহাত কিছু সকাহ অনুভৱ কৰিছে অনুৰাগীয়ে ৷