আজি ১৫ খন ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
প্ৰধানমন্ত্ৰী গৰাকীয়ে ১৫ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে জম্মু-কাশ্মীৰৰ প্ৰতিনিধিৰ সৈতেও মত-বিনিময় কৰিব বুলি জানিবলৈ দিয়ে । মহাৰাষ্ট্ৰ, পশ্চিম বংগ, দিল্লী, কৰ্ণাটক, গুজৰাট, বিহাৰ, উত্তৰ প্ৰদেশকে ধৰি কৰ'ণাৰ দ্বাৰা অধিক ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মত-বিনিময় কৰিব বুলি সদৰি কৰে ।
হিমাচল প্ৰদেশৰ লাহৌল-স্পিটী, কিন্নাউৰ সীমান্তৰ জিলাসমূহত হাইএলাৰ্ট
লাডাখৰ গলৱান উপত্যকাত ভাৰত আৰু চীনা সৈন্যৰ মাজৰ সংঘৰ্ষৰ ফলত দুয়ো পক্ষৰে বহুকেইজন জোৱানে প্ৰাণ হেৰুওৱাৰ ফলত হিমাচল প্ৰদেশ প্ৰশাসনক জাৰি কৰা হৈছে হাই এলাৰ্ট ৷
অসমত ৪,৫১০ লৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্যা
মঙলবাৰ পৰ্যন্ত অসমত COVID-19 ত আক্ৰান্ত হৈছে ৪,৫১০ গৰাকী লোক । বিপৰীতে আৰোগ্য হৈ উঠিছে ২,৪১১ গৰাকী লোক ।
গালৱান ভেলীৰ পৰা সৈনিক প্ৰত্যাহাৰ ভাৰত-চীনৰ
লাডাখৰ গালৱান ভেলীত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিস্থিতিৰ পিচতেই ভাৰত-চীনে প্ৰত্যাহাৰ কৰিলে সেনা বাহিনী ৷ গালৱান ভেলীত ভাৰতৰ প্ৰায় 20 গৰাকী সেনা শ্বহীদ হোৱাৰ বিপৰীতে চীনৰ প্ৰায় 45 গৰাকী সেনা শ্বহীদ হোৱাৰ খবৰ লাভ কৰা হৈছে ৷
ভাৰতীয় সেনাৰ বিৰুদ্ধে প্ৰৰোচনামূলক আক্ৰমণৰ অভিযোগ চীনৰ
বেইজিঙে নতুন দিল্লীক অভিযোগ কৰি ভাৰতীয় সেনাই সীমান্তত প্ৰৰোচনামূলকভাৱে আক্ৰমণ কৰা বুলি উল্লেখ কৰে । ভাৰতীয় সেনাই দুবাৰকৈ সীমান্ত উলংঘা কৰি ভিতৰত প্ৰৱেশ কৰে, যাৰ ফলত দুয়ো দেশৰ সেনাৰ মাজত হতাহতিৰ হয় বুলি উল্লেখ কৰে ।
7 জুলাইৰ ভিতৰত বাঘজানৰ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাব অইল কৰ্তৃপক্ষই
বাঘজান তৈল খাদৰ জুই নিয়ন্ত্ৰণৰ বাবে অইল ইণ্ডিয়াই গ্ৰহণ কৰিছে পদক্ষেপ ৷ বিদেশৰ ছজনীয়া এলাৰ্ট বিশেষজ্ঞৰ দল আৰু অ' এন জি চিৰ দলে 24 ঘন্টাই অহৰহভাৱে জুই নিয়ন্ত্ৰণৰ দিশে বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।
জয়ন্ত বৰাৰ মৃত্যুক লৈ আলফা স্বাধীনৰ প্ৰতিক্ৰিয়া
সেনাৰ আবেষ্টনীৰ মাজত জয়ন্ত বৰা নামৰ যুৱকজনৰ মৃত্যু হোৱাক লৈ আলফা(স্বাঃ)ৰ প্ৰতিক্ৰিয়া ৷ বৰহোলা আৰক্ষী থানাৰ অন্তৰ্গত বালিজান গাভৰু আলিৰ জয়ন্ত বৰা আলফাৰ সৈতে সংযুক্ত থকা বুলি সেনা-আৰক্ষীয়ে প্ৰচাৰ কৰা খবৰক সম্পূৰ্ণৰূপে নসাৎ কৰিছে আলফা স্বাধীনে ৷
টিকটকত ভিডিঅ' বনাই যুৱতীৰ আত্মহত্যা
নলবাৰীত মঙলবাৰে ৰেলৰ আগত পৰি আত্মহত্যা কৰে এগৰাকী যুৱতীয়ে ৷ আত্মহত্যা কৰাৰ পূৰ্বে সামাজিক মাধ্যম টিকটকত বহুকেইটা ভিডিঅ' বনাইছিল বন্দনা কলিতা নামৰ যুৱতীগৰাকীয়ে ৷
মণিপুৰৰ শ্বহীদ সেনা জোৱান লুঙ্গাম্বুই আবনেমীক শেষ শ্ৰদ্ধাঞ্জলী ভাৰতীয় সেনাৰ
১৫ জুনত মণিপুৰৰ ইম্ফলৰ পশ্চিম জিলাৰ বাসিন্দা তথা ভাৰতীয় সেনাৰ শ্বহীদ সেনা লুঙ্গাম্বুই আবনেমীক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় । ১৩ জুনত জম্মু-কাশ্মীৰৰ LOC বৰ্ডাৰৰ দায়িত্ব সম্পাদন কৰি থকাৰ সময়ত মৃত্যু হয় সৈনিকজনৰ ।
'ৰাজীৱ গান্ধী খেল ৰত্ন'ৰ বাবে হিমা দাস আৰু 'অৰ্জুন বঁটা'ৰ বাবে মনোনীত লাভলীনা
দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্নৰ বাবে মনোনীত 'ধিং এক্সপ্ৰেছ' খ্যাত স্বৰ্ণ কন্যা হিমা দাসৰ নাম । আনহাতে, লাভলীনা বৰগোঁহাইক অৰ্জুন বঁটাৰ বাবে মনোনীত কৰিছে অসম চৰকাৰে ।