ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি - ধন বিলোৱাৰ অভিযোগ

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

top10-7pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Apr 6, 2021, 7:00 PM IST

পত্নী-পুত্ৰক লগত লৈ ভোটাধিকাৰ সাব্যস্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যৰ 12 খন জিলাৰ 40 টা সমষ্টিত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ মুঠ 204414 গৰাকী ভোটাৰে ভাগ্য নিৰ্ধাৰণ কৰিবলগীয়া অতি চৰ্চিত সমষ্টি জালুকবাৰী সমষ্টিত পত্নী আৰু পুত্ৰৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাতিপুৱাৰে পৰা ভোটাৰৰ পাৰভঙা উচাহৰ মাজতে ভোটাৰৰ দীঘলীয়া শাৰীত থিয় হৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে মন্ত্ৰী গৰাকীয়ে ৷

কোন দলে সংখ্যা গৰিষ্ঠতা লাভ কৰিব এই নিৰ্বাচনত ? এক বিশ্লেষণ...

গণতন্ত্ৰৰ বৃহৎ উৎসৱ জনাদেশৰ ইতিমধ্যে তৃতীয় পৰ্যায়ৰ সমাপ্তি ঘটিছে । গুণাগাঁথা চলিছে পুনৰ কোন দলে চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হ’ব । বিজেপিৰ এক শীৰ্ষ সূত্ৰৰ পৰা বাৰে বাৰে প্ৰকাশ কৰিছে যে গৰিষ্ঠ সংখ্যক আসন লাভ কৰি এই নিৰ্বাচনত জয়ী হ’ব আৰু চৰকাৰ গঠন কৰিব ৷ তাৰ বিপৰীতে কংগ্ৰেছৰ মহাজোঁটয়ে কৈছে যে এইবাৰ চৰকাৰ তেওঁলোকে গঠন কৰিব । প্ৰণৱ কুমাৰ দাসৰ এক প্ৰতিবেদন...

গুৱাহাটীৰ চাৰিটা সমষ্টিত ৫ বজালৈ ৭৪ শতাংশ ভোটদান

কামৰূপ মহানগৰ জিলাৰ চাৰিটা সমষ্টিত বিয়লি ৫ বজালৈ ৭৪ শতাংশ ভোটদান হয় । ইয়াৰ ভিতৰত জালুকবাৰীত ৭৮ শতাংশ, দিছপুৰ ৭১ শতাংশ, পূৱ গুৱাহাটী ৬৮ শতাংশ আৰু আৰু পশ্চিম গুৱাহাটী সমষ্টিত ৭৯ শতাংশ ভোটদান সম্পন্ন হয় ।

গোলকগঞ্জৰ দীঘলটাৰী ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

গোলকগঞ্জৰ দীঘলটাৰীত গুলি চালনাৰ ঘটনা ৷ ২০৮ নং দীঘলটাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত দুটা ফৈদৰ মাজত সংঘৰ্ষ ৷ ভোটদানৰ বাবে চৰকাৰীভাৱে প্ৰদান কৰা মাস্কৰ ভিতৰত থকা তামৰ তাঁৰে ৰাজনৈতিক দলক উপকৃত কৰিব বুলি চলা অপ প্ৰচাৰক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে শূন্যলৈ গুলি চলাবলৈ বাধ্য হয় ৷

বিতৰ্কিত লেখিকা শিখা শৰ্মাক গ্ৰেপ্তাৰ

দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লেখিকা শিখা শৰ্মাক । দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদৰ প্ৰসংগত শিখা শৰ্মাই বিৰ্তকিত মন্তব্য কৰিছিল আৰু ইয়াকে লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বিভিন্নজনে শিখা শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল ।

উৰাবাতৰি : ধুবুৰীৰ গুটিপাৰা ভোটকেন্দ্ৰত উত্তেজনা, স্থগিত ভোটগ্ৰহণ !

ৰাজ্যজুৰি চলি থকা ভোটগ্ৰহণৰ মাজতে পশ্চিম বিলাসীপাৰাৰ গুটিপাৰা ভোট কেন্দ্ৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ভোট কেন্দ্ৰত যোগান ধৰা বিনামূলীয়া মাস্কক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ ।মাস্কৰ ভিতৰত থকা তামৰ তাঁৰৰ বাবে ভোট এটা চিহ্নত দিলে আন এটা চিহ্নত পৰে গৈ বুলি ভুল ধাৰণা একাংশ ভোটাৰৰ মাজত বিয়পাই দিয়ে কোনে দুষ্ট চক্ৰই । যাৰ পাছতে সাধাৰণ ভোটাৰৰ মাজত সৃষ্টি হয় উত্তেজনাৰ ৷

ড৹ মনমোহন সিঙে আৰু ভোট নিদিয়ে দিছপুৰত

ভি ভি আই পি ভোটকেন্দ্ৰৰ মৰ্যদা হেৰুৱালে দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৷ বিগত বিশ বছৰ জুৰি এই ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰি অহা প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং আৰু তেওঁৰ পত্নী গুৰুচৰণ কৌৰে আৰু ভোট নিদিয়ে এই কেন্দ্ৰত ৷ সম্প্ৰতি দিল্লীৰ ভোটদাতা ড৹ সিং আৰু তেওঁৰ পত্নীয়ে 2019 চনৰ লোকসভা নিৰ্বাচনত শেষবাৰৰ বাবে ভোটদান কৰিছিল এই কেন্দ্ৰত ৷

বিৰোধী দলে ভোটাৰৰ মাজত ধন বিলোৱাত শংকিত প্ৰমিলাৰাণী !

30 নং পুৱ কোকৰাঝাৰ (জনজাতি) বিধানসভা সমষ্টিত বিৰোধী দলে ভোটাৰৰ মাজত ধন বিলোৱাৰ অভিযোগ উত্থাপন কৰিছে সমষ্টিটোৰ বিপিএফ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মই ৷ তদুপৰি কোকৰাঝাৰৰ আৰক্ষী প্ৰশাসনেও ইউপিপিএল দলৰ মানুহক হে সহায় কৰি আছে বুলি অভিযোগ কৰে নেত্ৰীগৰাকীয়ে ৷

ছয়গাঁৱৰ এটা ভোটকেন্দ্ৰত ইভিএম বিকল

কামৰূপ জিলাৰ ৪৯ নং ছয়গাঁও সমষ্টিত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে ৷ কিন্ত ১৬৮ নং নোৱাপাৰা সোঁ-শাখা ভোটগ্ৰহণ কেন্দ্ৰটোত ইভিএম মেচিন বিকল হৈ পৰাত দুঘণ্টা পলমকৈ ভোটগ্ৰহণ আৰম্ভ হয় ৷ অৰ্থাৎ কেন্দ্ৰটোত ইভিএম মেচিন বিকল হৈ পৰাত ৭ বজাৰ সলনি ৯ বজাৰ পৰাহে ভোটগ্ৰহণ আৰম্ভ হয় ৷ যাৰ ফলত পুৱাৰ পৰা ভোটদানৰ বাবে শাৰী পাতি ৰৈ থকা ভোটাৰসকল ক্ষোভিত হৈ পৰিছে ৷

জালুকবাৰীৰ কেইবাটাও কেন্দ্ৰত ইভিএমৰ বিসংগতি

তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত জালুকবাৰী সমষ্টিত কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিসংগতি । এই বিসংগতিৰ বাবে ২-৩ ঘণ্টা পলমকৈ আৰম্ভ হয় ভোটদান প্ৰক্ৰিয়া । সমষ্টিটোত ভাগ্য নিৰ্ণয় হ'ব মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মুঠ ৫ গৰাকী প্ৰাৰ্থীৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.