ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Jun 24, 2021, 9:12 AM IST

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 9 am
9 বজাৰ শীৰ্ষ দহটা বাতৰি

সকলোৰে দৃষ্টি নিবদ্ধ প্ৰধানমন্ত্ৰীৰ সৰ্বদলীয় বৈঠকলৈ

বৃহস্পতিবাৰে নতুন দিল্লীত জম্মু-কাশ্মীৰৰ 14 গৰাকী শীৰ্ষ ৰাজনীতিবিদৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া সৰ্বদলীয় বৈঠকৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ আছে । 2019 চনৰ 15 আগষ্টত অনুচ্ছেদ 370 আৰু অনুচ্ছেদ 35 (A) বাতিল কৰাৰ পাচত এইখনেই হ'ব প্ৰথমখন সৰ্বদলীয় বৈঠক ৷

No vaccine no salary: মুখ্য সচিবৰ নিৰ্দেশ

এতিয়াৰে পৰা প্ৰথম শাৰীৰ ক'ভিড যোদ্ধা হিচাপে কাম কৰা চৰকাৰী চাকৰিয়ালে ক’ভিড ভেকচিন নল’লে নাপাব দৰমহা ৷ মুখ্য সচিব জিষ্ণু বৰুৱাই বুধবাৰে জাৰি কৰিছে এই নিৰ্দেশনা ।

জিঅ' ট্যুৰিজিমত নতুনকৈ অন্তৰ্ভূক্ত দেশৰ ৩২ খন পৰ্যটনস্থলী

জিঅ'লজিকেল ছাৰ্ভে অব ইণ্ডিয়াই (Geological Survey of India) দেশৰ ভিতৰতে ৩২ খন পৰ্যটনস্থলী জিঅ' ট্যুৰিজিমৰ(Geo Tourism) অন্তৰ্ভুক্ত কৰিছে যাতে পৰ্যটকে ক'ভিডৰ পিছত ৫০ খন নতুন জিঅ' হেৰিটেজ ঠাই(Geo heritage site) লাভ কৰিব পাৰে ।

লক ডাউনৰ মাজতে চিৰিয়াখানাত জন্ম দুটা ঘোঙৰ পোৱালি

সমগ্ৰ দেশৰ লগতে অসমতো ক’ৰণা মহামাৰীৰ প্ৰকোপ বৃদ্ধি পোৱাৰ মাজতে পশুপ্ৰেমীৰ বাবে আহিছে এটা ভাল খবৰ । শেহতীয়াকৈ ক’ভিড পৰিস্থিতিৰ মাজতে চিৰিয়াখানাত জন্ম পাইছে 2 টাকৈ ঘোঙৰ পোৱালি ৷ তাৰোপৰি এই সময়চোৱাত জন্ম পাইছে ১০ টাৰো অধিক হৰিণ পোৱালি ৷

ছেবাৰ কাৰ্যালয়ত পৰীক্ষাৰ মূল্যায়নক লৈ উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক

শিক্ষানুষ্ঠানৰ তথ্যৰ ওপৰত মূল্যায়ন কৰা হ’ব পৰীক্ষাৰ নম্বৰ । ইতিমধ্যে সকলো তথ্য সংগ্ৰহ কৰা হৈছে । আজিৰ বৈঠকত সম্পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা নহ'লে বৃহস্পতিবাৰে পুনৰ অনুষ্ঠিত হ'ব বৈঠক ।

আনন্দ মিশ্রৰ নেতৃত্বত নগাঁৱত বৃহৎ চুলাই মদৰ ঘাটি উচ্ছেদ

চুলাই মদৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান । আৰক্ষী বিষয়া কুন্দন ৰবি দাসক প্ৰশংসা আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ ।

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পাৰত চোৰাং কাঠ জব্দ

বুধবাৰে ডিব্ৰুগড় চহৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত বৃহৎ সংখ্যক চোৰাং কাঠৰ কুণ্ডা জব্দ কৰা হয় ৷ বন বিভাগে এই কাঠৰ কুণ্ডাখিনি মূল্য কেইবা লাখ টকাৰ হ'ব বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

দিল্লী সংৰ্ঘষত হত্যাৰ লগত জড়িত অভিযুক্তক আদালতৰ জামিন

2020 চনৰ 24 ফেব্ৰুৱাৰীত উত্তৰ-পূব দিল্লী (North-East Delhi)ত নাগৰিকত্ব (সংশোধনী) আইন (Citizen Amendment Act)ৰ সমৰ্থক আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হিংসাত্মক ঘটনাত 53 জন লোক নিহত হোৱাৰ লগতে 700 ৰো অধিক লোক আহত হৈছিল ৷

বিহাৰৰ দাৰভাংগা ৰে’ল ষ্টেচনত সংঘটিত বিস্ফোৰণৰ আঁৰত ISI !

বিহাৰৰ দাৰভাংগা ৰে’ল ষ্টেচনত সংঘটিত বিস্ফোৰণৰ আঁৰত ISI জড়িত থকাৰ সন্দেহ । এণ্টি টেৰ'ৰিজিম স্কোৱাডৰ (ATS) এটা দলে আইএছআই (ISI)ৰ জড়িত থকাৰ বিষয়ে জানিবলৈ বিষয়টো তদন্ত কৰি আছে ।

পুত্ৰক অট্টালিকাৰ পৰা পেলাই মাতৃৰ আত্মহত্যা

ৰেশ্মাৰ স্বামী ক’ভিড (Covid-19)ত আক্ৰান্ত হৈ মৃত্যু হৈছিল ৷ স্বামীৰ মৃত্যুৰ পাছত চুবুৰীৰ লোকে মহিলাগৰাকীক হাৰাশাস্তি কৰা আৰম্ভ কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.