সাত বজাৰ শীৰ্ষ বাতৰি...
"মা-কমলা" ফেৰীৰ মালিক পানীৰাম কলিতাক আটক
অৱশেষত আৰক্ষীৰ জালত পৰিল "মা-কমলা" নামৰ ফেৰীৰ মালিক পানীৰাম কলিতা ৷ ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পানীৰাম কলিতাক ৷
শীঘ্ৰেই অসম আৰক্ষীত হ'ব ব্যাপক সংস্কাৰ : ভাস্কৰজ্যোতি মহন্ত
এতিয়াৰে পৰা অসম আৰক্ষীৰ জোৱান-বিষয়া সকলে চুটি আৰু বদলিৰ বাবে শীৰ্ষ বিষয়াক তৈলমৰ্দন কৰিব নালাগে ৷ লগতে দুৰ্ঘটনাত পতিত হোৱা কোনো লোক দুৰ্ঘটনাৰ প্ৰমাণ পত্ৰৰ বাবে থানালৈ যোৱাৰ প্ৰয়োজন নহ’ব ৷ এই ঘোষণা কৰিছে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷
অসমৰ ১,৭০০ খন গাঁৱক "আদৰ্শ গাঁও" হিচাপে নিৰ্বাচিত কেন্দ্ৰীয় চৰকাৰৰ
ভাৰতবৰ্ষৰ ৩৬ হাজাৰখন জনজাতীয় গাঁৱক আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিবলৈ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে । এই ৩৬ হাজাৰখন গাঁৱৰ ভিতৰত অসমৰ ১,৭০০ খন গাঁও থাকিব ।
অসমৰ মাত্ৰ ১০ শতাংশ লোকেহে লাভ কৰিছে দুয়োপালি ভেকচিন
অসমৰ ৩ কোটি ৪০ লাখ লোকৰ ভিতৰৰ দুই কোটি লোকে এতিয়াও ক'ভিড ভেকচিন লাভ কৰা নাই । অসমত আজিৰ তাৰিখত দুয়োপালি ভেকচিন লোৱা লোকৰ সংখ্যা হ'ল ৩৬ লাখ । অৰ্থাৎ মুঠ জনসংখ্যাৰ মাত্ৰ ১০ শতাংশ ।
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজৰ মৃত্যু
ইহ-সংসাৰ ত্যাগ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজে ৷ 80 বছৰ বয়সত মাংগালুৰুৰ Yenepoya Hospitalত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷
গুৱাহাটী উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত অনুমোদন
গুৱাহাটী উচ্চ ন্যায়ালয়ত তিনিজন অতিৰিক্ত ন্যায়াধীশক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱত অনুমোদন ৷ মুখ্য ন্যায়াধীশ N.V. Ramana নেতৃত্বত বহা তিনিজনীয়া কলেজিয়ামে এই প্ৰস্তাৱত অনুমোদন জনায় ৷
দক্ষিণ-পূৱ চীনত পুনৰ আৰম্ভ হৈছে ক'ভিড-১৯ ৰ সংক্ৰমণ
চীন(China)ত পুনৰ ক'ভিড-১৯(COVID-19)ৰ ভয়াৱহ সংক্ৰমণ আৰম্ভ । দক্ষিণ-পূৱ চীনৰ ফুজিয়ান প্ৰদেশ(Fujian province)ত দেওবাৰৰ দিনটোত ২০ জন লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ৰ অৱস্থিতি । সমগ্ৰ দেশখনত দেওবাৰে ৪৬টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে ।
গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ভূপেন্দ্ৰ পেটেলৰ
গুজৰাটৰ ১৭ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ভূপেন্দ্ৰ পেটেলে । সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত তেওঁ শপত গ্ৰহণ কৰে ।
শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত আৰক্ষী বিষয়াৰ মৃত্যু
দেওবাৰে শ্ৰীনগৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত আঘাতপ্ৰাপ্ত নৱ নিযুক্তিপ্ৰাপ্ত আৰক্ষী উপ-পৰিদৰ্শক আৰ্শ্বিদ আহমেদ মীৰৰ মৃত্যু ৷ সন্ত্ৰাসবাদীৰ আক্ৰমণক কাপুৰুষালি আখ্যা জম্মু-কাশ্মীৰ আৰক্ষীৰ ৷ সন্ত্ৰাসবাদী যথোচিত শাস্তি দিয়াৰ হুংকাৰ জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাৰ ৷
অধিনায়ক পদ থাকিব নে বিৰাট কোহলীৰ ?
বিৰাট কোহলীয়ে এৰিব নেকি ভাৰতীয় দলৰ অধিনায়কত্ব ? আগন্তুক আইচিচি টি-২০ বিশ্বকাপত টীম ইণ্ডিয়া সফল নহ’লে বিৰাট কোহলীক সীমিত অভাৰৰ অধিনায়কৰ পৰা আঁতৰ কৰা হ’ব নেকি ? জানো আহক ৷