ETV Bharat / state

সাত বজাৰ শীৰ্ষ দহটা বাতৰি... - সাত বজাৰ শীৰ্ষ দহটা বাতৰি

সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP TEN NEWS AT 7 PM
সাত বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : May 3, 2021, 7:06 PM IST

হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত অতুল বৰা-কেশৱ মহন্ত

মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত । এই সাক্ষাৎ এক সৌজন্যমূলক সাক্ষাৎ বুলি মন্তব্য অগপৰ সভাপতি গৰাকীৰ ৷

অখিলৰ বিজয় সন্দৰ্ভত মাতৃ প্ৰিয়দা গগৈৰ প্ৰতিক্ৰিয়া

২০২১ ৰ বিধানসভা নিৰ্বাচনত কাৰাগাৰৰ পৰা প্ৰতিনিধিত্ব কৰা কৃষক নেতা তথা ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ নিৰ্বাচনী জয়ত সন্তোষ প্ৰকাশ মাতৃ প্ৰিয়দা গগৈৰ । অনাগত সময়ত সমষ্টি উন্নয়নৰ বাবে, ৰাইজৰ বাবে কৰণীয় সকলোখিনি কাম কৰিবলৈ উৎসাহ আৰু পৰামর্শ দিব বুলি জনাইছে মাতৃ গৰাকীয়ে ৷ ৰাজনীতিলৈ আহিলেও অখিলৰ নীতি আদর্শ সালসলনি নহয় বুলি ষ্পষ্টকৈ কৈছে মাতৃ প্ৰিয়দা গগৈয়ে ।

নিৰ্বাচনী বিজয়ে প্ৰভাৱিত নকৰিব অখিলৰ জামিনত

শিৱসাগৰৰ জনতাই বিজয়মালা পিন্ধালে কৃষক নেতা অখিল গগৈক ।‌‌ কিন্তু এই‌ বিজয়ে কাৰাগাৰৰ পৰা‌ উলিয়াই আনিব পাৰিবনে তেওঁক ! নে স্বাভাৱিক গতিতে আগবাঢ়িব আইনী প্ৰক্ৰিয়া ! অসমৰ প্ৰতি গৰাকী সচেতন লোকৰ মনত উত্থাপিত এই প্ৰশ্নৰ‌ উত্তৰ কি ?

সৰ্বানন্দ সোণোৱালৰ জয়ত মাজুলীত আনন্দৰ বন্যা

মাজুলী সমষ্টিত সৰ্বানন্দ সোণোৱালে জয় লাভ কৰাৰ পাচতে সমষ্টিবাসীৰ মাজত এক প্ৰকাৰ বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে ৷ সমষ্টিটোৰ পৰা বিপুল সংখ্যক ভোটত জয় লাভ কৰাৰ পাছতেই ডেকা শেনছোৱাৰ গাঁওবাসীয়ে আনন্দতে 3 হাজাৰ বন্তি জ্বলাই ক’ভিড প্ৰ’টকলৰ মাজেৰে ‘আকৌ এবাৰ সৰ্বা চৰকাৰ’ লিখি বিজয় উৎসৱ অনুষ্ঠিত কৰে ৷

ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰই দখল কৰিলে বৰক্ষেত্ৰীৰ আসন

নলবাৰী জিলাৰ 3টাকৈ সমষ্টিৰ ফলাফল ঘোষণা হ'ল দেওবাৰে ৷ তিনিটা সমষ্টিৰ ভিতৰত দুটা সমষ্টি বিজেপিৰ দখললৈ যোৱাৰ সমান্তৰালভাৱে জিলাখনৰ উল্লেখযোগ্য বৰক্ষেত্ৰী সমষ্টি আহিল কংগ্ৰেছৰ দখললৈ ৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান জেষ্ঠ কংগ্ৰেছী নেতা সদ্য প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মনৰ দখলত আছিল যদিও 2016 চনৰ নিৰ্বাচনত বিজেপিৰ দখললৈ যায় সমষ্টিটো ৷ কিন্তু, 2021ৰ বিধানসভা নিৰ্বাচনত পুনৰ সমষ্টিটো আজুৰি আনিবলৈ সক্ষম হয় ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মনে ৷

ভূমি বিবাদক কেন্দ্ৰ কৰি কলগাছিয়াত সংঘাত: আহত 8 জন

ভূমি বিবাদক কেন্দ্ৰ কৰি কলগাছিয়াৰ বালিকুৰি এন চি গাঁৱত দুটা ফৈদৰ মাজত সংঘাত । প্ৰতিপক্ষৰ আক্ৰমণত আহত হয় আঠ গৰাকীকৈ লোক । আহত আঠগৰাকীক বৰপেটা অসামৰিক চিকিৎসালত ভৰ্তি কৰা হৈছে ।

পুডুচেৰীৰ ৰাজনৈতিক সমীকৰণঃ মুখ্যমন্ত্ৰীৰ আসনত দৃষ্টি নিৱদ্ধ বিজেপিৰ

পুডুচেৰীৰ বিধানসভা নিৰ্বাচনত ৯ খন আসনৰ ভিতৰত ৬ খনতে জয় লাভ কৰিছে বিজেপিয়ে । এতিয়া মুখ্যমন্ত্ৰীৰ আসন কোনে অলংকৃত কৰিব সেই বিষয়ক লৈ চিন্তা-চৰ্চা চলিছে বিজেপিৰ শীৰ্ষ নেতাৰ মাজত ।

ঐতিহাসিক গুৰুদ্বাৰ পৰিৱৰ্তিত ক'ভিড কেয়াৰ কেন্দ্ৰলৈ

ঐতিহাসিক গুৰুদ্বাৰ ৰকাবগঞ্জৰ ভাই লাখী শ্বাহ ভাঞ্জাৰা শিখ সাম্প্ৰদায়িক হলটো অস্থায়ী ক'ভিড কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হৈছে । অক্সিজেন কনচেণ্ট্ৰেটৰ, চিকিৎসক, পেৰামেডিক্স আৰু এম্বুলেঞ্চৰ লগতে ২৫০ বিচনাযুক্ত ক'ভিড কেন্দ্ৰ স্থাপন কৰিবলৈ প্ৰস্তুতি অব্যাহত ৰাখিছে ।

ক'ভিড-১৯: ভাৰতত নতুনকৈ ৩.৬৮ লাখ লোক আক্ৰান্ত

সমগ্ৰ দেশতে অব্যাহত আছে কৰ'ণা মহামাৰীৰ বিভীষিকা । বিগত ২৪ ঘণ্টাত ভাৰতত মহামাৰীৰ কবলত পৰিছে ৩.৬৮ লাখ লোক আৰু প্ৰাণ হেৰুৱাইছে ৩,৪১৭ জনে ।

ভাৰতলৈ ৭০ নিযুত ডলাৰ মূল্যৰ ঔষধ সাহায্য ফাইজাৰৰ

আমেৰিকাৰ ঔষধ কোম্পানী ফাইজাৰে ভাৰতলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপ আৰু এছিয়াৰ বিতৰণ কেন্দ্ৰসমূহৰ পৰা ৭০ নিযুত আমেৰিকান ডলাৰ (৫১০ কোটিতকৈও অধিক) মূল্যৰ ঔষধ প্ৰেৰণ কৰিছে । এই ঔষধসমূহক ভাৰতৰ ক'ভিড-১৯ চিকিৎসা প্ৰট'কলৰ অংশ হিচাপে চিনাক্ত কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.