2016 পাচত এইবাৰো বিজেপিৰ প্ৰাৰ্থী তালিকাত দাদা ব্ৰিগেডৰ আধিপত্য
শুকুৰবাৰে প্ৰকাশিত বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত সৰহ সংখ্যক প্ৰাৰ্থী দেখা গ’ল হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ ৷ চৰ্চা চলিছে যে, নিজৰ ঘনিষ্ঠ প্ৰাৰ্থীক টিকট দিয়াৰ বাবেই হিমন্ত বিশ্ব শৰ্মাই বঞ্চিত কৰিলে নেকি একাংশ জ্যেষ্ঠ নেতাক ৷ কেৱল বিজেপিৰে নহয়, অগপৰো বহু কেইগৰাকী জ্যেষ্ঠ নেতাক বঞ্চিত কৰা হ’ল প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা ৷
মহিলা বিষয়াই পৰিচালনা কৰিব কৰিমগঞ্জৰ নিৰ্বাচন !
নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হোৱাৰ লগতে নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিখন জিলাৰ প্ৰশাসন ৷ সমান্তৰালকৈ কৰিমগঞ্জ জিলাৰ 5 টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে কৰিমগঞ্জ জিলা প্ৰশাসন ৷
বিধানসভা নিৰ্বাচনঃ এসপ্তাহত ৰাজ্যত জব্দ ৮৪.৪৩ লাখ নগদ ধন
বিধানসভা নিৰ্বাচনৰ পূৰ্বে টকাৰ উজান উঠিছে ৰাজ্যত । মাত্ৰ এসপ্তাহত ৰাজ্যত জব্দ হ'ল মুঠ ৮৪.৪৩ লাখ নগদ ধন । ৩ দিনত জব্দ ৫৪ লাখ টকা মূল্যৰ সুৰা ।
ছিপাঝাৰত পৰমানন্দই মুকলি কৰিব নেকি বিৰোধীৰ কপাল ?
66নং ছিপাঝাৰ বিধান সভা সমষ্টিও জৰ্জৰিত এতিয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে ৷ প্ৰথমাৱস্থাত অগপৰ হৈ পৰমানন্দ ৰাজবংশীয়ে সমষ্টিটোত প্ৰতিদন্দিতা কৰাৰ কথা-বতৰা চলি আছিল যদিও ক্ষোভৰ উদগীৰণ হৈছিল বিজেপি সমৰ্থকৰ মাজত ৷ কোনোপধ্যে সমষ্টিটো সবল ভেটি নথকা অগপক এৰি দিব নিবিচৰাত অগপ ত্যাগ কৰি শনিবাৰে বিজেপিত যোগদান কৰে পৰমানন্দ ৰাজবংশীয়ে ৷
মানসিকভাৱে গভীৰ হতাশ টিকট বঞ্চিত ৰাজেন গোহাঁই
দলীয় টিকট লাভ কৰাৰ ক্ষেত্ৰত প্ৰতিবাৰেই ব্যৰ্থ এসময়ৰ শক্তিশালী নেতাগৰাকী ৷ 1999 চনৰ পৰা একেৰাহে 2014 চন পৰ্যন্ত চাৰিবাৰকৈ নগাঁও লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন সাংসদ তথা মন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি এইগৰাকী ৰাজেন গোঁহাইৰ ৰাজনৈতিক জীৱনত যেন কোনোবাখিনিত কেনা লাগিল ৷ হয়টো ন-বিজেপিৰ ৰাজনীতিৰ পাশাখেলত দিশহাৰা হৈ পৰিছে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী ৷
ধেমাজিত বিজেপিৰ ঘোষিত প্ৰাৰ্থী ৰণোজ পেগুক উষ্ম আদৰণি
বিজেপিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছতে শনিবাৰে নিজ গৃহ সমষ্টি ধেমাজিত উপস্থিত হয় ৰণোজ পেগু ৷ শ-শ সমৰ্থকে বিশাল শোভাযাত্ৰাৰে ধেমাজি সদৰলৈ আদৰণি জনাই নেতা গৰাকীক ৷
তেজপুৰত বৃন্দাবন গোস্বামীৰ প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী
অগপ দলে নিদিলেও নিৰ্দলীয় হৈ নিৰ্বাচন খেলিবলৈ বৃন্দাবন গোস্বামী সাজু বুলি মন্তব্য কৰিছে দলৰ জিলা সম্পাদক নাৰায়ণ দাস আৰু অগপ নেতা বিমল শইকীয়াই ।
মঙলদৈ সমষ্টিত অগপই সহযোগ নকৰে গুৰুজ্যোতি দাসক
২০১৬ চনৰ বিধানসভা নিৰ্বাচনত হাতীৰ পিঠিত উঠি বিজেপিৰ পৰা বিধায়ক হৈছিল গুৰুজ্যোতি দাস । বিধায়ক হোৱাৰ পিছৰে পৰা মঙলদৈ সমষ্টিৰ অসম গণ পৰিষদ কৰ্মী সকলক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা অভিযোগ উত্থাপন কৰিছে অগপ কৰ্মী সকলে ৷
ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ সুস্মিতা দেৱৰ
নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ বাবে এক বেয়া খবৰ ৷ কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা ভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱে ত্যাগ কৰিব খুজিছে কংগ্ৰেছ ৷ ইতিমধ্যে ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ প্ৰাৰ্থিত্বকেন্দ্ৰিক অসন্তুষ্টিৰ বাবেই কংগ্ৰেছ ত্যাগ কৰা বুলি জানিবলৈ দিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷
পৰমানন্দৰ বিজেপিত যোগদান লৈ ক্ষোভিত বিজেপি কৰ্মী
ছিপাঝাৰ বিধান সভা সমষ্টিত পৰমানন্দ ৰাজবংশীক বিজেপিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি সমষ্টিটোৰ একাংশ বিজেপিৰ কৰ্মকৰ্তাৰ তীব্ৰ প্ৰতিবাদ ৷ সমষ্টিটোৰ ছিপাঝাৰ আৰু পাথৰিঘাট মণ্ডল কাৰ্যালয়ত তলা ওলোমালে ক্ষোভিত বিজেপি কৰ্মীয়ে ৷