ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ বাতৰি - top ten news at 5 pm

5 বজাৰ দহটা শীৰ্ষ বাতৰি

top ten news at 5 pm
5 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Mar 6, 2021, 5:19 PM IST

ধেমাজিত বিজেপিৰ ঘোষিত প্ৰাৰ্থী ৰণোজ পেগুক উষ্ম আদৰণি

বিজেপিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছতে শনিবাৰে নিজ গৃহ সমষ্টি ধেমাজিত উপস্থিত হয় ৰণোজ পেগু ৷ শ-শ সমৰ্থকে বিশাল শোভাযাত্ৰাৰে ধেমাজি সদৰলৈ আদৰণি জনাই নেতা গৰাকীক ৷

টিকট নোপোৱাৰ ক্ষোভ: কংগ্ৰেছলৈ বিতোপন শইকীয়া

বিজেপিত টিকট লাভৰ পৰা বঞ্চিত প্ৰাৰ্থীৰ বিসম্বাদ । টিকট নাপাই নিশাই কংগ্ৰেছত যোগদান কৰিলে গোলাঘাটৰ প্ৰভাৱশালী বিজেপি নেতা বিতোপন শইকীয়াই । গোলাঘাটৰ পৰা কংগ্ৰেছৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ন-কংগ্ৰেছী নেতাগৰাকীয়ে ।

ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ সুস্মিতা দেৱৰ

নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ বাবে এক বেয়া খবৰ ৷ কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা ভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱে ত্যাগ কৰিব খুজিছে কংগ্ৰেছ ৷ ইতিমধ্যে ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ প্ৰাৰ্থিত্বকেন্দ্ৰিক অসন্তুষ্টিৰ বাবেই কংগ্ৰেছ ত্যাগ কৰা বুলি জানিবলৈ দিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

সঞ্জয় কিষাণক প্ৰাৰ্থিত্ব প্ৰদান কৰাত উৎফুল্লিত সমৰ্থক

তিনিচুকীয়া সমষ্টিৰ পৰা পুনৰবাৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে টিকট লাভ কৰিলে বিধায়ক সঞ্জয় কিষাণে ৷ সঞ্জয় কিষাণক প্ৰাৰ্থিত্ব প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে সমৰ্থকৰ লগতে দলীয় কৰ্মকৰ্তা সকল ৷

8 মাৰ্চত প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বিপিএফে

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 4 টা সমষ্টিক সাঙুৰি বিপিএফে 8 মাৰ্চত প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব ৷ এই কথা সদৰী কৰিছে দলটোৰ নেতা হাগ্ৰামা মহিলাৰীয়ে ৷ এইবেলি নিৰ্বাচনত বিপিএফে 12 খন আসন লাভ কৰাৰ লগতে মহাজোঁটে 70 খন আসন লাভ কৰিব বুলিও হাগ্ৰামা মহিলাৰীয়ে দাবী কৰে ।

আমগুৰিত শূন্য হোৱাৰ দিশে বিজেপিৰ ভেটি

আমগুৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক টিকট নিদিয়াৰ বাবে ক্ষোভিত তৃণমূল কৰ্মী ৷ প্ৰদীপ হাজৰিকা গ’ বেক ধ্বনি বিজেপি কৰ্মীৰ ৷

এইবাৰ নিৰ্বাচনত মোৰ কোনো প্ৰত্যাহ্বান নাই: ৰমাকান্ত দেউৰী

2021 ৰ বিধানসভা নিৰ্বাচনৰ বাবে মৰিগাঁও সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে পুনৰ টিকট লাভ কৰিলে বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ 80 নং মৰিগাঁও বিধানসভা সমষ্টিৰ বাবে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে ৰাজ্যিক নেতৃত্বই ৰমাকান্ত দেউৰীৰ নাম ঘোষণা কৰাৰ পিচতে আনন্দ-উল্লাসত মচগুল হৈ পৰে বিজেপিৰ কৰ্মকৰ্তাসকল ৷

Covid-১৯ ৰ প্ৰতিষেধক গ্ৰহণ দালাই লামাৰ

তিব্বতী আধ্যাত্মিক নেতা দালাই লামাই গ্ৰহণ কৰে প্ৰথম পালি COVID-১৯ ৰ প্ৰতিষেধক । শনিবাৰে হিমাচল প্ৰদেশত তেওঁৰ বাসগৃহৰ সমীপৰ এখন চিকিৎসালয়ত তিব্বতী আধ্যাত্মিক নেতাগৰাকীয়ে গ্ৰহণ কৰে প্ৰতিষেধক । সকলো ৰোগীকে এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান দালাই লামাৰ ।

বিজয় সংকল্প মহাসম্পৰ্ক যাত্ৰাত অংশ ল'ব অমিত শ্বাহে

পুনৰ তামিলনাডু আৰু কেৰালালৈ যাব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । ৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব দুয়োখন ৰাজ্যতে । দেওবাৰে তামিলনাডু আৰু কেৰালাত বিজেপিৰ বিজয় সংকল্প মহাসম্পৰ্ক যাত্ৰাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ।

গৰু সৰবৰাহৰ সৈতে জড়িত দুই আইপিএছ বিষয়াক চমন জাৰি

সীমান্তত অবৈধভাৱে গৰু সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত দুজনকৈ আই পি এছ বিষয়াক চমন জাৰি কৰিছে চিবিআই-য়ে ৷ শনিবাৰে সংস্থাৰ বিশেষ সূত্ৰই প্ৰকাশ কৰে এই কথা ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.