ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ বাতৰি - 5 বজাৰ দহটা শীৰ্ষ বাতৰি

5 বজাৰ দহটা শীৰ্ষ বাতৰি

5 বজাৰ দহটা শীৰ্ষ বাতৰি
5 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Feb 26, 2021, 5:14 PM IST

বিজেপিৰ দিনত অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন হ'ল: প্ৰদ্যুৎ বৰদলৈ

'গুৰুজনাৰ জন্মস্থান পবিত্ৰ বটদ্ৰৱাত অমিত শ্বাহ জিন্দাবাদ, বিজেপি জিন্দাবাদ ধ্বনি দিবলৈ ৰাইজক বাধ্য কৰোৱাই গুৰুজনাক অপমান কৰিলে বিজেপিয়ে ৷' শুকুৰবাৰে গুৱাহাটী ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কংগ্ৰেছ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

কংগ্ৰেছৰ বাবে গ্ৰহণ কৰিব লাগিব চছমাজ্যোতি আঁচনিঃ ৰূপক শৰ্মা

বিজেপি চৰকাৰৰ শাসন কালত ৰাজ্যত উন্নয়নমূলক কাম সম্পন্ন হোৱা নাই বুলি কংগ্ৰেছে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ । কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয় যে, বিজেপিয়ে উন্নয়নমূলক কাম কৰা স্বত্বেও সেইবোৰ দেখি নোপোৱাসকলৰ বাবে চছমাজ্যোতি আঁচনি গ্ৰহণ কৰি চছমা বিতৰণ কৰিব লাগিব । নগাঁৱত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে বিধায়গৰাকীয়ে ।

উপ-আৰক্ষী অধীক্ষক পদত ধিং এক্সপ্ৰেছ হিমা দাস

অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰিলে ধিং এক্সপ্ৰেছ হিমা দাসে ৷ উল্লখ্য যে, শুকুৰবাৰে সৰুসজাইত এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয় ৷ এই অনুষ্ঠানতে ধিং এক্সপ্ৰেছ হিমা দাসক উপ-আৰক্ষী অধীক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷

হিমন্ত বিশ্ব শৰ্মা আধাতে পলোৱা মানুহ : ৰকিবুল হুছেইন

চাপৰত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন ৷ অসম বচাওঁ আহক কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি দলৰ শীৰ্ষ নেতাক সমালোচনা কৰে হুছেইনে ৷

কৰিমগঞ্জ জিলাৰ মিজোৰাম সীমান্তত পুনৰ উত্তেজনা

অসম মিজোৰাম সীমান্তত শুকুৰবাৰে পুনৰ উত্তেজনাৰ সৃষ্টি হয় ৷ কৰিমগঞ্জ জিলাৰ বৰুৱা টিলা অঞ্চলত মিজো লোকে এক অনুষ্ঠান আয়োজন কৰাক কেন্দ্ৰ কৰিয়ে এই উত্তেজনাৰ সৃষ্টি হয় ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ড৹ লীলাকান্ত নাথ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্বত থাকিব ড৹ লীলাকান্ত নাথ ৷ ৰাজ্যপাল জগদীশ মুখীয়ে ড৹ নাথক ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে নিযুক্তি দিছে ৷ জ্যেষ্ঠতাৰ ভিত্তিত ড৹ নাথক এই দায়িত্ব অৰ্পন কৰিছে ৰাজ্যপাল গৰাকীয়ে ৷

আঞ্চলিক দলৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে হাগ্ৰামাই ?

ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য ৷ বিপিএফ দলে বিজেপি আৰু ইয়াৰ মিত্ৰদলসমূহক বাদ দি বাকী আঞ্চলিক দলসমূহৰ স’তে হাত মিলাবলৈ সাজু আছে বুলি মন্তব্য নেতাগৰাকীৰ ।

ইণ্ডিয়ান গ্ৰা-প্ৰিৰ ২০০ মিটাৰত হিমাৰ স্বৰ্ণ জয়

ইণ্ডিয়ান গ্ৰা-প্ৰিৰ ২০০ মিটাৰত হিমা দাসে স্বৰ্ণ পদক লাভ কৰিছে যদিও আগন্তুক টকিঅ' অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছে ।

মুকেশ আম্বানীৰ বাসগৃহৰ ওচৰত বিস্ফোৰক ভৰ্তি বাহন উদ্ধাৰ

মুকেশ আম্বানীৰ বাসগৃহৰ ওচৰত বিস্ফোৰক ভৰ্তি বাহন উদ্ধাৰ ৷ এখন SUV বাহনত উদ্ধাৰ হৈছে এই বিস্ফোৰক সামগ্ৰীসমূহ ৷

চিট ফান্দ কেলেংকাৰী: ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰীৰ বাসগৃহ ঘেৰাও

ৰ'জ ভেলী চিট ফান্দ কেলেংকাৰীৰে জড়িত থকাৰ অভিযোগত ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী তথা চিপিআইএমৰ বিধায়ক বাদল চৌধুৰীক গ্ৰেপ্তাৰৰ দাবীত বেল'নিয়াস্থিত বাসগৃহ ঘেৰাও কৰিলে স্থানীয় লোকে । আনহাতে, বিজেপিয়ে বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ চিপিআইএম নেতাগৰাকীৰ । এই ক্ষেত্ৰত আৰক্ষী সঞ্চালক প্ৰধানৰ হস্তক্ষেপ বিচাৰিছে বাদল চৌধুৰীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.