ETV Bharat / state

3 বজাৰ শীৰ্ষ দহটা বাতৰি... - 3 বজাৰ শীৰ্ষ দহটা বাতৰি

3 বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 3 pm
3 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Sep 9, 2021, 3:09 PM IST

নৱেম্বৰৰ পৰা আৰম্ভ হ’ব মাজুলীৰ দলং নিৰ্মাণৰ কাম !

বুধবাৰে সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ বৃহস্পতিবাৰে নিমাতীঘাটত উপস্থিত হয় উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট-মাজুলীৰ মাজত এটা ইঞ্জিনযুক্ত ফেৰী চলাচল বৃহস্পতিবাৰৰ পৰা বন্ধ ঘোষণা কৰে ৷ আনহাতে মাজুলীৰ দলং নিৰ্মাণৰ কাম নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ এই দলঙৰ কাম সম্পূৰ্ণ হ’বলৈ ৪ বছৰ লাগিব ।

নিমাতীঘাটত উপস্থিত DGP ভাস্কৰজ্যোতি মহন্ত

মাজুলীৰ ভৰলুইতৰ বুকুত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান ৷ বুধবাৰে নিশাই ঘটনাস্থলীত উপস্থিত হয় মন্ত্ৰী বিমল বৰা ৷ ওৰে নিশা অভিযান চলাৰ পিছত বৃহস্পতিবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷

৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন : পূৰ্ণ হব বিশ্বজিৎ দৈমাৰীৰ খালি আসন

বিশ্বজিৎ দৈমাৰীয়ে এৰি অহা ৰাজ্যসভাৰ আসনৰ বাবে ৪ অক্টোবৰত অনুষ্ঠিত হব নিৰ্বাচন ৷ অসমৰ সৈতে একেদিনাই পশ্চিমবংগ, তামিলনাডু, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশতো নিৰ্বাচন অনুষ্ঠিত হ'ব ৷

নিমাতীঘাটত সন্ধানহীন যাত্ৰীৰ তালিকা প্ৰকাশ যোৰহাট জিলা প্ৰশাসনৰ

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ থকাৰ লগতে উদ্ধাৰ হোৱা যাত্ৰীৰ তালিকা প্ৰকাশ কৰিছে যোৰহাট প্ৰশাসনে ৷ অহৰহভাৱে লুইতৰ বুকুত চলাই থকা হৈছে উদ্ধাৰ অভিযান ৷

১০ ছেপ্তেম্বৰত থাওৰা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ৰাইজৰ দলে

উপ নিৰ্বাচনক লৈ এতিয়া বিভিন্ন দলৰ মাজত সৃষ্টি হৈছে ৰাজনৈতিক সমীকৰণ ৷ সমষ্টি দখলৰ বাবে ক’ৰবাত যদি আঞ্চলিক ৰাজনৈতিক দলৰ মাজত মিত্ৰতা হৈছে, আন ক’ৰবাত আকৌ মিত্ৰতা ভংগহে হোৱা পৰিলক্ষিত হৈছে ৷

ABVPয়ে ঘেৰাও কৰিলে ত্ৰিপুৰাৰ শিক্ষা ভৱন : আৰক্ষীৰ লাঠিচালনাত আঘাতপ্ৰাপ্ত শিক্ষাৰ্থী

ত্ৰিপুৰাৰ শিক্ষা ভৱনৰ সন্মুখত ABVPৰ নেতৃত্বত শিক্ষাৰ্থীৰ তীব্ৰ প্ৰতিবাদ । প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীৰ লাঠিচালনা । ঘটনাত আঘাতপ্ৰাপ্ত বহু শিক্ষাৰ্থী ।

নৰেন্দ্ৰ মোডীৰ সভাপতিত্বৰে আজি BRICS ৰ সন্মিলন

বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব ১৩ সংখ্যক BRICS সন্মিলন । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে BRICS সন্মিলনত সভাপতিত্ব কৰিব । আফগানিস্তান(Afganistan)ৰ বৰ্তমানৰ পৰিস্থিতিৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত আলোচনা কৰিব ।

Nipah Virusৰ সংক্ৰমণক লৈ শংকিত কেৰালাৰ স্বাস্থ্য বিভাগ

এতিয়ালৈ স্বাস্থ্য বিভাগে সংগ্ৰহ কৰা প্ৰায় ৬১ গৰাকী লোকৰ নমুনাত ভাইৰাছৰ অৱস্থিতি ধৰা পৰা নাই । তথাপিও স্বাস্থ্য বিভাগ নমুনা পৰীক্ষণৰ বাবে তৎপৰ হৈছে । কৰ'ণাৰ সংক্ৰমণৰ মাজতে নিপা ভাইৰাছকলৈ শংকিত হৈ পৰিছে কেৰালা চৰকাৰ ৷

আফগান মহিলাক ক্ৰিকেট খেলাত নিষেধাজ্ঞা তালিবানৰ

ক্ৰিকেট বা অন্য ক্ৰীড়াত অংশ ল'ব নোৱাৰিব আফগান মহিলাই ৷ অন্তৰ্ৱতীকালীন চৰকাৰ গঠনৰ পাচতে আফগানিস্তানৰ মহিলাক ক্ৰিকেট খেলাৰ ক্ষেত্ৰত নিষেধাজ্ঞা তালিবানৰ ৷

জন্মদিনত মাতৃক স্মৰণ কৰি আবেগিক হৈ পৰিছে খিলাড়ী অক্ষয় কুমাৰ

আজি 54 বছৰত ভৰি দিলে অভিনেতা অক্ষয় কুমাৰে(Akshay Kumar) ৷ জন্মদিনৰ দিনটোত এদিন পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰা মাতৃ অৰুণা ভাটিয়াক মনত পেলাই আবেগিক হৈ পৰে অভিনেতাগৰাকী ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.