ETV Bharat / state

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি - top ten news at 3 pm

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি

top ten news at 3 pm
top ten news at 3 pm
author img

By

Published : Mar 6, 2021, 3:04 PM IST

ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ সুস্মিতা দেৱৰ

নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ বাবে এক বেয়া খবৰ ৷ কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা ভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱে ত্যাগ কৰিব খুজিছে কংগ্ৰেছ ৷ ইতিমধ্যে ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ প্ৰাৰ্থিত্বকেন্দ্ৰিক অসন্তুষ্টিৰ বাবেই কংগ্ৰেছ ত্যাগ কৰা বুলি জানিবলৈ দিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

টিকট নোপোৱাৰ ক্ষোভ: কংগ্ৰেছলৈ বিতোপন শইকীয়া

বিজেপিত টিকট লাভৰ পৰা বঞ্চিত প্ৰাৰ্থীৰ বিসম্বাদ । টিকট নাপাই নিশাই কংগ্ৰেছত যোগদান কৰিলে গোলাঘাটৰ প্ৰভাৱশালী বিজেপি নেতা বিতোপন শইকীয়াই । গোলাঘাটৰ পৰা কংগ্ৰেছৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ন-কংগ্ৰেছী নেতাগৰাকীয়ে ।

সঞ্জয় কিষাণক প্ৰাৰ্থিত্ব প্ৰদান কৰাত উৎফুল্লিত সমৰ্থক

তিনিচুকীয়া সমষ্টিৰ পৰা পুনৰবাৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে টিকট লাভ কৰিলে বিধায়ক সঞ্জয় কিষাণে ৷ সঞ্জয় কিষাণক প্ৰাৰ্থিত্ব প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে সমৰ্থকৰ লগতে দলীয় কৰ্মকৰ্তা সকল ৷

১৮ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাইজৰ দলে

নিৰ্বাচন সন্দৰ্ভত ৰাইজৰ দলৰ সংবাদমেল সম্বোধন । বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ সিদ্ধান্ত দলটোৰ । মুঠ ১৮ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাইজৰ দলে ।

8 মাৰ্চত প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বিপিএফে

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 4 টা সমষ্টিক সাঙুৰি বিপিএফে 8 মাৰ্চত প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব ৷ এই কথা সদৰী কৰিছে দলটোৰ নেতা হাগ্ৰামা মহিলাৰীয়ে ৷ এইবেলি নিৰ্বাচনত বিপিএফে 12 খন আসন লাভ কৰাৰ লগতে মহাজোঁটে 70 খন আসন লাভ কৰিব বুলিও হাগ্ৰামা মহিলাৰীয়ে দাবী কৰে ।

অভিজিৎ হাজৰিকাক লাগে ৰঙাপৰা সমষ্টি !

শুকুৰবাৰে নিশা উত্তপ্ত হ’ল ৰঙাপৰা সমষ্টিৰ বালিপাৰা ৷ অভিজিৎ হাজৰিকাক টিকট প্ৰদানৰ দাবীত কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷

টীয়কত কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে প্ৰতিবাদ অগপৰ

শুকুৰবাৰে টীয়কত অসম গণ পৰিষদৰ তৃণমূল কৰ্মীসকলে সমষ্টিৰ বাহিৰৰ প্ৰাৰ্থীক দলে প্ৰাৰ্থিত্ব দিলে কেতিয়াও গ্ৰহণ কৰা নহ'ব বুলি হুংকাৰ দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অগপ-বিজেপিৰ মিত্ৰজোঁটে এইবেলি নিৰ্বাচনৰ বাবে ১০২ নং টীয়ক বিধানসভা সমষ্টিত শ্যামকানু মহন্তক প্ৰাৰ্থিত্ব প্ৰদানৰ যো-জা চলাইছে বুলি বিভিন্ন মহলত চৰ্চিত হৈছে ৷

'আত্মনিৰ্ভৰ ভাৰত' ব্যৱসায়ীৰ বাবে এক সুবৰ্ণ সুযোগ: নাইডু

শুকুৰবাৰে চুৰাটত দক্ষিণ গুজৰাট চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত দক্ষিণ গুজৰাটৰ ঔদ্যোগিক আৰু বাণিজ্যৰ সৈতে জড়িত লোকসকলৰ সৈতে মত বিনিময় কৰি কেতবোৰ মন্তব্য কৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে । দেশক অতিমাৰীৰ কালচোৱাত পিপিই কিটৰ সফলতাৰ কাহিনীৰ আঁৰ লৈ 'আত্মনিৰ্ভৰ ভাৰত' গঢ়াৰ এক উদাহৰণ । ই ভাৰতীয় ব্যৱসায়ীসকলক এক বৃহৎ সুযোগ প্ৰদান কৰে বুলি কয় ।

বিজয় সংকল্প মহাসম্পৰ্ক যাত্ৰাত অংশ ল'ব অমিত শ্বাহে

পুনৰ তামিলনাডু আৰু কেৰালালৈ যাব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । ৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব দুয়োখন ৰাজ্যতে । দেওবাৰে তামিলনাডু আৰু কেৰালাত বিজেপিৰ বিজয় সংকল্প মহাসম্পৰ্ক যাত্ৰাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ।

মুম্বাইত অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগ

পুনৰ যৌন নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী অভিনেত্ৰীয়ে । এগৰাকী টেলিভিছনৰ অভিনেত্ৰীয়ে এই সন্দৰ্ভত এগৰাকী ব্যক্তিৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিলে মুম্বাইৰ ওশিৱাৰা আৰক্ষী থানাত ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.