ETV Bharat / state

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 AT 3PM
দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Feb 20, 2021, 3:02 PM IST

অপহৃত প্ৰণৱ গগৈৰ পৰিয়ালে ক'লে: তেওঁক হত্যা কৰাৰ আগত আমাক মাৰি যাওঁক !

কুইপ কোম্পানীৰ সৈতে হোৱা আলোচনা বিফল হোৱাৰ বাবে পূৰ্ব সিদ্ধান্ত অনুসৰি অহা সপ্তাহত চূড়ান্ত ব্যৱস্থা গ্ৰহণ কৰিব দুই অপহৃত কৰ্মচাৰীৰ ওপৰত । আলফাৰ প্ৰচাৰ সচিৱ ৰুমেল অসমে প্ৰেৰণ কৰা বিবৃতিৰ পিচতে শিৱসাগৰ নগৰৰ প্ৰণৱ গগৈ পৰিয়ালত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

মৃত্যুদণ্ডৰে দণ্ডিত হোৱা স্বাধীন ভাৰতৰ প্ৰথম মহিলা গৰাকী

মৃত্যুদণ্ডৰে দণ্ডিত হোৱা স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মহিলা হিচাপে চিহ্নিত হৈছে ২০০৮ চনত নিজৰ পৰিয়ালৰে ৭ জন সদস্যক হত্যা কৰা আমৰোহা হত্যাকাণ্ডৰ অভিযুক্ত শ্ববনম ৷

ৰাইজৰ দল আৰু অজাপ বিজেপিৰ শত্ৰু: দিলীপ শইকীয়া

শুকুৰবাৰে কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত দগাঁৱত অনুষ্ঠিত কৰা হয় ভাৰতীয় জনতা পাৰ্টীৰ পৃষ্ঠা প্ৰমুখ সন্মিলন ৷ এই সন্মিলনতে ৰাইজৰ দল অথবা অসম জাতীয় পৰিষদে ভাৰতীয় জনতা পাৰ্টীক জাতিৰ শত্ৰু আখ্যা দিছে বুলি মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই ।

অৰুণাচল প্ৰদেশৰ লুংলা বনাঞ্চলত ভয়ংকৰ বন জুই

অৰুণাচল প্ৰদেশৰ টাৱাঙৰ লুংলা ৰাজহ চক্ৰৰ অধীনৰ জংঘলত ১৮ ফেব্ৰুৱাৰীৰ বিয়লি সংঘটিত অগ্নিকাণ্ড শুকুৰবাৰে নিৰ্বাপণ হয় । দ্বিতীয় স্কাউট গাইড জোৱান আৰু চৰকাৰী বিষয়াৰ তৎপৰতাত এই জুই নিৰ্বাপণ সম্ভৱ হয় ।

কাছাৰত কংগ্ৰেছৰ 'অসম বচাও অভিযান'ত অঘটন

কংগ্ৰেছৰ 'অসম বচাও অভিযান'ত অঘটন ৷ বহিৰাগত কংগ্ৰেছ মনোনয়ন প্ৰত্যাশীৰ জয়ধ্বনিক লৈ কংগ্ৰেছৰ দুইপক্ষৰ মাজত হতাহতি ৷

নগাঁৱত ৰে’ল সেৱা পুনৰ আৰম্ভ কৰাৰ দাবীত উত্তাল ৰাজপথ

দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা গুৱাহাটী শিলঘাট আৰু মৈৰাবাৰী গুৱাহাটী ৰে’ল দুখনৰ চলাচল কৰাৰ দাবীত শনিবাৰে নগাঁও চহৰৰ মাজ মজিয়াতে চি পি এই এমে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে ৷

মিঞা ভোট নহ'লে আমি জিকিব নোৱাৰিম: গুনীন্দ্ৰ নাথ দাস

অগপৰ দখলত থকা বৰপেটা সদৰ সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে হাউলী বিদ্যাপীঠ আদৰ্শ বিদ্যালয়ত অনুষ্ঠিত বিজ্ঞান প্ৰদৰ্শনী এখনত অংশগ্ৰহন কৰি শুকুৰবাৰে সাংবাদিকৰ আগত মিঞা ভোট নহ'লে অগপ জিকিব নোৱাৰিব বুলি মন্তব্য কৰে ৷

ত্ৰিপুৰাত পুনৰ কৰ'ণাৰ সংক্ৰমণ, নতুনকৈ আক্ৰান্ত ২৬ গৰাকী

ত্ৰিপুৰাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰকাশ কৰা মতে ৰাজ্যখনত পুনৰ ২৬ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি । নতুনকৈ সংক্ৰমিত ব্যক্তিসকলৰ ভিতৰত চাৰিজন স্থানীয় কনিষ্ঠ চিকিৎসক, স্বাস্থ্য কৰ্মচাৰী আৰু এগৰাকী গৰ্ভৱতী মহিলাও আছে ।

নিৰ্বাচনৰ পূৰ্বে জুবিনৰ ‘ৰাজনীতি’

ন ৰূপত কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ ৰাজনীতি শীৰ্ষক চিনেমাক লৈ ব্যস্ত নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ ৷ এই অসমীয়া ছবি খনৰ শ্বুৃটিঙৰ বাবে কামপুৰত দেখা গৈছে কণ্ঠশিল্পী জুবিন গাৰ্গক ৷

ছবিগৃহলৈ আহি আছে অমিতাভ বচ্চনৰ নতুন ছবি 'ঝুণ্ড'

18 জুনত মুক্তি পাব অমিতাভ বচ্চনৰ নতুন ছবি 'ঝুণ্ড' ৷ ছবিখন পৰিচালনা কৰিছে নাগৰাজ মানজুলিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.