ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ সংবাদ... - 11 বজাৰ দহটা শীৰ্ষ সংবাদ

11 বজাৰ দহটা শীৰ্ষ সংবাদ...

top ten news at 11 am
11 বজাৰ দহটা শীৰ্ষ সংবাদ
author img

By

Published : Jun 18, 2021, 11:08 AM IST

ৰাজ্যত পুনৰ ৪.১ প্ৰাব্যল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি ৷ ৰিখতাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৪.১ ৷ ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা ৷

আজি মমতা বেৰ্নাজীৰ নিৰ্বাচনী আবেদনৰ শুনানি গ্ৰহণ কৰিব কলকাতা উচ্চ ন্যায়ালয়ে

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নন্দীগ্ৰামৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক প্ৰত্যাহ্বান জনাই কলিকতা উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৷ তেওঁৰ আবেদনত পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীক জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১২৩ ৰ অধীনত দুৰ্নীতিমূলক কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে । ইয়াৰ শুনানিৰ বাবে শুকুৰবাৰৰ দিনটো তালিকাভুক্ত কৰা হৈছে ৷

ৰাজকোষৰ ধন অবৈধ আহৰণ: অভিযুক্ত ত্ৰিপুৰাৰ প্ৰাক্তন ডিজিপি

ত্ৰিপুৰাৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান একে শুক্লাৰ বিৰুদ্ধে ৰাজকোষৰ ধনৰ অবৈধ আহৰণৰ অভিযোগ ৷ প্ৰাপ্য দৰমহাতকৈ 1,01,500 টকাকৈ অতিৰিক্ত ধন বিগত বৰ্ষৰ 13 জুলাইৰ পৰা প্ৰতি মাহে আহৰণ কৰি আহিছিল শুক্লাই ৷

পাছিঘাটত অসমৰ গাড়ী চালকক ধন দাবী অৰুণাচল আৰক্ষীৰ

চুবুৰীয়া ৰাজ্য অৰুণাচল(Arunachal pradesh)ত অসমৰ গাড়ী চালক সকল যে সুৰক্ষিত নহয় সেই অভিযোগ নতুন নহয় ৷ নিজৰ জীৱনক তুচ্ছ কৰি চুবুৰীয়া ৰাজ্যখনলৈ বিভিন্ন অত্যাৱশ্যকীয় সা-সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ চালক সকলক অৰুণাচলী দুৰ্বৃত্তই (goons from Arunachal) দাবী ধমকিৰে ধন কাঢ়ি লোৱা আৰু ধন নিদিলেই মাৰপিট কৰা ধটনা প্ৰায়েই চলি থাকে।

অচিৰেই ৰঙিয়াৰ পৰা কামাখ্যালৈ চলিব বিদ্যুৎ চালিত ৰেল

বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ ইতিমধ্যে বিদ্যুৎ চালিত ৰেল চলাচলৰ বাবে অনুমতি লাভ কৰিছে যদিও ৰঙিয়াৰ পৰা কামাখ্যালৈ ৰেল চলাবলৈ অনুমতি লাভ কৰা নাই ৰেল বিভাগে ৷ অনুমতি লাভ কৰাৰ লগে লগে বিদ্যুৎ চালিত ৰেল কামাখ্যাৰ পৰা বঙাইগাঁৱলৈ চলোৱা হ'ব ৷

কৰ সংগ্ৰহ কম হোৱাৰ বাবে নিলম্বিত হ’ল পৰিবহন বিষয়া

অভাৰলোডেড ট্ৰাকৰ পৰা জৰিমণা সংগ্ৰহৰ পৰিমান কম হোৱাৰ বাবেই অসম চৰকাৰে জিলা পৰিৱহন বিষয়া আৰু এনফ’ৰ্চমেন্ট বিষয়াক নিলম্বন ৷ কৰিমগঞ্জত সংঘটিত হৈছে এই ঘটনা ৷

গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন কিশোৰৰ

দুলীয়াজানৰ টিপলিং নৈত গা ধুবলৈ গৈ কিশোৰৰ সলিল সমাধি ৷ কিশোৰজন দুলীয়াজানৰে মধুটিং চাহবাগিচাৰ বৰলাইনৰ ৰবি ওৰাঙৰ পুত্ৰ চনো ওৰাং ৷

388 দিনৰ পাচত মুক্ত আকাশৰ তলত দেবাংগনা

উত্তৰ-পূব দিল্লীৰ হিংসা (North East Delhi Riots)ৰ ঘটনাৰ সন্দৰ্ভত কঠোৰ বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত দেবাংগনা কলিতা (Devangana Kalita), নাতাশা নাৰৱাল (Natasha Narwal) আৰু আচিফ ইকবাল তানহা (Asif Iqbal Tanha)ক 2020 চনৰ মে’ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল ।

ভাৰতৰ অভিন্ন অংগ জম্মু-কাশ্মীৰক কোনেও সলাব নোৱাৰে : MEA

পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী (Pakistan Foreign Minister)য়ে সংযুক্ত ৰাষ্ট্ৰৰ দুই শীৰ্ষ বিষয়াক এক পত্ৰ প্ৰেৰণৰ পাচত ভাৰতীয় বৈদেশিক মন্ত্ৰালয় (MEA)য়ে কয় যে, জম্মু-কাশ্মীৰ ভাৰতৰ এক অভিন্ন অংগ ৷ এই বাস্তৱক কোনেও সলনি কৰিব নোৱাৰে ৷ উল্লেখ্য যে, নতুন দিল্লীয়ে জম্মু-কাশ্মীৰৰ ভৌগলিক সীমাৰেখাৰ আৰ্হি সলনি কৰা বুলি পত্ৰযোগে অভিযোগ উত্থাপন কৰিছিল পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ৷

সপোন হৈ ৰ’ব নেইমাৰ জুনিয়ৰৰ টকিঅ’ অলিম্পিক যাত্ৰা !

বৃহস্পতিবাৰে ঘোষণা হোৱা টকিঅ’ অভিমুখী ব্ৰাজিলৰ ফুটবল দলটোৰ পৰা বাদ পৰি ৰৈছে তাৰকা ফৰৱাৰ্ড খেলুৱৈ নেইমাৰ জুনিয় (Neymar Jr.)ৰ ৷ ৰিঅ' অলিম্পিক (Rio Olympic) ৰ স্বৰ্ণ বিজয়ী ব্ৰাজিল দলৰ গুৰুত্বপূৰ্ণ অংশ মাৰ্কুইনহছও বাদ পৰিল দলৰ পৰা ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.