ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি... - top ten news at 11 am

11 বজাৰ দহটা শীৰ্ষ বাতৰি...

top ten news at 11 am
11 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Apr 24, 2021, 11:04 AM IST

অ’এনজিচিৰ দুই কৰ্মচাৰীক উদ্ধাৰ

নাগালেণ্ডৰ মন জিলাৰ পৰা উদ্ধাৰ কৰা হৈছে অ’এনজিচিত কৰ্মৰত অপহৃত দুই কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক ৷ বিগত ২১ এপ্ৰিলৰ নিশাৰ পৰাই সন্ধানহীন হৈ আছিল অ'এনজিচিত কৰ্মৰত তিনি গৰাকী কৰ্মচাৰী ক্ৰমে- মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়া ৷

বৰপেটাত 320 গৰাকীলৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা

বৰপেটাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ শুকুৰবাৰৰ দিনটোত নতুনকৈ 68 গৰাকীকৈ ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈছে ৷ আক্ৰান্তসকলৰ ভিতৰত 40 গৰাকীৰ আৰোগ্য লাভ ৷

ক'ভিডৰ ভয়াৱহ সংক্ৰমণ: তৎপৰ মন্ত্রী হিমন্ত বিশ্ব শৰ্মা

খানাপাৰাত ৭৫০খন বিচনাযুক্ত অস্থায়ী ক'ভিড হাস্পতালৰ ব্যৱস্থা। সৰুসজাইত ৪০০ বিচনাযুক্ত ক'ভিড কেয়াৰ চেণ্টাৰ। কাঁহিকুছি'ত ২৫৫খন বিচনাযুক্ত ক'ভিড সেৱা কেন্দ্ৰ স্থাপন ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে ।

শিক্ষাৰ্থী ক’ভিড আক্ৰান্ত হোৱাৰ পিছত পৰীক্ষা বাতিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ

ছাত্র ছাত্ৰীৰ দেহত ক'ভিডৰ অৱস্থিতি পোৱাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনে অনিদিৰ্ষ্ট কাললৈ বাতিল কৰিছে বিশ্ববিদ্যালয়খনৰ অধ্যয়ন কেন্দ্ৰ আৰু বিভাগৰ সমূহৰ পৰীক্ষা । উল্লেখযোগ্য় যে, বিশ্ববিদ্যালয়খনৰ কেইবাখনো ছাত্ৰী নিৱাসক প্ৰশাসনৰ দ্বাৰা ইতিমধ্য়ে ঘোষণা কৰা হৈছে কণ্টেইনমেন্ট জ'ন ।

কাছাৰৰ লায়লাপুৰত গুলীচালনা: আহত বনকৰ্মী

শুকুৰবাৰে নিশা লায়লাপুৰত গুলীচালনাৰ ঘটনা ৷ চোৰাং চেগুন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰাৰ সময়তে বনকৰ্মীক আঘাত কৰে বন মাফিয়াই ৷ ফলত গুলীচালনা কৰে লায়লাপুৰ ফৰেষ্ট বিটৰ বনকৰ্মীসকলে ৷

নিষিদ্ধ ড্ৰাগছ সহ জুৰীয়াত আটক ড্ৰাগছ ব্যৱসায়ী

ৰূপহীহাটৰ জুৰীয়াত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ আটক কৰা হৈছে এজন ড্ৰাগছ ব্যৱসায়ীক ৷ দীৰ্ঘদিন ধৰি ধৃত ড্ৰাগছ ব্যৱসায়ীজনে জুৰীয়া অঞ্চলত চলাই আছিল নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷

ৰেমডেচিবিৰ ক'লা বেহাৰ অভিযোগত তেলেংগানাত গ্ৰেপ্তাৰ চাৰি

ৰেমডেচিবিৰ অবৈধ ব্যৱসায় চলোৱাৰ অভিযোগত তেলেংগানা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চাৰিজনীয়া এটা দল ৷ ৩,০০০-৫,০০০ টকাৰ বজাৰ মূল্যৰ বিপৰীতে ২৫,০০০ টকাত এটা ভাইল বিক্ৰী কৰি থকা সময়তে হাতে-লোটে ধৰা পৰে চাৰিজনীয়া দলটো ।

নৌসেনাৰ দুখনকৈ জাহাজে লক্ষদ্বীপলৈ কঢ়িয়াব অক্সিজেন চিলিণ্ডাৰ

লক্ষদ্বীপলৈ অক্সিজেন চিলিণ্ডাৰ যোগানৰ বাবে কোচিৰ চাউদাৰ্ণ নেভেল কমাণ্ডে নিয়োগ কৰিছে নৌসেনাৰ দুখনকৈ জাহাজ ৷ 'অক্সিজেন এক্সপ্ৰেছ' নামৰ জাহাজ কেইখনে যোগান ধৰিব অক্সিজেনৰ ৷

পোনপটীয়া নিযুক্তিৰ দাবী ত্ৰিপুৰাৰ বঞ্চিত শিক্ষকৰ

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত পোনপটীয়া নিযুক্তিৰ দাবী ত্ৰিপুৰাৰ 10,323 গৰাকী শিক্ষকৰ ৷ পোনপটীয়া নিযুক্তি বিচাৰি ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে শিক্ষকসকল ৷

মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰলৈ জন্মদিনৰ শুভেচ্ছা

মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ আজি 48 সংখ্যক জন্মদিন ৷ তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ কেপ্তেইন তথা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ক্ৰিকেটৰ ভগৱান হিচাপে পৰিচিত শচীন তেণ্ডুলকাৰ ভাৰতীয় ক্ৰিকেটৰ অন্যতম মাইল’ষ্টোন ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.