ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি... - 11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি

top ten news at 11 am
11 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Mar 26, 2021, 11:02 AM IST

ৰাহুল আৰু কংগ্ৰেছ হৈছে ফাঁকিবাজ : শিৱৰাজ সিং চৌহান

বিজেপি অসম প্ৰদেশৰ খানাপাৰাস্থিত নিৰ্বাচনী সংবাদ কোষৰ কাৰ্যালয়ত বৃহস্পতিবাৰে আয়োজন কৰা হয় এক সংবাদমেলৰ ৷ এই সংবাদমেল সম্বোধন কৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় নেতা শিৱৰাজ সিং চৌহানে ৷ এই সংবাদমেলৰ পৰাই কংগ্ৰছ নেতা ৰাহুল গান্ধীৰ লগতে কংগ্ৰছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে ৷

আজি কমলপুৰত ৰণ ডংকা বজাব অমিত শ্বাহে

কমলপুৰত এক যুদ্ধ সদৃশ পৰিৱেশ ৷ কমলপুৰ সমষ্টিৰ দিগুণপাৰ বৰঙ্গাবাৰী সমন্বয় ক্ষেত্ৰত ব্যস্ত এতিয়া সকলো । কিয়নো শুকুৰবাৰে কমলপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷

কৌশিক ৰয়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ

লক্ষীপুৰৰ বিজেপি প্ৰাৰ্থী কৌশিক ৰয়ৰ হৈ নিৰ্বাচনী প্ৰচাৰত উপস্থিত হয় মণিপুৰৰ মুখ্য়মন্ত্ৰী এন বিৰেন সিং ৷ মনিপুৰী সম্প্ৰদায়ৰ ৰাইজক বিজেপিক ভোট প্ৰদান কৰিবলৈ আহ্বান ৷

মছজিদ নিৰ্মাণক লৈ ভাৰত-বাংলাদেশ সীমান্তত সেনা বাহিনীৰ মাজত উত্তেজনা

দুশ বছৰ পুৰণি মছজিদ পুনৰ নিৰ্মাণক কেন্দ্ৰ কৰি ভাৰত-বাংলাদেশৰ সীমান্তত দুই দেশৰ সেনা বাহিনীৰ মাজত উত্তেজনা বৃদ্ধি পাইছে ৷ বাংলাদেশৰ মছজিদ নিৰ্মাণত বিএছএফে বাধা প্ৰদান কৰাত কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশৰ বিয়ানীবজাৰ লাফাশাইলত উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে ৷

শিৱসাগৰত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ সংবাদমেল

শিৱসাগৰত বিজেপি নেতা তথা সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ সংবাদমেল ৷ সংবাদমেলত বিজেপি সাংসদ গৰাকীয়ে আত্মনিৰ্ভৰ অসমৰ বাবে 10 টা সংকল্পৰ বিষয়ে অৱগত কৰে ৷ ৰাইজ তথা সমাজৰ উন্নতি সাধন কৰিবলৈ হ'লে বিজেপি চৰকাৰৰ প্ৰয়োজনীয়তা অত্যন্ত প্ৰয়োজন বুলি মন্তব্য কামাখ্যা প্ৰসাদ তাছাৰ ৷

ৰহাত কংগ্ৰেছ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত বিজেপি-অগপৰ অৰ্ধ শতাধিক লোকৰ যোগদান

ৰহা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শশী কান্ত দাসৰ নিৰ্বাচনী প্ৰচাৰ ৷ নিৰ্বাচনী সভাতে অগপ আৰু বিজেপিৰ পঞ্চাশ গৰাকী কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছত ৷ ৰহা সমষ্টিত কংগ্ৰেছ দলৰ জয় নিশ্চিত বুলি মন্তব্য শশী কান্ত দাসৰ ৷

অতুল বৰাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি কোষৰ গোচৰ

নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা অভিযোগত অভিযুক্ত হ'ল অগপৰ সভাপতি অতুল বৰা ৷ লখিমপুৰত অগপৰ সভাপতি অতুল বৰাৰ বিৰুদ্ধে গোচৰ তৰিছে অতিৰিক্ত উপায়ুক্ত তথা নিৰ্বাচনী আচৰণ বিধি কোষৰ বিষয়াই ।

কংগ্ৰেছৰ নেতৃত্বত গঠন হ'ব মহাজোঁটৰ চৰকাৰ: পৱন সিং ঘাটোৱাৰ

প্ৰথম পৰ্যায়ৰ ভোটদানৰ আগমুহুৰ্তত মৰাণত উপস্থিত হৈ কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ গঠন হ'ব বুলি দাবী কৰি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে ৷

ৰেণুপমা ৰাজখোৱাৰ বাসগৃহত মন্ত্ৰী অতুল বৰা

বৃহস্পতিবাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ বাসগৃহত দলৰ বিষয়ববীয়া আৰু কৰ্মীসকলক সাক্ষাৎ কৰে মন্ত্ৰী অতুল বৰাই ৷ কংগ্ৰেছৰ ন ন কৌশলেও ভোটাৰক আকৰ্ষণ কৰিব নোৱাৰে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

হাইব্ৰিড ট্ৰাইচাইকেলৰ পূৰ্ণ অধিকাৰ লাভ কৰিলে আগৰতলাৰ এন আই টিয়ে

পৰিৱেশ-অনুকূল হাইব্ৰিড ট্ৰাইচাইকেল উদ্ভাৱনৰ প্ৰত্যক্ষ অধিকাৰ লাভ কৰিলে আগৰতলাৰ এন আই টিয়ে । বাণিজ্যিক ব্যৱহাৰৰ বাবে "গ্ৰীণ ৰাইড' হিচাপে নামাকৰণ কৰা হৈছে হাইব্ৰিড ট্ৰাইচাইকেলক । সৌৰ শক্তি আৰু বৈদ্যুতিক শক্তি চালিত এই ট্ৰাইচাইকেলখনৰ গতিবেগ প্ৰতি ঘণ্টাত ২০-৩০ কিলোমিটাৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.