ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ সংবাদ - 11 বজাৰ 10টা শীৰ্ষ সংবাদ

11 বজাৰ 10 টা শীৰ্ষ সংবাদ

11 বজাৰ 10টা শীৰ্ষ সংবাদ
11 বজাৰ 10টা শীৰ্ষ সংবাদ
author img

By

Published : Feb 24, 2021, 11:02 AM IST

নাৰী শক্তি সমাজৰ শ্ৰেষ্ঠ শক্তি : মুখ্যমন্ত্ৰী সোণোৱাল

দিনযোৰা কাৰ্যসূচীৰে চতিয়া সমষ্টিৰ জামুগুৰিহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ এক বিশাল মহিলা সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নাৰী শক্তি সম্পৰ্কত মন্তব্য কৰে ৷

পাঁচ বছৰীয়া খতিয়ান দাখিলেৰে পৰিমলৰ শুক্লবৈদ্যৰ সংবাদমেল

সংবাদ মাধ্যমৰ সৈতে বার্তালাপ বন, মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷ 2016 চনৰ পৰা তিনিটা বিভাগৰ দায়িত্ব আৰু বিগত পাঁচ বছৰীয়া কাৰ্যকালৰ অভিজ্ঞতা সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিলে মন্ত্ৰী পৰিমলে ৷ সুৰাৰ অবৈধ বেহা, মীন বিভাগত হোৱা উন্নয়ন আৰু চোৰাং চিকাৰী সন্দৰ্ভতো মন্ত্ৰী গৰাকীৰ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷

আধাৰশিলা স্থাপনত ব্যস্ত মন্ত্ৰী যোগেন মহন

ৰাজ্যত সমাগত বিধানসভাৰ নিৰ্বাচন ৷ মন্ত্ৰী-বিধায়ক ব্যস্ত আধাৰশিলা স্থাপন কৰাত ৷ কিদৰে পুনৰ নিৰ্বাচিত হৈ বিধানসভালৈ আহিব পাৰে তাৰ সমীকৰণ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে জন প্ৰতিনিধি সকল ৷

২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব গৃহ মন্ত্রী অমিত শ্বাহ

২৫ ফেব্ৰুৱাৰীত গুৰুজনাৰ জন্মস্থানত বটদ্ৰৱা থানলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহ ৷ এই উপলক্ষে বটদ্ৰৱাত আয়োজন কৰা সভাস্থলী মঙলবাৰে পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই ।

কণ্টেইনমেণ্ট জ'ন উঠাই ল'লে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই

সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছিল ক’ভিড 19 ৰ অৱস্থিতি ৷ যাৰ ফলত পৰৱৰ্তী সাত দিনৰ বাবে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই ড৹ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰটো কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছিল ৷

বিহপুৰীয়াত এজেপিৰ বাইক ৰেলীত অংশগ্ৰহণ লুৰীণজ্যোতি গগৈৰ

বিহপুৰীয়াত বিজেপিৰ বিধায়ক দেৱানন্দ হাজৰিকাৰ ভেটি কঁপাই অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ৰণডংকা । মঙলবাৰে অসম জাতীয় পৰিষদে আয়োজন কৰা বিশাল বাইক ৰেলীত অংশগ্ৰহণ দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।

মুখ্যমন্ত্ৰী হ'ব নোৱাৰি হতাশাত ভুগিছে মন্ত্ৰী শৰ্মা : গৌৰৱ গগৈ

ৰাজ্যত এতিয়া নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত ৷ শাসকীয় বিজেপিৰ দলৰ ৰাজহুৱা সভাৰ বিপৰীতে কংগ্ৰেছ দলে আৰম্ভ কৰিছে অসম বচাও অভিযান ৷ এই অভিযানৰ অংশ হিচাপে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে মঙলবাৰে জনীয়া বিধানসভা সমষ্টিত উপস্থিত হৈছে ৷

সন্মানীয় হুইটলী এৱাৰ্ডৰ বাবে মনোনীত উত্তৰ-পূৱৰ দুই যুৱক

সন্মানীয় হুইটলী এৱাৰ্ডৰ বাবে মনোনয়ন লাভ কৰিছে উত্তৰ-পূৱৰ দুই যুৱকে ৷ এই দুই যুৱক হৈছে অসমৰ বিভূতি লহকৰ আৰু নাগালেণ্ডৰ নুকলু ফম ৷

Toolkit case : দিশা ৰবিৰ জামিন আবেদন মঞ্জুৰ

Toolkit গোচৰ সন্দৰ্ভত আটক হোৱা পৰিৱেশ কৰ্মী দিশা ৰবিৰ মঙলবাৰে জামিন আবেদন মঞ্জুৰ কৰিলে নতুন দিল্লীৰ পাটিয়ালা হাউছ আদালতে ৷ অতিৰিক্ত সত্ৰ ন্যায়াধীশ ধৰ্মেন্দ্ৰ ৰাণাৰ আদালতে মঞ্জুৰ কৰিলে দিশা ৰবিৰ জামিন আবেদন ৷ উল্লেখ্য যে, যোৱা 20 ফেব্ৰুৱাৰীত আদালতে তেওঁৰ জামিন আবেদনৰ শুনানি সংৰক্ষিত কৰি ৰাখিছিল ৷

কৰ'ণাসৃষ্ট সংকটৰে মোকাবিলা কৰাত স্বাস্থ্যখণ্ড সফল হৈছে: প্ৰধানমন্ত্ৰী

চলিত বৰ্ষৰ স্বাস্থ্যখণ্ডৰ বাজেটক অসাধাৰণ আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । মঙলবাৰে তেওঁ কয় যে, বিগত বৰ্ষত COVID-১৯ মহামাৰী দেশৰ স্বাস্থ্যখণ্ডৰ বাবে প্ৰত্যাহ্বান আছিল । কিন্তু দেশে সফলতাৰে এই সংকট বহুখিনি দূৰ কৰিবলৈ সক্ষম হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.