ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি - TOP 10 @ 3 PM

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি
দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Mar 14, 2021, 3:03 PM IST

অগপৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ

অগপই দেওবাৰে প্ৰকাশ কৰিলে তৃতীয়খন প্ৰাৰ্থী তালিকা ৷ ১৩টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে অগপই ৷

ভাৰতীয় লোক সমতা পাৰ্টিৰ প্ৰাৰ্থী প্ৰবীণ কুমাৰ হাজৰিকাৰ এক আছুতীয়া সাক্ষাৎকাৰ

প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটাদিন বাকী থকা সময়তে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰতিদিনে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে অনুষ্ঠিত কৰিছে ইখনৰ পাচত সিখনকৈ প্ৰচাৰ সভা ৷ আন আন সমষ্টি সমূহৰ দৰে ১২২ নং তিনিচুকীয়া সমষ্টিটো বৃদ্ধি পাইছে নিৰ্বাচনীক তৎপৰতা ৷

৭৭ নং বিহালী বিধানসভা সমষ্টিৰ ভোটাৰৰ মনৰ কথাৰে আজিৰ জনতাৰ কন্ঠ...

৭৭ নং বিহালী বিধানসভা সমষ্টিৰ বিধায়ক হ’ল বিজেপি মিত্ৰজোঁট চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত ৷ ২০১৬ৰ বিধানসভা নিৰ্বাচনত মন্ত্ৰী ৰঞ্জিত দত্তই কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপক শৰ্মাক পৰাজয় কৰি ৫২ হাজাৰৰো অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু চৰকাৰৰ খন অতি গুৰুত্বপূৰ্ণ বিভাগ ৰেচম, হস্ততাঁত বস্ত্ৰ শিল্প আৰু সংখ্যালঘু দপ্তৰৰ দায়িত্বত থাকি মন্ত্ৰীগৰাকীয়ে নিজ সমষ্টিৰ মহিলাসকলৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিলে তথা বিগত পাঁচ বছৰে সমষ্টিবাসীয়ে বিধায়কগৰাকীৰ পৰা কি পালে কি নাপালে, তাৰেই এক পৰ্যালোচনা ৷

বিজেপিৰ মিথ্যাচাৰৰ বিৰুদ্ধে সৰৱ ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল

ডিব্ৰুগড়ত ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল সংবাদমেল ৷ উজনিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমত আহি উপস্থিত হৈছে বাঘেল ৷ ডিব্ৰুগড়ৰ টিংখাং, চেপন, চাবুৱা, শদিয়া, নাজিৰা, ডিব্ৰুগড়, নাহৰকটীয়া আৰু ডুলিয়াজানত চলাব নিৰ্বাচনী প্ৰচাৰ ৷

অগপৰ হাতীয়ে চাবুৱাত বিজেপিৰ ঘৰ বাৰীহে ভাঙিলে: অজয় ফুকন

চাবুৱাত সংগীত শিল্পী তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থী অজয় ফুকনৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ চাবুৱাত বিজেপিৰ ভেঁটিক অগপই শেষ কৰাৰ লগতে অগপৰ হাতীয়ে বিজেপিৰ পদুম গচকি শেষ কৰিলে মন্তব্য ফুকনৰ ৷

ভোট বিভাজন সন্দৰ্ভত মন্তব্য পলাশ চাংমাইৰ

ভোট বিভাজন যাতে নহয় তাৰ বাবে ৰাইজৰ দল আৰু জাতীয় পৰিষদক পৰিকল্পনা কৰিবলৈ আহ্বান পলাশ চাংমাইৰ । ভোট বিভাজনৰ ফলত যাতে সাম্প্ৰদায়িক শক্তিসমূহ লাভৱাম্বিত নহয় তাৰ বাবে দুয়োটা আঞ্চলিক ৰাজনৈতিক দলেই ৰাজনৈতিক পৰিকল্পনা কৰাটো প্ৰয়োজন বুলি মন্তব্য পলাশ চাংমাইৰ ।

জি এম চি এইচত অখিল গগৈক সাক্ষাৎ কৰিলে যোগেন্দ্ৰ যাদৱে

দেওবাৰে পুৱাই গুৱাহাটী মেডিকেল কলেজ হাস্পতালত অখিল গগৈক সাক্ষাৎ কৰে মাজকৰ্মী যোগেন্দ্ৰ যাদৱ আৰু কৃষক আন্দোলনৰ অন্যতম নেতা ড° সুনীলমে ৷

কোকৰাঝাত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

দেওবাৰে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে বিটিআৰৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ড° এল আৰ বিষ্ণই ৷ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে জনোৱা অনুসৰি আৰক্ষী অধীক্ষক মুকুট ৰাভা আৰু উপ-আৰক্ষী অধীক্ষক পুনমজিৎ নাথৰ নেতৃত্বত আৰক্ষীৰ এটি দলে শনিবাৰে নিশা জিলাখনৰ দিঘলীপাৰা বনাঞ্চলত অভিযান চলাই মাটিৰ তলত পুতি থোৱা অৱস্থাত অস্ত্ৰখিনি উদ্ধাৰ কৰে ৷

অসমত আন এক নতুন উগ্ৰপন্থী সংগঠনৰ আবিৰ্ভাৱ !

আকৌ ৰক্তাক্ত হ'ব নেকি বিটিআৰ ? প্ৰাক্তন এন ডি এফ বি নেতা এম বাথাৰ নেতৃত্বত গঠন হৈছে এনএলএফবি নামৰ এটা নতুন উগ্ৰপন্থী সংগঠনৰ । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰথমটো বিবৃতিৰ জৰিয়তে উগ্ৰপন্থী সংগঠনটোৰ আত্মপ্ৰকাশ । প্ৰাক্তন এনডিএফবি আৰু প্ৰাক্তন বিএলটি সদস্যৰে গঠিত এই উগ্ৰপন্থী সংগঠন ।

নাচি-বাগি ভোটাৰক আকৰ্ষণৰ চেষ্টা বিমল বৰাৰ

নিতৌ নতুন কৌশলেৰে ভোটাৰক আকৰ্ষণত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী ৷ কি কংগ্ৰেছ, কি বিজেপি কোনো পিছ পৰা নাই ৷ শনিবাৰে বিশেষ নিৰ্বাচনী গীতৰ তালে তালে নৃত্য কৰি নিৰ্বাচনী প্ৰচাৰ চলালে টিংখাঙৰ বিজেপি প্ৰাৰ্থী বিমল বৰাই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.