ETV Bharat / state

সাত বজাৰ শীৰ্ষ দহ বাতৰি...

author img

By

Published : Sep 7, 2020, 7:11 PM IST

সাত বজাৰ শীৰ্ষ দহ বাতৰি...

Top Ten at 7
সাত বজাৰ শীৰ্ষ দহ বাতৰি...

গোলাঘাটত তেল চোৰ চক্ৰৰ উৎখাত-৬ জনক গ্ৰেপ্তাৰ

গোলাঘাটত তেল চোৰ চক্ৰ উৎখাত। গোলাঘাটৰ জামুগুৰি থানাৰ অন্তৰ্গত আইতনীয়া মিৰিগাঁৱৰ "দ" চুকত উৎখাত কৰে চোৰৰ চক্ৰটোক। জামুগুৰি আৰক্ষীৰ এক অভিযানত উৎখাত হয় তেল চোৰৰ চক্ৰটো। তেল চোৰৰ লগত জড়িত ৬ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

চৰকাৰী সাহায্যৰ বাবে আশাবাদী শয্যাগত ক্ৰীড়াপ্ৰেমী বসন্ত শৰ্মা

ক্ৰীড়াপ্ৰেমী বসন্ত শৰ্মা ৷ ক্ৰীড়াপ্ৰেমী লোকৰ হৃদয় জিনা এগৰাকী প্ৰতিভাবান খেলুৱৈ ৷ অতি দুৰ্দান্ত,দক্ষ আৰু নিপুন খেলুৱৈগৰাকী আছিল ভলীবল আৰু ফুটবল উভয় ক্ৰীড়াঙ্গনতে পাকৈত ৷ 2014 চনতেই পেৰালাইচিছ হৈ পৰা খেলুৱৈজন বৰ্তমান শয্যাগত ৷

হাইপাৰছোনিক প্ৰযুক্তিগত ডেমো বাহনৰ সফল পৰীক্ষণ ডিআৰডিঅ'ৰ

ভাৰতৰ ৰাজহুৱা খণ্ডৰ অন্যতম প্ৰতিষ্ঠান, প্ৰতিৰক্ষা গৱেষণা আৰু গৱেষণা সংস্থাই সোমবাৰে এক বিশেষ সফলতা লাভ কৰে ৷ ভাৰতৰ স্বদেশী প্ৰযুক্তিৰে নিৰ্মাণ কৰা হাইপাৰছোনিক টেকন'লজি ডেমোনষ্ট্ৰেটৰ ভেহিকলৰ সফল পৰীক্ষণ সম্পন্ন কৰে সংস্থাটোৱে ৷

জৰাজীৰ্ণ দলঙেৰে যাতায়াত চিদলীবাসীৰ: জনপ্ৰতিনিধিৰ নাই আহৰি

উন্নয়নৰ ক্ষেত্ৰত আজিও যথেষ্ঠ পিছপৰি আছে চিৰাং জিলাৰ চিদলী বিধানসভা সমষ্টি ৷ অঞ্চলটোৰ চানপুৰত থকা এখন ভগ্ন দলং যাতায়াতৰ ক্ষেত্ৰত সম্প্ৰতি অন্তৰায় হিচাপে দেখা দিছে ৷

বাঘজানত পুনৰ অঘটন, জ্বলিল দ্বিতীয়কুৰা জুই

বাঘজানৰ জুই নুমুৱাবলৈ নতুন কৌশল অইল কৰ্তৃপক্ষৰ ৷ পূৰ্বৰ খাদৰ পৰা নিৰ্গত জুইক বিভক্ত ৷ নতুন কৌশলৰ জড়িয়তে দুকুৰা জুইৰে নিৰ্গত গেছ ৷ অতি সোনকালে গেছ নিৰ্গমন বন্ধ হ'ব বুলি আশা প্ৰকাশ ৷

পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ

বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশ অনুসৰি শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে গুৱাহাটী বিশ্ববিদ্যালয় । অহা 15 ছেপ্তেম্বৰৰ পৰা 20 ছেপ্তেম্বৰলৈ বিএডৰ ব্যৱহাৰিক পৰীক্ষা আৰু 22 ছেপ্তেম্বৰ পৰা 29 ছেপ্তেম্বৰলৈ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব । ইয়াৰোপৰি 22 ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ'ব আন আন স্নাতক পৰ্যায়ৰ পৰীক্ষাসমূহ ।

থানাৰ পৰা মুকলি হৈয়েই এজেৱাইচিপি নেতাৰ হুংকাৰ

থানাৰ পৰা মুকলি হৈয়েই হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ । বৃহৎ নদীবান্ধৰ কাম চলি থকালৈকে অব্যাহত থাকিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আন্দোলন ।

আচৰিত ! ক’ত প্ৰতি কেজি নিমখৰ মূল্য 200 টকা

আপোনাৰ কল্পনাৰো উৰ্ধত এখন ঠাই ৷ য’ত আজিও প্ৰতি কেজি নিমখৰ মূল্য হৈছে 200 টকা ৷ ক’ত আছে এইখন ঠাই ৷ পঢ়ক আমাৰ এই খবৰ ৷

নলবাৰীৰ যুৱকে প্ৰস্তুত কৰি উলিয়ালে 40 কিল'গ্ৰাম ওজনৰ দুখনকৈ কিতাপ

প্ৰৱল ইচ্ছা শক্তিৰ দ্বাৰা মানুহে অসাধ্যও সাধন কৰিব পাৰে ৷ এইকথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাইছে নলবাৰীৰ বৰকুৰিহা গাওঁৰ এগৰাকী ব্যতিক্ৰমী চিন্তাধাৰাৰ যুৱকে ৷ যুৱক জনে বিভিন্ন কাকতত প্ৰকাশ পোৱা বাতৰি সংগ্ৰহ কৰি প্ৰস্তুত কৰি উলিয়াইছে প্ৰায় 40 কিল'গ্ৰাম ওজনৰ দুখনকৈ কিতাপ ৷

কংগণা ৰানাৱটৰ বাবে বিশেষ নিৰাপত্তা বেষ্টনি হিমাচল প্ৰদেশ চৰকাৰৰ

কংগণা ৰানাৱটৰ পিতৃে দেওবাৰে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰক শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে দিয়া ভাবুকি সম্পৰ্কত কন্যাৰ সুৰক্ষা বিচাৰি আবেদন জনাইছিল । ইয়াৰ পূৰ্বে কৰা এটা টুইটত কংগণাই প্ৰকাশ কৰে যে,তেওঁ ৯ চেপ্তেম্বৰত মুম্বাইলৈ ঘূৰি আহিব।লকডাউনৰ সময়ছোৱাত মানালিৰ ঘৰত সময় কটোৱা কংগণা মুম্বাইৰ ঘৰলৈ ঘূৰি আহিব,যত কিছুদিন পূৰ্বে স্বাংকী প্ৰডাক্সনৰ কাৰ্যালয় উদ্বেধন কৰা হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.