ETV Bharat / state

সাত বজাৰ শীৰ্ষ দহটা বাতৰি... - top ten at 7 pm

সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten at 7 pm
সাত বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Jun 10, 2021, 7:29 PM IST

কেন্দ্ৰই ধানৰ দাম বঢ়ালেও উপকৃত নহ'ব অসমৰ কৃষক

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বুধবাৰে এক কেবিনেট সিদ্ধান্ত যোগে বৃদ্ধি কৰিলে ধানৰ ন্যূনতম সমৰ্থন মূল্য । এতিয়াৰে পৰা চৰকাৰে খেতিয়কৰ পৰা ধান ক্ৰয় কৰিব প্ৰতি কুইন্টলত ১,৯৪০ টকাকৈ । কিন্তু ইয়াৰ দ্বাৰা অসমৰ কৃষক লাভান্বিত এইবাৰো ‌‌হয়তো নহ'ব ।‌‌

ৰাজ্যত পুনৰ আক্ৰমণৰ বলি চিকিৎসক

হোজাইৰ উদালিত এজন কৰ'ণা ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ডাঃ সেউজ সেনাপতিসহ এগৰাকী স্বাস্থ্যকৰ্মীক প্ৰহাৰৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ বিশ্বনাথত সংঘটিত হৈছে চিকিৎসক আক্ৰমণৰ ঘটনা ৷ বুধবাৰে বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত একাংশ উদণ্ড যুৱকে প্ৰহাৰ কৰিলে বাগিচাখনৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকক ৷

ইটিভিৰ বাতৰি প্ৰভাৱ : পিংগলেশ্বৰ দেৱালয়ৰ জীৱ-জন্তুক খাদ্য সামগ্ৰী বিতৰণ ভক্তৰ

ইটিভি ভাৰতত প্ৰকাশিত বাতৰিৰ প্ৰভাৱ ৷ মন্দিৰৰ জীৱকূলক খাদ্য আগবঢ়াবলৈ ওলাই আহিল একাংশ লোক ৷ ৰাজ্যত জাৰি কৰা আংশিক ল'ক ডাউনে অন্যান্য ক্ষেত্ৰ লগতে দেৱালয় সমূহৰ পুখুৰীত থকা মাছ-কাছকে ধৰি দেৱালয়ত থকা হাঁহ-পাৰ, গৰু-ছাগলী আদিৰ বাবে এক খাদ্য সংকট নমাই আনিছিল ৷ এই সমগ্ৰ বিষয়টো সৰ্বিস্তাৰে প্ৰতিবেদন প্ৰস্তুত কৰি ইটিভি ভাৰত অসমত প্ৰকাশ কৰা পাচতে এক ধনাত্মাক সঁহাৰি দেখা গৈছে ৷ ইতিমধ্যে পিংগলেশ্বৰ দেৱালয়ৰ মাছ, কাছ, হাঁহ আদিক খাদ্য যোগান ধৰাৰ আগবাঢ়ি আহিছে বহু ভক্ত তথা শুভকাংক্ষী ৷

মহানগৰীত উদ্ধাৰ জোনাইৰ ১০ বছৰীয়া শিশু

মহানগৰীৰ গণেশগুৰিস্থিত থেংকইউ লজৰ সমীপত উদ্ধাৰ জোনাইৰ এটি 10 বছৰীয়া শিশু । ঘটনাস্থলীত সংবাদ মাধ্যমৰ লগতে দিছপুৰ আৰক্ষী উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰি ক'ভিড টেষ্ট(covid test) তথা স্বাস্থ্য পৰীক্ষা কৰি ছাইল্ড লাইন(childline)ক গতাই দিয়ে ৷

সংকটত শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰী

যিকোনো মূহুৰ্ততে ভাগি পৰিব পাৰে জয়সাগৰ পুখুৰীৰ পাৰ ৷ পৰিস্থিতিৰ বুজ ল’লে জিলা উপায়ুক্ত বিষ্ণু কমল বৰা ৷ পুখুৰীটোৰ দক্ষিণ পাৰ অনতিপলমে মেৰামতিৰ আশ্বাস জিলা উপায়ুক্তগৰাকীৰ ৷

ধাৰষাৰ বৰষুণৰ ফলত 54 নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন

54 নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ গৰ্ভৱতী মহিলা লৈ অহা এম্বুলেঞ্চ দুঘণ্টালৈকে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

মুম্বাইত অট্টালিকা খহি ১১ জনৰ মৃত্যু

বুধবাৰে নিশা মুম্বাইৰ পশ্চিম মালাডত এটা আৱাসিক অট্টালিকা খহি(Building collapse) প্ৰাণ হেৰুৱালে ১১ জন লোকে । আহত হ'ল ৭ জন লোক । আহত লোকসকলক নিশা বিডিবিএ হাস্পতাললৈ নিয়া হয় ।

Buddhadeb Dasgupta : বংগই হেৰুৱালে এক উজ্জল ৰত্ন

বিশিষ্ট ছবি পৰিচালক বুদ্ধদেৱ দাসগুপ্তা(Buddhadeb Dasgupta)ৰ পৰলোকপ্ৰাপ্তি । বৃহস্পতিবাৰে পুৱতি নিশা নিজ বাসগৃহতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । ছবি পৰিচালকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী(MAMATA BENARJEE)য়ে ।

১৮ টা অক্সিজেন প্ৰকল্প(Oxygen plants) স্থাপন কৰিব চনু চুডে

বলীউডৰ অভিনেতা চনু চুডে(Sonu Sood) ভাৰতৰ বিভিন্ন ৰাজ্যত স্থাপন কৰিব ১৮ টা অক্সিজেন প্ৰকল্প(Oxygen plants) । ক'ভিড-১৯(Covid-19) মহামাৰীয়ে সমগ্ৰ দেশতে বিভীষিকা সৃষ্টি কৰাৰ সময়তে বিপদত পৰা লোকসকলক সহায় কৰি আহিছে অভিনেতাগৰাকীয়ে ।

কৃষক সংগঠনৰ পক্ষত থাকিব পশ্চিমবংগ চৰকাৰ...

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে ৰাকেশ টিকাইত আৰু যুধবীৰ সিঙৰ নেতৃত্বত হোৱা বৈঠকত কৃষক নেতাসকলক সমৰ্থন জনোৱাৰ আশ্বাস দিয়ে । নীতিগত বিষয়বোৰ আলোচনা কৰিবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে একেলগে থিয় দিবলৈ ৰাজ্যসমূহক আহ্বান মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.