ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - TOP TEN AT 5 PM

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-ten-at-5-pm
5 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Jul 22, 2021, 5:00 PM IST

আলফাৰ নাম লৈ কোনে চলাইছে ধন সংগ্ৰহ অভিযান ?

নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ নাম লৈ এচাম দুষ্ট চক্ৰই ধন সংগ্ৰহ অভিযান চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷ যুদ্ধ বিৰতি(ceasefire) প্ৰক্ৰিয়াৰ অংশ স্বৰূপে সংগঠনটোৱে বৰ্তমান পৰ্যন্ত হিংসাত্মক কাৰ্যসূচী তথা ধন সংগ্ৰহৰ পৰা বিৰত হৈ আছে এনে সময়ত জনমানসত আলফাৰ ভাৱমূৰ্তি ম্লান কৰাৰ অপচেষ্টা চলা বুলি এক বিবৃতি যোগে দাবী উত্থাপন কৰিছে সংগঠনটোৱে ৷

Pegasus কাণ্ড : তালিকাত সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াৰ নাম

পেগাচাচ (Pegasus)ৰ ফোন টেপিঙৰ তালিকাত ভাৰতৰ বহু প্ৰখ্যাত সাংবাদিক, মানৱাধিকাৰ কৰ্মী, ৰাজনীতিক তথা বিশিষ্ট ব্যক্তিৰ নাম সন্নিবিষ্ট হৈছে । যাক লৈ ইতিমধ্যে দেশজুৰি বিতৰ্ক অব্যাহত আছে ৷ আশ্চৰ্যজনকভাৱে এই তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে অসমৰ দুজন বিশেষ ব্যক্তিৰ ৷ তেওঁলোক দুজন হ’ল আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাৰ্য আৰু আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়া ৷

মুলসূঁতিলৈ ঘূৰি আহিল বাথা

বিদ্ৰোহী সংগঠন নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ বড়োলেণ্ড (NLFB)ৰ মুৰব্বী এম বাথা(M Batha)ই বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ মাজবাটৰ চিকাৰীডাঙত অসম-অৰুণাচল সীমান্তত আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণস্থলীত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ৷

এম বাথাৰ ওভতনি যাত্ৰাত উৎফুল্লিত পত্নী-কন্যা

20 জন কেডাৰসহ ওদালগুৰি জিলাত উপস্থিত এম বাথা ৷ বিদ্ৰোহী সংগঠন এন এল এফ বি (NLFB)ৰ নেতা গৰাকীয়ে আত্মসমৰ্পণ কৰিব আৰক্ষীৰ ওচৰত ৷

মুখ্যমন্ত্ৰীক গো-মাংস ভক্ষণৰ প্ৰস্তাৱ আগবঢ়াই বিপদত যুৱতী

মুখ্যমন্ত্ৰীক গো-মাংস(beef) ভক্ষণৰ প্ৰস্তাৱ আগবঢ়াই বিপদত যুৱতী ৷ বিধান সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে গো-সংৰক্ষণ বিধেয়ক(cattle preservation bill) উত্থাপন কৰাৰ পিছতে সংঘটিত হোৱা এই ঘটনাই ৰাজ্যৰ ৰাজনীতিত বহন কৰিছে বিশেষ তাৎপৰ্য ৷

গহপুৰৰ ছাত্ৰীয়ে আঁহত গছৰ পাতত আঁকিলে বিভিন্ন ছবি

ক’ৰণা মহামাৰীৰ সময়ত দেশ তথা ৰাজ্যত এই মহামাৰী নিয়ন্ত্ৰণৰ বাবে লকডাউন হোৱা পৰিলক্ষিত হৈছে ৷ বৰ্তমানো বহু ঠাইত লকডাউন হৈ থকা পৰিলক্ষিত হৈছে ৷ এই লকডাউনৰ সময়ছোৱাত বিভিন্ন জনে নিজকে বিভিন্ন সৃষ্টিশীল কামত নিজকে ব্যস্ত ৰখা দেখা গৈছে ৷

যোৰহাটৰ গড়আলিত ভয়ংকৰ অগ্নিকাণ্ডৰ

বৃহস্পতিবাৰে, যোৰহাটৰ গড়আলিত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড ৷ ভাৰত হাৰ্ডৱেৰ আৰু উষা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনত প্ৰথমে এই জুইৰ সূত্ৰপাত ঘটে ৷ বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ পৰিমান জানিব পৰা হোৱা নাই ৷ শ্বৰ্টচাৰ্কিত(short circuit)ৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে ৷

অৰুণাচল প্ৰদেশৰ লংডিঙত দুজন NSCN সদস্যৰ আত্মসমৰ্পণ

অৰুণাচল প্ৰদেশৰ লংডিঙত এনএছচিএনৰ দুটা গোটৰ দুই দুধৰ্ষ সদস্যই বুধবাৰে আত্মসমৰ্পণ কৰে । অসম ৰাইফলছৰ সেনাৰ ওচৰত দুই দুধৰ্ষ সদস্যই কৰিলে আত্মসমৰ্পণ ৷

নিঃশেষ হোৱাৰ দিশে ঐতিহাসিক নৰাকোঁৱৰৰ মৈদাম

ধ্বংসৰ গৰাহত শিৱসাগৰৰ ঐতিহাসিক মৈদাম সমূহ ৷ উপযুক্ত সংৰক্ষণৰ অভাৱত জহি-খহি যোৱাৰ উপক্ৰম ঘটিছে শিৱসাগৰৰ ভিন্ন প্ৰান্তত অৱস্থিত বহু ঐতিহাসিক সমল তথা মৈদাম সমূহ ৷ যাক লৈ এতিয়া চিন্তিত শিৱসাগৰবাসী ৷

ভোট নোপোৱাৰ বাবেই বিধায়কে নিৰ্মাণ নকৰিলে পথ !

আমগুৰি সমষ্টিৰ এখন আদৰ্শ গাঁও ৷ নিৰ্বাচনৰ পূৰ্বেই ঠিকাদাৰে আৱন্টন নোহোৱাকৈ আৰম্ভ কৰিলে নিৰ্মাণৰ কাম ৷ কিন্তু নিৰ্বাচনত বিধায়কে গাঁওখনৰ পৰা ভোট কম পোৱাৰ বাবেই সম্পূৰ্ণ নকৰিলে পথটোৰ নিৰ্মাণৰ কাম ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.