ETV Bharat / state

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি... - top ten at 3 pm

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি...

top 10 at 3pm
দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Mar 29, 2021, 3:01 PM IST

মাতৃৰ অসুস্থতা: কাৰ্যসূচী সামৰি ডিব্ৰুগড়লৈ লুৰিণ

গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ ডুলু গগৈ ৷ ইতিমধ্যে সঞ্জীৱনী নাৰ্চিংহোমত উপস্থিত হৈছে এজেপিৰ তিনিচুকীয়াৰ প্ৰাৰ্থী তথা প্ৰাক্তন জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ছমচেৰ সিঙৰ লগতে এজেপিৰ বহু নেতা-কৰ্মী আৰু আছু নেতৃত্ব ৷ কাৰ্যসূচী সামৰি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ওভতিছে এজেপিৰ সভাপতি গৰাকী ৷

হাগ্ৰামাই সকলোতে জাতি বিক্ৰী কৰিছে: প্ৰমোদ বড়ো

বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ বাসুগাঁৱত ৰোড শ্ব' ৷ অসমত সুস্থ চৰকাৰ গঠনত ৰাইজে সহায় কৰিব বুলি মন্তব্য প্ৰমোদ বড়োৰ ৷

ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ শলগুৰিত দৌল উৎসৱ

প্ৰতিবছৰে শলগুৰিবাসীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত-বৈষ্ণৱ সকলে ফাকুৱাৰে ৰাঙলী হৈ হৰিনামৰ ধ্বনিৰে ফাকুৱা খেল পাতে ৷ পূৰ্বতে মাধৱ গোঁসাই, দৌকা চাপৰি সত্ৰ, কৰিতি পাৰ সত্ৰ, বাসুদেৱ থান, বুঢ়া গোঁসাই, শলগুৰি গোঁসাইকে ধৰি সকলোৱে ফাকুৱা পথাৰত গৈ গোঁসাই দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল ৷ এইবেলি ক’ভিডৰ কাৰণে সকলো কাৰ্যসূচী বাতিল কৰা হৈছে ৷

5 বছৰত 10 লাখ নিৱনুৱাক কৰ্ম সংস্থাপনৰ প্ৰতিশ্ৰুতি মুখ্য়মন্ত্ৰী সোণোৱালৰ

বোকাজানত বিজেপিৰ বিশাল নিৰ্বাচনী সভা ৷ বিজেপিয়ে ১০০+ আসন লাভ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যু । সোমবাৰে পুৱা ঘৰৰ সন্মুখৰ নলাত উদ্ধাৰ সাংবাদিকগৰাকীৰ মৃতদেহ । সাংবাদিক গৰাকী হত্যাকাণ্ডৰ বলি হোৱাৰ সন্দেহ পৰিয়ালৰ ৷

দেশবাসীক ৰাষ্ট্ৰপতিৰ হোলীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সোমবাৰে হোলী উপলক্ষে দেশৰ সকলো নাগৰিকক শুভেচ্ছা জনায় ৷ ৰঙৰ উৎসৱ হোলী সামাজিক সমন্বয়ৰ উৎসৱ, যিয়ে মানুহৰ জীৱনত আনন্দ আৰু আশা আনে ।

এলডিএফ, ইউডিএফৰ দৰে সাপ কেৰালাক নালাগে : গিৰিৰাজ সিং

এলডিএফ, ইউডিএফক সাপৰ সৈতে তুলনা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ ৷ এই দুই দলৰ কেৰালাত প্ৰয়োজন নাই বুলি মন্তব্য সিঙৰ ৷

পিত্তাশয়ৰ সমস্যাত ভূগিছে এনচিপি নেতা শৰদ পাৱাৰ

অসহ্যকৰ পেটৰ বিষত ভূগি থকাৰ পিছতে মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতাললৈ লৈ যোৱা হয় জ্যেষ্ঠ এন চি পি নেতা শৰদ পাৱাৰক । চলিত সপ্তাহতে পাৱাৰৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ'ব ।

জম্মু-কাশ্মীৰত গ্ৰেণেড বিস্ফোৰণ

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ বিজবেহাৰাৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ) বাংকাৰত দেওবাৰে সন্ত্ৰাসবাদীৰ গ্ৰেণেড বিস্ফোৰণ ৷ এই ঘটনাত দুজন জোৱান আহত ৷

পৰিয়ালৰ সৈতে হোলী উদযাপন প্ৰিয়ংকা-নিকৰ

প্ৰিয়ংকাই স্বামী নিকৰ সৈতে হোলী উদযাপনৰ ৰঙীন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল । প্ৰিয়ংকাই ৬১.৫ মিলিয়ন ইনষ্টাগ্ৰামৰ অনুৰাগীক হোলীৰ শুভেচ্ছা জনাই অভিনেত্ৰী গৰাকীয়ে কয় যে উৎসৱৰ ৰং তেওঁৰ প্ৰিয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.