ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি... - 11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 11 AM
11 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : May 21, 2021, 11:03 AM IST

অসম বিধানসভাৰ পঞ্চদশ অধিৱেশন: শপত গ্ৰহণ নৱ নিৰ্বাচিত বিধায়কসকলৰ

বিধানসভাৰ মজিয়াত শপত গ্ৰহণ নৱ নিৰ্বাচিত বিধায়কসকলৰ ৷ আজি পুৱা 9.30ত আৰম্ভ হয় অসম বিধানসভাৰ পঞ্চদশ অধিৱেশন ৷ অধিৱেশনত অধ্যক্ষৰ আসন অলংকৃত কৰে প্ৰ’টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে

আজিৰ পৰা বন্ধ হ'ল মাজুলী-নিমাতী ফেৰী সেৱা

ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মৰ্মে আজিৰ পৰা আন্তঃজিলা যাতায়ত বন্ধ হোৱাৰ সমান্তৰালকৈ বন্ধ হৈ পৰিছে মাজুলী-নিমাতী ফেৰী সেৱাও । আগন্তুক ১৫ দিনৰ বাবে বন্ধ থাকিব মাজুলী-নিমাতী ফেৰী সেৱা ।

২০২২ চনত নিৰ্মাণ সম্পূৰ্ণ হ’ব ভালুকপুং-চাৰিদুৱাৰ-টাৱাং পথ

ভাৰত-চীন সীমান্তত দুৰ্গম পথসমূহ সীমান্ত পথ সুৰক্ষা সংস্থা চমুকৈ বি আৰ অ’ ই যুদ্ধকালীন প্ৰস্তুতিৰে চলাইছে নতুনকৈ নিৰ্মানৰ কাম । ভালুকপুং-চাৰিদুৱাৰ-টাৱাং পথ 2022 চনত নিৰ্মাণ সম্পূৰ্ণ হ’ব । মুঠ 2,000 কিলোমিটাৰ পথ এই সংস্থাই নিৰ্মাণ কৰি আছে ।

ৰিতুল শইকীয়াৰ মুকলি সন্দৰ্ভত পত্নীৰ প্ৰতিক্ৰিয়া

আলফা স্বাধীনে অ’এনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াক মুক্তি কৰি দিয়া খবৰ পাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰিতুল শইকীয়াৰ পত্নীয়ে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আগন্তুক 4 দিনৰ ভিতৰত ৰিতুল শইকীয়াক মুকলি কৰি দিয়া হ’ব ৷ এই খবৰ পাই উৎফুল্লিত হৈ মুখ্যমন্ত্ৰী শৰ্মা আৰু আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ধন্যবাদ জনায় অপহৃত ৰিতুল শইকীয়াৰ পত্নীয়ে ৷

আন্তঃজিলা যাতায়তৰ বাবে ই-পাছৰ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনৰ

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আজিৰে পৰা সমগ্ৰ ৰাজ্যতে আগন্তুক 15 দিনৰ বাবে প্ৰযোজ্য হোৱাকৈ আন্তঃজিলা যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে ৷ কিন্তু জৰুৰীকালীন সেৱাৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে ৷

বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষৰ আসনত বহিব বিশ্বজিৎ দৈমাৰী

অসম বিধানসভাৰ অধ্যক্ষৰ আসনত বহিব বিজেপি বিধায়ক বিশ্বজিৎ দৈমাৰী ৷ আনহাতে, বিধানসভাৰ উপাধ্যক্ষৰ আসনত বহিব বিধায়ক ডাঃ নোমল মমিনে ৷ শনিবাৰে অসম বিধানসভাৰ মজিয়াত আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰা হ’ব বিধায়কদ্বয়ক ৷

বৰপেটাৰোডত নাৰী দেহ ব্যৱসায়ীৰ ঘাটি উচ্ছেদ

বৃহস্পতিবাৰে বৰপেটাৰোডৰ কলহভাংগাত নাৰী দেহ ব্যৱসায়ীৰ ঘাটি উচ্ছেদ আৰক্ষীৰ ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত গঢ় লৈ উঠা এই ব্যৱসায়ৰ পৰা এজন ব্যৱসায়ীক আটক কৰাৰ লগতে উদ্ধাৰ কৰে এগৰাকী 15 বছৰীয়া কিশোৰীক ৷

টিপ্ৰা মোথাৰ দলীয় কৰ্মীক নিলম্বন

ৰাজনৈতিক আক্ৰমণত জড়িত থকাৰ অভিযোগত নিলম্বিত হ'ল টিপ্ৰা মোথাৰ দলীয় কৰ্মী ৷ টিপ্ৰা মোথাৰ প্ৰধান প্ৰদ্যুত কিশোৰ দেৱবৰ্মনে এই কথা জানিবলৈ দিছে ৷ আইপিএফটিৰ সভাপতি তথা বিজেপি-আইপিএফটি কেবিনেটৰ জ্যেষ্ঠ নেতা এন চি দেৱবৰ্মাৰ আক্ৰমণত জড়িত থকাৰ অভিযোগত নিলম্বন টিপ্ৰা মোথাৰ দলীয় কৰ্মীক ৷

কৰ’ণাত আক্ৰান্ত প্ৰাক্তন ভাৰতীয় দৌৰবিদ মিলখা সিং

কৰ’ণাত আক্ৰান্ত হৈছে 'ফ্লায়িং শিখ' নামেৰে পৰিচিত প্ৰাক্তন ভাৰতীয় দৌৰবিদ মিলখা সিং ৷ ইতিমধ্যে বিখ্যাত দৌৰবিদগৰাকী চণ্ডীগড়স্থিত নিজ গৃহতে হোম আইচলেচন হৈ আছে ৷

13 ঘন্টাৰ ভিতৰত ক’ভিডত নিঃশেষ এটা পৰিয়াল

মহামাৰীৰ কালৰূপত তচনচ হৈ গ’ল এটা পৰিয়াল ৷ 13 ঘন্টাৰ ভিতৰত সম্পূৰ্ণৰূপে নিঃশেষ হৈ গ’ল এটা পৰিয়াল ৷ ক’ভিড মহামাৰীত প্ৰাণ হেৰুৱালে পিতৃ, মাতৃ আৰু পুত্ৰই ৷ ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ শিৰ্শী অঞ্চলত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.