ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি... - top ten at 11 am

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten at 11 am
11 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Apr 3, 2021, 11:03 AM IST

নতুন দল দুটা কংগ্ৰেছৰ বি টীম : মুখ্যমন্ত্ৰী সোণোৱাল

ধৰ্মপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কংগ্ৰেছ-এ আই ইউ ডি এফ অসমীয়াৰ মহাশত্ৰু ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বদলিকৰণ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃক

ভাৰতীয় নিৰ্বাচন আয়োগে বদলিকৰণৰ নিৰ্দেশ দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ তথা গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক ৷ শুকুৰবাৰে অসমৰ মুখ্য নিৰ্বাচন বিষয়াক এই নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগে ৷

জাকিৰ হুছেইনৰ প্ৰচাৰ সভা নহয়, এয়া বিজয় উৎসৱহে: ৰিপুণ বৰা

সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকদাৰে পুনৰ প্ৰমাণ কৰিলে নিজৰ জনপ্ৰিয়তা ৷ 40 হাজাৰৰো অধিক সমৰ্থকৰ উপস্থিতিত কয়াকুছিত বিশাল জনসভা ৷ ৰিপুণ বৰাৰ মন্তব্য, সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকদাৰৰ নিৰ্বাচনী প্ৰচাৰ সভা নহয়, এয়া জাকিৰ হুছেইনৰ বিজয় উৎসৱ ৷

পুনৰ মেছাকী অইল খাদ অনিৰ্দিষ্টকাললৈ বন্ধৰ ঘোষণা

অইলৰ সৈতে জাতীয় জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ আলোচনা বিফল ৷ মেছাকী অইল খাদ অনিৰ্দিষ্টকাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত বিভিন্ন সংগঠনৰ ৷

ফণীভূষণ চৌধুৰীক বিৰোধিতা কৰিলেই বিপদ ভোটাৰৰ

মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে ভোটাৰক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে । বঙাইগাঁও সমষ্টিৰ বিভিন্ন ঠাইত সংঘটিত এনে ঘটনা ।

পৰৱৰ্তী ৪৮ ঘণ্টালৈ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই

প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে ৷ পৰৱৰ্তী ৪৮ ঘণ্টাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই চলাব নোৱাৰিব কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ ৷

মমতা বেনাৰ্জীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ বিজেপিৰ

ভাৰতীয় জনতা পাৰ্টীয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে পশ্চিম বংগৰ শীৰ্ষ নিৰ্বাচনী বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছে ৷ হুগলীত নিৰ্বাচনী ৰেলীত বিজেপিৰ সমৰ্থকক ভাবুকি প্ৰদান কৰাৰ লগতে ভয় দেখুৱাৰ অভিযোগ উত্থাপন কৰি এই অভিযোগ দাখিল বিজেপিৰ ৷

উত্তৰ প্ৰদেশত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ, ধৰ্যণ কৰি হত্যাৰ অভিযোগ

উত্তৰ প্ৰদেশৰ হাপুড়ৰ চিম্বাৱলীত নিজ গৃহৰ পৰা বিদ্যালয়লৈ বুলি ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰে এগৰাকী ছাত্ৰী ৷ যাৰ পাছতে নয়ডাৰ চেক্টৰ-33 ত উদ্ধাৰ হয় ছাত্ৰীগৰাকীৰ মৃতদেহ ৷ অভিযোগ অনুসৰি ছাত্ৰীগৰাকীক কোনো দূৰ্বৃত্তই ধৰ্ষণ কৰি হত্য়া কৰে ৷

ৰাজস্থানত ৰাকেশ টিকাইটৰ কনভয়ত আক্ৰমণ

ৰাজস্থানৰ আলৱাৰলৈ কৃষকৰ এক প্ৰতিবাদী সমদলত অংশ লোৱাৰ উদ্দেশ্যে যাত্ৰা কৰাৰ পথত একাংশ লোকে ভাৰতীয় কৃষক সংঘৰ নেতা ৰাকেশ টিকাইটৰ কনভয়ত আক্ৰমণ কৰে । ঘটনাৰ পিছতে টিকাইটৰ সমৰ্থকসকলে আক্ৰমণকাৰীসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

বেলী নৃত্যৰ ভংগীমাৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিছে শানায়া কাপুৰে

অভিনয়ৰ দক্ষতা প্ৰদৰ্শন কৰাৰ পূৰ্বে বেলী নৃত্যৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে সঞ্জয় কাপুৰৰ কন্যা শানায়া কাপুৰে । শেহতীয়াকৈ বেলী নৃত্য প্ৰদৰ্শনৰ এক ভিডিঅ' ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে সঞ্জয় তনয়াই । শীঘ্ৰেই কৰণ জোহৰৰ ছবিৰ জৰিয়তে ছবি জগতত খোজ পেলাব শানায়াই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.