ETV Bharat / state

পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি

পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি

Top ten at 11 AM
পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Nov 5, 2020, 11:13 AM IST

নৱম মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি স্মৰণ সুধাকন্ঠ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাক

আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যুবাৰ্ষিকী ৷ ৰাজ্যজুৰি সুধাকন্ঠ গৰাকীক স্মৰণ গুণমুগ্ধৰ ৷ গুৱাহাটীৰ জালুকবাৰীস্থিত সমাধি ক্ষেত্ৰত সুধাকন্ঠক শ্ৰদ্ধাঞ্জলি ৷

দেশত আৰম্ভ হ’ব দ্বিতীয় লানি কৃষক বিদ্ৰোহ

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা কৃষি আইন আৰু নতুন শক্তি বিধেয়ক 2020 ৰ বিৰোধিতাৰে দেশজুৰি আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়ৰ কৃষক আন্দোলন ৷ 5 নবেম্বৰত ৰাস্তা ৰোকো শীৰ্ষক চাৰি ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে 26 নবেম্বৰত ৰূপায়ন হ’ব দিল্লী চলো কাৰ্যসূচী ৷

চট্টিশগড়ত নতুন ঔদ্যোগিক নীতি প্ৰণয়ন

চট্টিশগড় চৰকাৰে ঘোষণা কৰিছে নতুন ঔদ্যোগিক নীতি ৷ নতুন নীতি অনুসৰি স্পঞ্জ আইৰণ আৰু ষ্টিল ক্ষেত্ৰত বিনিয়োগৰ বাবে ৰাজ সাহাৰ্যৰ পৰিমাণ বৃদ্ধি কৰিছে চট্টিশগড় চৰকাৰে ৷ ৰাজ সাহজ্যৰ পৰিমাণ 60 শতাংশৰ পৰা 150 শতাংশলৈ বৃদ্ধি ৷

মধ্যপ্ৰদেশত দিপাৱলীৰ ধামাকা দিব বিজেপিয়ে : শিৱৰাজ

মধ্যপ্ৰদেশ উপনিৰ্বাচনত 28 খন আসনত প্ৰায় 70 শতাংশ ভোটদান হোৱাৰ পাচত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে বুধাবাৰে মত প্ৰকাশ কৰিছে যে, এই উপনিৰ্বাচনত ব্যাপক হাৰত ভোটদান হৈছে আৰু বিজেপিয়ে বিপুলভাৱে জয়লাভ কৰিবলৈ সক্ষম হ’ব ৷

উত্তৰ-পূৱত অধিক বিনিয়োগৰ লক্ষ্য ইজৰাইলৰ

অসম আৰু মেঘালয় ভ্ৰমণৰ পিচতেই ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰ'ণ মালকাই পত্নী লিয়া মালকাৰ সৈতে আগৰতলাত উপস্থিত হয় ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ লগতে মুখ্য সচিব মনোজ কুমাৰৰ নেতৃত্বৰ চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় ৷

বিজেপিয়ে হিন্দু বঙালী সকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছেঃ হাগ্ৰামা মহিলাৰী

লগতে বিটিচি গঠন হোৱা সময়ৰে পৰা বিটিচিত থকা সকল বিটিচিৰ বাসিন্দা বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ ইয়াৰ ভিত্তিতেই বিটিচিবাসী লোকৰ মাজত ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব ৷

দৰঙত ভাৰতীয় ষ্টেট বেংকৰ লোন মেলা

মঙলদৈত ভাৰতীয় ষ্টেট বেংকৰ লোন মেলা ৷ পদপথৰ ব্যৱসায়ী, আত্মসহায়ক গোটলৈ ঋণৰ সুবিধা প্ৰদান কৰিছে ভাৰতীয় ষ্টেট বেংকে ৷ ভাৰতবৰ্ষৰ পিচ পৰা জিলাসমূহৰ ভিতৰত দৰং জিলাই বিত্তীয় সক্ষমতাৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷

জোনাইত আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত ধন সংগ্ৰহ কৰা দুজনক আটক

এতিয়াৰে পৰা আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত ল’ব নোৱাৰিব উৎকোচ । আধাৰ অপাৰেটৰে উৎকোচ বিচাৰিলে কৰিব পাৰিব অভিযোগ । সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰস্তুত কৰিব পাৰিব আধাৰ কাৰ্ড।

তৰুণ গগৈৰ আশু আৰোগ্য কামনা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি মাজুলীৰ কমলাবাৰীস্থিত হনুমান মন্দিৰত চাকি জ্বলালে প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে ৷ বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্য কিছু উন্নত বুলি জানিব পৰা গৈছে ৷

ডিব্ৰুগড়ৰ বজাৰত যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অভিযান

ডিব্ৰুগড়ৰ বজাৰে বজাৰে ঘূৰিছে খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া ৷ ৰাইজৰ অভিযোগ দাখিলৰ বাবে মুকলি কৰিছে ফোন নম্বৰ ৷ শাক পাচলিকে ধৰি খাদ্য সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ সময়ত যাতে কোনো অসাধু ব্যৱসায়ীয়ে অধিক দাম গ্ৰাহকৰ পৰা ল'ব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.