ETV Bharat / state

বীৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীত বীৰ যোদ্ধাক স্মৰণ - BHAGWAN BIRSA MUNDA

দেশৰ জনজাতীয় সম্প্ৰদায়সমূহৰ অৱদান আৰু সাফল্যৰ স্বীকৃতি হিচাপে আজিৰ দিনটোত উদযাপন কৰা হয় 'জনজাতীয় গৌৰৱ দিৱস' ।

Tribute to Bhagwan Birsa Munda
জনজাতীয় গৌৰৱ দিৱস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 8:14 PM IST

ধিং: দেশৰ ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো শুকুৰবাৰে উদযাপন কৰা হয় 'জনজাতীয় গৌৰৱ দিৱস' । মৰিগাঁও জিলা প্ৰশাসন আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ সহযোগত ভগৱান বীৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি জনজাতীয় গৌৰৱ দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় ।

অতিৰিক্ত আয়ুক্ত পল্লৱী কছাৰীয়ে আঁতধৰা অনুষ্ঠানটোত জিলা আয়ুক্ত দেৱাশিস শৰ্মাই আদৰণী ভাষণ আগবঢ়ায় । আয়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত শ্বহীদ হেমৰাম পাতৰৰ ত্যাগক ভাৰতবৰ্ষ আৰু পৃথিৱীৰ প্ৰেক্ষাপটত উজলাই তোলাৰ পোষকতা কৰে । জনজাতীয় বীৰ পুৰুষসকলৰ ত্যাগক নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব লাগিব বুলি তেওঁ উল্লেখ কৰে ।

জনজাতিসকলৰ সংস্কৃতি পৃথিৱীৰ ভিতৰতে চহকী

এই সভাত ভাষণ প্ৰদান কৰি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে জনজাতিসকলৰ সংস্কৃতি পৃথিৱীৰ ভিতৰতে চহকী । জনজাতিসকলেই তিনি হাজাৰ বছৰ ধৰি সংস্কৃতিৰ ধাৰক আৰু বাহক হিচাপে আছে । লগতে তেওঁ গছপুলি ৰোপণৰ ধাৰণা আৰম্ভ কৰাত বড়ো জনগোষ্ঠীৰ লোকসকলৰ অৱদানক শলাগ লয় । ইয়াৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ উপস্থিত সকলক দেখুওৱা হয় ।

সভাত তিৱা, বড়ো, ঝুমুইৰ আৰু কাৰ্বি নৃত্য পৰিৱেশন কৰা হয় । তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰে ভাষণ প্ৰসংগত বীৰছা মুণ্ডাৰ জীৱন আৰু ত্যাগক স্মৰণ কৰে । মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে অসমৰ জনজাতিসকলৰ প্ৰাপ্য অধিকাৰ ৰক্ষাৰ সংগ্ৰামত বলিদান দিয়া জনজাতি বীৰসকলৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে ।

জল-জংঘল-জমিন

সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি তিৱা ভাষা-সংস্কৃতিৰ সাধক মনেশ্বৰ দেউৰীয়ে বীৰছা মুণ্ডাৰ লগতে বিভিন্ন ৰাজ্যৰ জনজাতীয় বীৰসকলৰ গৌৰৱময় অতীতক স্মৰণ কৰে । তেওঁ বীৰছা মুণ্ডাৰ 'জল-জংঘল-জমিন ' শ্লোগানটোৰ ভাৱাৰ্থ বাখ্যা কৰে । সভাত বাৰপুজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুমুদ বৰদলৈৰ পৰিচালনাত তিৱা বীৰ জোঙাল বলহু আৰু ভগৱান বীৰছা মুণ্ডাৰ জীৱনভিত্তিক কিছু দৃশ্যপট প্ৰদৰ্শন কৰা হয়।

জনজাতীয় গৌৰৱ দিৱসৰ লগত সংগতি ৰাখি বিনামূলীয়া চিকিৎসা শিবিৰ আৰু আই টি ডি পিয়ে এটা তথ্য কেন্দ্ৰ মুকলি কৰে । তদুপৰি আই ই চি বাহনৰ ব্যৱস্থাৰ কৰি বাছনি কৰা জনজাতীয় গাঁওসমূহত ১৬ নৱেম্বৰৰ পৰা সজাগতা সভা অনুষ্ঠিত হ'ব ।

সভাত তিৱা স্বায়ত্ত পৰিষদৰ প্ৰধান সচিব অৰ্পা বাগলাৰী, আই টি ডি পিৰ অধ্যক্ষ মনক বৰদলৈ, আই টি ডিপিৰ উপাধ্যক্ষ জিনাৰাম বৰদলৈ, মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামূলী উপস্থিত থাকে ।

লগতে পঢ়ক:ডেৰশ বছৰীয়া জন্মজয়ন্তীত বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ লগতে ভিন্নজনৰ

চাবুৱাত জনজাতীয় গৌৰৱ দিৱস: বীৰছা মুণ্ডাক স্মৰণ সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.