ETV Bharat / state

বাৰেৰহণীয়া সংস্কৃতিৰে তিৰবিৰাই উঠিল হাউলী ৰাস মহোৎসৱ - RAAS FESTIVAL IN ASSAM

বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ ৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱ । ১৫ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এইবাৰৰ ৰাস মহোৎসৱ ।

97th Hawli Raas Mahotsav begins
৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱত জিলিকিল বাৰেৰহণীয়া সংস্কৃতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 7:54 PM IST

বৰপেটা: আজি পৱিত্ৰ ৰাস পূৰ্ণিমা । চৌদিশ মুখৰিত শ্ৰীকৃষ্ণ বন্দনাৰে । শৰতৰ বিতোপন পূৰ্ণিমা নিশা কৃষ্ণৰ অপৰূপ লীলাক পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে ৰাসোৎসৱৰ ।

উজনিত যদি জীৱন্ত ৰাসলীলা আনফালে নামনি অসমত মূৰ্তি ৰাসৰ পয়োভৰ । নামনি অসমৰ অন্যতম ৰাসোৎসৱ হৈছে হাউলীৰ বিখ্যাত ৰাস মহোৎসৱ । শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱ ।

৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱত জিলিকিল বাৰেৰহণীয়া সংস্কৃতি (ETV Bharat Assam)

সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হৈছে হাউলীৰ এই বিখ্যাত ৰাস মহোৎসৱ । পাটবাউসীৰ দামোদৰদেব থানৰ সত্ৰাধিকাৰ ভাস্কৰজ্যোতি গোস্বামীয়ে মুকলি কৰা শোভাযাত্ৰাত প্ৰদৰ্শন কৰা হয় অসমৰ বাৰেৰহণীয়া সংস্কৃতি ।‌ তদুপৰি ৰামায়ণ, মহাভাৰতত উল্লেখ থকা পৌৰাণিক চৰিত্ৰসমূহেও স্থান লাভ কৰে এই সাংস্কৃতিক শোভাযাত্ৰাত । এইবাৰৰ ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি হেমেন দাসে নেতৃত্ব দিয়া শোভাযাত্ৰাই সমগ্ৰ হাউলী নগৰ পৰিভ্ৰমণ কৰে ।

উল্লেখযোগ্য যে এইবাৰ ১৫ দিনীয়াকৈ হাউলী ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে ।‌ ইয়াকে লৈ সমগ্ৰ হাউলীত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে । এইবাৰৰ ৰাসত ভক্ত তথা দৰ্শকক আকৰ্ষণ কৰিবলৈ লেজাৰ শ্ব', হল'গ্ৰাফী আদি প্ৰদৰ্শন কৰা হ'ব । হাউলীৰ ৰাসৰ অন্যতম আকৰ্ষণ হ'ল ইয়াত প্ৰদৰ্শিত মৃন্ময় মূৰ্তিবোৰ । দীৰ্ঘদিনীয়া প্ৰস্তুতিৰে এইবাৰ চাৰি শতাধিক আকৰ্ষণীয় মূৰ্তি ৰাসথলীত প্ৰদৰ্শন কৰা হৈছে ।

সমূহ ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে । প্ৰতিদিনেই সহস্ৰাধিক ভক্তৰ আগমনৰ সম্ভাৱনা প্ৰকাশ কৰাৰ লগতে উপস্থিত ৰাইজৰ নিৰাপত্তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আয়োজক সমিতিয়ে ।

লগতে পঢ়ক: হাউলীৰ ৰাসৰ এইবাৰৰ আকৰ্ষণ বিশেষ লেজাৰ শ্ব'-এনিমেছন

বৰ্ণাঢ্য আয়োজনেৰে হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.