অগপৰ শেহতীয়া স্থিতি সন্দৰ্ভত প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাৰ প্ৰতিক্ৰিয়া
নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভঙ্গৰ লক্ষ্যৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে অগপ ৷ বৰ্তমানৰ নেতা সকলৰ অগপক শক্তিশালী কৰাৰ লক্ষ নহয়, দুজনমান নেতা বিজয়ী হোৱাটোহে লক্ষ্য ৷ অগপ দলৰ শেহতীয়া স্থিতি তথা নেতা সকলৰ কৰ্ম কাণ্ডত বিতুষ্ট হৈ এইদৰে মন্তব্য কৰিছে প্ৰাক্তন মন্ত্ৰী তথা দলৰ পদত্যাগী উপ-সভাপতি গুণীন হাজৰিকাই ৷
কিয় দিল্লীৰ ৰোষত পৰিল শিলাদিত্য...?
অৱশেষত দিল্লীৰ বহতীয়া হ'ল বহুবল্কী বিধায়ক শিলাদিত্য দেৱ ৷ দুদিন আগলৈকে দম্ভালি মাৰি ফুৰা শিলাদিত্য কথাৰ এতিয়া নমনীয় হৈছে ৷ দলৰ টিকট পোৱাৰ আশাত ৰৈ থকা শিলাদিত্যৰ নাম যেতিয়া প্ৰাৰ্থীৰ তালিকাত নাহিল, তেতিয়াও সামাজিক মাধ্যমত আওৰাইছিল একলা চ'লৰে ৷ সেই একেজন মানুহেই দিল্লীত গৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত শিৰণত কৰিলে ৷
একেখন সংবাদমেলত অতুল, প্ৰমোদ, ৰঞ্জিত : কি ক'লে সমষ্টিৰ প্ৰাৰ্থীত্বৰ সন্দৰ্ভত ?
বিজেপি-অগপ-ইউ পি পি এলৰ নেতৃত্বৰ সংবাদমেল সম্বোধন। সংবাদমেল সম্বোধন কৰে ৰঞ্জিত দাস, অতুল বৰা আৰু প্রমোদ বড়োয়ে। তিনিগৰাকী সভাপতিয়ে স্বীকাৰ কৰে প্ৰাৰ্থীত্ব নোপোৱাকলৈ দলৰ মাজত থকা অসন্তুষ্টিৰ কথা।
লাহোৱাল সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক লৈ ৰাইজৰ মাজত আনন্দৰ বন্যা
লাহোৱাল বিধান সভা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে যুৱনেতা মনোজ ধানোৱাৰ নাম ঘোষণা কৰা লগে লগে সমষ্টিবাসীৰ মাজত বৈছে আনন্দৰ বন্যা । এসময়ৰ কংগ্ৰেছৰ দূৰ্গ হিচাপে খ্যাত লাহোৱাল সমষ্টিটো স্বাধীনতা পাচৰে পৰা দুবাৰ AGPৰ দখললৈ যোৱাৰ পৰিৱৰ্তে দীৰ্ঘ সময় ধৰি কংগ্ৰেছৰ দখলত আছিল ৷
লাহোৱাল সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক লৈ ৰাইজৰ মাজত আনন্দৰ বন্যা
লাহোৱাল বিধান সভা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে যুৱনেতা মনোজ ধানোৱাৰ নাম ঘোষণা কৰা লগে লগে সমষ্টিবাসীৰ মাজত বৈছে আনন্দৰ বন্যা । এসময়ৰ কংগ্ৰেছৰ দূৰ্গ হিচাপে খ্যাত লাহোৱাল সমষ্টিটো স্বাধীনতা পাচৰে পৰা দুবাৰ AGPৰ দখললৈ যোৱাৰ পৰিৱৰ্তে দীৰ্ঘ সময় ধৰি কংগ্ৰেছৰ দখলত আছিল ৷
বিজেপি-এজেপিৰ মাজতে মূল ভোট যুদ্ধ হ'ব নেকি ধেমাজিত !
বিজেপি দলৰ প্ৰাৰ্থীক প্ৰত্যাহ্বান জনাবলৈ টঙালি বান্ধিছে অসম জাতীয় পৰিষদে ৷ আন আন সমষ্টি সমূহৰ লগতে ১১৩নং ধেমাজি সমষ্টিটো বিজেপি দলৰ প্ৰাৰ্থী হিচাপে ডা° ৰণোজ পেগুক মনোনীত কৰাৰ পাচতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে দলটোৱে মনোনীত কৰিছে চিত্তৰঞ্জন বসুমতাৰীক ৷
কেক কাটি প্ৰাৰ্থিত্ব লাভৰ আনন্দ প্ৰকাশ বলিন চেতিয়াৰ
বিজেপি দলৰ পৰা বলিন চেতিয়াই পুনৰ প্ৰাৰ্থিত্ব লাভ কৰাত বিপুল আদৰণি জনাই সহস্ৰাধিক দলীয় কৰ্মী আৰু সমৰ্থকে । প্ৰাৰ্থিত্ব লাভৰ পাচতে চেতিয়াক বিশাল মটৰ চাইকেল ৰেলীৰে আদৰি জনালে সমৰ্থকসকলে ৷ প্ৰাৰ্থী গৰাকীয়ে কেক কাটি প্ৰাৰ্থিত্ব লাভৰ আনন্দ প্ৰকাশ কৰে ৷
উন্নয়নৰ মুখ নেদেখিলে টিফুক চাহ বাগিচাবাসীয়ে
যোৱা পাঁচটা বছৰে উন্নয়নৰ মুখ নেদেখাৰ অভিযোগ টিফুক চাহ বাগিচাৰ সোণাপুৰ বস্তিৰ লোকসকলৰ ৷ বাগিচাখনৰ বৰছিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নং ৱাৰ্ডৰ অৰ্ধ শতাধিক পৰিয়াল মৌলিক প্ৰয়োজনসমূহৰ পৰা বঞ্চিত হৈ আহিছে ৷ খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ লগতে শৌচাগাৰ, বিশুদ্ধ খোৱাপানী, যাতায়াত আৰু বৈদ্যুতিক ব্যৱস্থা সকলো দিশতে পিছ পৰি ৰৈছে ৷
এইবাৰ আৰ্কষণীয় হ’ব চামগুৰি সমষ্টিৰ নিৰ্বাচনী যুঁজ
দলীয় টিকট লাভ কৰাৰ পিচতে নিজ সমষ্টি চামগুৰিৰ বিজেপিৰ দলীয় কাৰ্যালয়ত উপস্থিত হৈ সেৱা আগবঢ়াই অনিল শইকীয়াই ৷ তাৰপিচতে এক বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰি সমষ্টিটোত শক্তি প্ৰদৰ্শন কৰে অনিল শইকীয়াই।
বাইহাটাত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি
বাইহাটা চাৰিআলিৰ মঙ্গলদৈ পথত মুকলি কৰা হয় বিজেপিৰ এক নিৰ্বাচনী কাৰ্যালয় । বিজেপি নেতা পবিত্ৰ শৰ্মাই দলীয় পতাকা উত্তোলন কৰাৰ লগতে নেতা মদন ডেকাই কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে ।