ETV Bharat / state

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি...

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি...

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি...
দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি...
author img

By

Published : Apr 4, 2021, 3:03 PM IST

অপহৰণৰ পৰা মুক্তি লাভলৈ সকলো সামৰি প্ৰণৱ কুমাৰ গগৈ এক্সক্লুচিভ

3 মাহ 14 দিনৰ অন্তত নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা) ৰ কবলৰ পৰা মুক্তি লাভ কৰিলে কুইপ'ৰ অভিযন্তা প্ৰণৱ কুমাৰ গগৈয়ে ৷ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ডায়ুনৰ পৰা বিগত বৰ্ষৰ 21 ডিচেম্বৰত আলফা(স্বা) য়ে অপহৰণ কৰিছিল কুইপ'ৰ দুই অভিযন্তা প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক ৷ উগ্ৰপন্থীৰ কবলৰ পৰা মুক্তি লাভ কৰাৰ পাচত ইটিভি ভাৰতৰ আগত সকলো অভিজ্ঞতা বৰ্ণনা কৰিলে গগৈয়ে ৷

ক'ভিড-১৯ সম্পৰ্কে প্ৰধানমন্ত্ৰী মোডীৰ উচ্চস্তৰীয় বৈঠক

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ২৪ ঘণ্টাত দেশত নতুনকৈ ৯৩,২৪৯ জন লোক মহামাৰীত আক্ৰান্ত হৈছে । এতিয়ালৈকে ক’ভিড ১৯ ত আক্ৰান্ত হৈছে মুঠ ১,২৪,৮৫,৫০৯ জন লোক । লগতে ২৪ ঘণ্টাত দেশত ৫১৩ জন লোকে মহমাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে । নতুনকৈ মৃত্যু হোৱা ৰোগীসহ বৰ্তমানলৈকে দেশত ১,৬৪,৬২৩ জন লোকৰ মৃত্যু হৈছে । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এতিয়ালৈকে দেশত মুঠ ৭,৫৯,৭৯,৬৫১ জন লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

বিশ্বৰ লিংগ সমতাৰ তালিকাত ভাৰতৰ স্থান নিম্নগামী

বিশ্ব অৰ্থনৈতিক মঞ্চৰ শেহতীয়া ৰেংকিং অনুসৰি ভাৰতে বিশ্ব লিংগ সমতাৰ তালিকাত ২৮ টা স্থান পিছুৱাই ১৫৬ খন দেশৰ ভিতৰত ১৪০ তম স্থান লাভ কৰিছে । ২০২০ চনত ভাৰতে ১৫৩ খন দেশৰ ভিতৰত ১১২ তম স্থান লাভ কৰিছিল । ভাৰতৰ লিংগ ব্যৱধানৰ মূল কাৰণ হৈছে অৰ্থনৈতিক ক্ষেত্ৰত মহিলা প্ৰতিনিধিৰ অভাৱ, ৰাজনৈতিক সবলীকৰণৰ অভাৱ আৰু নিয়োগৰ অভাৱ ।

সাধাৰণ লোকৰ দৃষ্টি আকৰ্ষণ কৰা এখন আৰক্ষী থানা

বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা হাৱাজান আৰক্ষী চকীখনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ আৰক্ষী চকীখনৰ চৌপাশে ফুলি উঠা তেজৰঙা বিভিন্ন ফুলে আকৰ্ষণ কৰিছে সকলোকে ৷ প্ৰকৃতিৰ বুকুলৈ বহাগ অহাৰ প্ৰাকক্ষণতে আৰক্ষী চকীখন এনেদৰে সজাই তুলিছে থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৃপেন শইকীয়াই ৷

জীয়া ভৰলীৰ খহনীয়াই ভেটি উছন কৰিছে ৰঙাপৰাবাসীৰ

ৰঙাপৰাত অব্যাহত আছে খহনীয়া ৷ বালিপৰা উন্নয়ন খণ্ডৰ ৰাজগড়ত জীয়া ভৰলী নৈয়ে খহাইছে বহু লোকৰ ভেটি ৷ বিগত বছৰ বাৰিষাৰ পিছৰে পৰা জীয়া ভৰালীৰ কালৰূপত গৃহহীন হৈছে শতাধিক পৰিয়াল ৷ নৈখনৰ বুকুত জাহ গৈছে কৃষি ভূমি ৷ 1944 চনত স্থাপিত 30 নং ভৰলী চাপৰি প্ৰাথমিক বিদ্যালয়ৰ ভূমি এতিয়া বিলীন নৈৰ বুকুত ৷ সঘনে ঠিকনা সলনি কৰিবলগীয়া হৈছে গাঁৱবাসীয়ে ৷

চ'তৰ বোকোচাত উঠি আকৌ আহিল হেঁপাহৰ ব’হাগ

চ'তৰ বোকোচাত উঠি আকৌ আহিল হেঁপাহৰ ব’হাগ ৷ কুলি কেতেকীৰ মৌ বৰষা মাত আৰু ঢোলৰ গুমগুমণি, পেঁপাৰ সুৰীয়া সুৰত তৰণি নোহোৱা হৈছে অসমীয়াৰ গাত ৷ প্ৰকৃতিৰ বুকুত লঠঙা গছেও সাজিছে ন-সাজেৰে ৷ কপৌ-কেতেকীৰ সুবাসে ৰজন জনাইছে অসমৰ চৌপাশ ৷ গাঁৱে-ভূঞে এতিয়া ৰঙালীৰ প্ৰস্তুতি ৷ ঢোল-পেঁপাৰ মাতত ইচাট-বিচাট মন ৰঙিলী নাচনীৰ ৷

ক’ভিড ১৯: ভাৰতত নতুনকৈ ৯৩,২৪৯ জন আক্ৰান্ত

ভাৰতত ক’ভিড ১৯ ত আক্ৰান্তৰ সংখ্যা ১,২৪,৮৫,৫০৯ জন লৈ বৃদ্ধি । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ১,১৬,২৯,২৮৯ জন লোক আৰোগ্য লাভ কৰিছে ।

পুনৰ ঘোলা হৈ পৰিছে চিয়াঙৰ পানী

বিগত কেইদিনমানৰ আগলৈ স্বচ্ছ আৰু নির্মলভাৱে বৈ থকা চিয়াং নদীৰ পানী হঠাতে ঘোলা হ'বলৈ ধৰাত চিন্তিত হৈ পৰিছে অৰুণাচল প্রদেশৰ পূৱ চিয়াং জিলাৰ লগতে নামনি অসমৰ চিয়াং-ব্রহ্মপুত্র নৈপৰীয়া ৰাইজ ৷ নৈখনৰ আশে-পাশে থকা মাছমৰীয়া তথা গো-পালকসকল অধিক চিন্তিত হৈ পৰিছে ৷

'চালবাজ ইন লণ্ডন'ত অভিনয় কৰিবলৈ সাজু শ্ৰদ্ধা কাপুৰ

ৰোমাণ্টিক-কমেডী ছবি 'চালবাজ ইন লণ্ডন'ত অভিনয় কৰিবলৈ সাজু হৈছে অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ । পংকজ পৰাশৰৰ দ্বাৰা পৰিচালিত ছবি 'চালবাজ ইন লণ্ডন' । ১৯৮৯ চনত শ্ৰীদেৱীয়ে ক্লাছিক 'চালবাজ ইন লণ্ডন' ৰ চৰিত্ৰত অভিনয় কৰিছিল ।

দীপিকাৰ পৰা অদিতি লৈকে কেমেৰাৰ লেন্সত বন্দী B-town দিভা

মুম্বাইৰ ভিন্ন প্ৰান্তত দীপিকা পাডুকনৰ পৰা আৰম্ভ কৰি অদিতী ৰাও হেইদৰী লৈকে কেমেৰাৰ লেন্সত বন্দী বহুকেইগৰাকী B-town দিভা ৷ paps post শ্বুটত দীপিকা কেমেৰাৰ লেন্সত বন্দী হোৱাৰ পৰিৱৰ্তে বান্দ্ৰাৰ বিজয় চেলছ ষ্টোৰত দেখা গ'ল অদিতী ৰাওক ৷ কৰিশ্মা টান্না আৰু গৌহৰ খানৰো কিছু মুহূৰ্ত বন্দী কৰিলে paps এ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.