নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নাওবৈচা সমষ্টিত কংগ্ৰেছ দলত মোক্ষম আঘাত
বৃহস্পতিবাৰে নাওবৈচা সমষ্টিৰ লালুক ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত হয় অগপ-বিজেপি মিত্ৰজোঁটৰ এখন বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভা ৷ এই সভাতে কংগ্ৰেছৰ ৮০০ আৰু ইউডিএফৰ প্ৰায় ৩০০ কৰ্মীয়ে যোগদান কৰে অগপত ৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছৰ এই গৰাখহনীয়াই বৰুকৈয়ে বিপদত পেলাব ঢকুৱাখনা ফেৰৎ কংগ্ৰেছ প্ৰাৰ্থী ভৰত চন্দ্ৰ নৰহক ৷
প্ৰধানমন্ত্ৰী গ’ বেক ধ্বনিৰে উত্তাল পাঁচগ্ৰাম কাগজ কল
বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী গ’ বেক ধ্বনিৰে প্ৰতিবাদ মুখৰ হৈ পৰিল পাঁচগ্ৰাম কাগজ কলৰ চৌহদ ৷ বৃহস্পতিবাৰে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী কৰিমগঞ্জ আগমনক লৈ প্ৰতিবাদত বহিল পাঁচগ্ৰাম কাগজ কলৰ কৰ্মচাৰী সকল ৷
মৰিগাঁৱত নিৰ্বাচনকেন্দ্ৰিক গুৰুত্বপূৰ্ণ বৈঠক
মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সীমা ৰেখা ভূঁঞাৰ সঞ্চালনাত ৭৯ নং জাগীৰোড বিধানসভা সমষ্টিৰ লগতে মৰিগাঁৱৰ তিনি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী সকলৰ সৈতে এখন সভাত মিলিত হয় ৷ জিলাখনৰ নিৰ্বাচনৰ সৈতে জড়িত বিষয়া সকলে বৈঠকত ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্বাচনী বিধিৰ সম্পৰ্কে ৰাজনৈতিক দলৰ প্ৰাৰ্থী তথা প্ৰতিনিধি সকলক বিতং ভাৱে বুজাই দিয়াৰ লগতে প্ৰতিটো নিয়ম মানি চলাৰ বাবে আহ্বান জনায় ৷
বকোৰ ৰাজাপাৰাত ভয়াৱহ পথ দুৰ্ঘটনা
বৃহস্পতিবাৰে বকোৰ ৰাজাপাৰাত নিশা এখন ট্ৰাক আৰু বাইকৰ মুখা-মুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় দুজনকৈ যুৱক ।
কাৰ্বি আংলঙৰ এএছডিচিৰ নির্বাচনী ইস্তাহাৰ মুকলি
কার্বি আংলঙৰ আঞ্চলিক ৰাজনৈতিক দল অটনমাছ স্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচিয়ে নির্বাচনী ইস্তাহাৰ মুকলি কৰিছে । বৃহস্পতিবাৰে বিয়লি দলটোৰ ডিফুস্থিত মুখ্য কার্যালয়ত এক সংবাদমেল আয়োজন কৰি আনুষ্ঠানিকভাৱে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰখন ৷
ম্যানমাৰত প্ৰতিবাদত নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি মিজো জিৰলাই পওলৰ
ম্যানমাৰত সেনাৰ শাসনৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদত নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মিজোৰামৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন মিজো জিৰলাই পওলৰ লগতে ইউনাইটেড ফৰ ডেম’ক্ৰেটিক ম্যানমাৰ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলে ৷ বৃহস্পতিবাৰে আইজলৰ চিটি চেন্টাৰত মম জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় প্ৰতিবাদত নিহত লোকসকলক ৷
ড্ৰাগছ সৰৱৰাহকাৰীয়ে লাভ কৰিছে ৰাজনৈতিক সমৰ্থন :ত্ৰিপুৰা যুৱ কংগ্ৰেছ
বৃহস্পতিবাৰে ত্ৰিপুৰাৰ কংগ্ৰেছ ভৱনত সাংবাদিকৰে হোৱা মত বিনিময়ত যুৱ কংগ্ৰেৰ নেতা প্ৰসেনজিৎ দাসে কয়, ‘2018ৰ নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে ড্ৰাগছ মুক্ত ত্ৰিপুৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু বাস্তৱত আমি ইয়াৰ সম্পূৰ্ণ বিপৰীত এখন ছবি দেখিবলৈ পাইছো ৷ বিগত কিছু দিনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত 21 গৰাকীৰো অধিক ড্ৰাগছ সৰৱৰাহকাৰীক আটক কৰা হৈছে ৷ কিন্তু আশ্বৰ্যজনকভাৱে ইয়াৰ আঁৰৰ মূল ব্যক্তিসকল এতিয়াও মুকলি আকাশৰ তলত ফুৰি আছে ৷’
চেঙাৰ হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শুকুৰ আলীৰ পত্নীয়ে
চেঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলী আহমেদৰ ৰেলীত বৃহস্পতিবাৰে সৃষ্টি হয় এক ভয়ংকৰ পৰিস্থিতিৰ ৷ বৰপেটা জিলাৰ পূব সীমান্তৰ গৰেমাৰীৰ পৰা চেঙা সমষ্টিলৈ কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদক এক বৃহৎ ৰেলীৰে কৰ্মী-সমৰ্থকে আদৰি আনিছিল ৷ কিন্তু ৰেলীৰ মাজতে সৃষ্টি হয় হিংসাত্মক ঘটনাৰ ৷ বাইকত তেল ভৰোৱা কুপনক লৈ সমদলত ভাগ লোৱা একাংশ যুৱকে ভাঙি লণ্ড ভণ্ড কৰে শুকুৰ আলী আহমেদৰ বাহন ৷ ক্ষুব্ধ একাংশ কৰ্মীৰ তাণ্ডৱত কোনোমতে প্ৰাণ ৰক্ষা পৰে প্ৰাৰ্থী গৰাকীৰ ৷
গীত-মাত-সুৰেৰে দৌল মহোৎসৱক আদৰিবলৈ ব্যস্ত এতিয়া সত্ৰনগৰী
সমাগত দৌল মহোৎসৱ ৷ বৰপেটা প্ৰেছ ক্লাৱত ৩টা হোলী গীতৰ ভিডিঅ' উন্মোচন ৷
মমতা বনাম সুভেন্দু বনাম মিনাক্ষী–নন্দীগ্ৰাম আৰু ৭০-৩০ সুত্ৰ
নিৰ্বাচনাসন্ন বংগত এখন নতুন খেলৰ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ৷ এক নিৰ্দিষ্ট নিয়মাৱলী নাইবা এটা বিশেষ ধৰ্মৰ লেখীয়াকৈ, যোৱা দহটা বছৰ ধৰি তৃণমূল কংগ্ৰেছৰ ছুপ্ৰিম’ মমতা বেনাৰ্জীৰ প’ষ্টাৰ আৰু বিজ্ঞাপনবোৰত এক সাধাৰণ বৈশিষ্ট দেখিবলৈ পোৱা গৈছিল ৷ কিন্তু নিৰ্বাচনী প্ৰচাৰ অভিযানত মমতা বেনাৰ্জীয়ে হিন্দু সকলৰ পৱিত্ৰ পুথি সমূহৰ পৰা উদ্ধৃতি দি মন্ত্ৰ আৰু শ্লোক উচ্চাৰণ কৰিছে ! তাকো, এনে এক নিৰ্বাচনত য’ত স্বয়ং প্ৰাৰ্থী গৰাকীয়েই হৈছে তেওঁ নিজেই ? ই এটা এনে বিষয় যিটো জনগণে কস্মিনকালেহে মনত ৰাখিব পাৰিব ?