দৰঙত কংগ্ৰেছৰ নিমিলা অংক: বিপিএফ, এআইইউডিএফয়ে আনিছে জটিলতা
দৰং জিলাৰ দলগাওঁ, কলাইগাওঁ, মঙ্গলদৈ আৰু ছিপাঝাৰত কোনে কোনে লাভ কৰিব দলীয় প্ৰাৰ্থীত্ব তাক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা ।শেহতীয়াভাৱে এআইইউডিএফ আৰু বিপিএফ মহাজোঁটৰ অংশীদাৰ হোৱাৰ পাচতে কংগ্ৰেছৰ একাংশ সাম্ভাব্য প্ৰাৰ্থীয়ে এতিয়া শংকা ভোগ কৰিছে ৷
পশ্চিমবংগৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে শিৱ সেনাই
পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিৱ সেনাই । নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ পৰিৱৰ্তে শিৱ সেনাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ সমৰ্থন আগবঢ়াৱ ।
ঝাৰখণ্ডৰ আইইডি বিস্ফোৰণত নিহত ৩ আৰক্ষী জোৱান
ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ হোয়াহাটু গাওঁৰ বনাঞ্চলত মাওবাদীয়ে সংস্থাপন কৰা আইইডি বিস্ফোৰণৰ ফলত তিনিজনকৈ আৰক্ষীৰ বিশেষ জাগুয়াৰ জোৱানে প্ৰাণ হেৰুৱালে । এই বিস্ফোৰণত আন দুগৰাকী জোৱান গুৰুতৰভাৱে আঘাট প্ৰাপ্ত হয় ।
বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰছ ছিৰিয়াচ নহয় !
বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ আঞ্চলিক দল এএছডিচিৰ এক সংবাদমেল ৷ লক্ষ্য মাত্ৰ নিৰ্বাচন ৷
নিৰ্বাচনী আচৰণ বিধিৰ মাজতে চাপৰত 2.78 লাখ নগদ ধন জব্দ
নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ মাজতে চাপৰত জব্দ নগদ 2.78 লাখ ৷ চাপৰ আৰক্ষী আৰু ফ্লায়িং স্কোৱাড 4 ৰ যৌথ অভিযানত জব্দ হয় এই ধন ৷ তিনিগৰাকী লোকে এখন Swift Dzire বাহনত ধনখিনি লৈ আহিছিল ৷
সচিবালয়ৰ ফুটব্ৰীজত নিশা চলে মদৰ আড্ডা..
স্মাৰ্ট চিটিৰ নামত কদৰ্যময় পৰিৱেশ গুৱাহাটী মহানগৰীত ৷ স্মাৰ্ট চিটি ঘোষণা কৰি প্ৰকল্প মুকলি কৰিয়ে দায়িত্ব সামৰিছে ৰাজ্য চৰকাৰে ৷
কাৰ ছত্ৰ ছায়াত চম্পাৱতি নৈত চলিছে খনন
প্ৰতিদিনে চিৰাং জিলাৰ নৈ উপনৈৰ পৰা কৰ ফাকিৰে চলিছে শিল-বালিৰ ৰমৰমীয়া বেহা ৷ চিৰাঙৰ চম্পাৱতি নৈত বনবিভাগৰ অনুমোদিত খাদানৰ উপৰিও মাফিয়াই নিজাববীয়াকৈ বঢ়াই লৈছে খাদানৰ ঠাই ৷ যাৰ ফলত নৈ খনলৈ আহিছে ভাবুকি ৷
বিজেপিৰ এশ শতাংশ বিজয় নিশ্চিত: ভূৱন পেগু
নিৰ্বাচনৰ পূৰ্বেই অভিলেখ সংখ্যক ভোটেৰে অসমৰ ভিতৰত বৃহৎ সংখ্যক ভোট লাভ কৰি বিজয় নিশ্চিত বুলি দাবী জোনায় সমষ্টিৰ ন বিজেপি বিধায়ক ভূৱন পেগুৱে । আগন্তুক দিনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক জোনাই সমষ্টিৰ ৰাইজে অসমৰ ভিতৰতে অভিলেখ সংখ্যক ভোটত জয়লাভ কৰাব আৰু এশ শতাংশ বিজয় নিশ্চিত হ’ব বুলি গেৰাণ্টি দিয়ে বিধায়ক ভূৱন পেগুৱে ৷
অনুৰাগ কাশ্যপ আৰু তাপস্বী পান্নুৰ ঘৰত আয়কৰ বিভাগৰ অভিযান
ছবি পৰিচালক অনুৰাগ কাশ্যপ আৰু অভিনেত্ৰী তাপস্বী পান্নুৰ ঘৰ আৰু কাৰ্যালয়ত আয়কৰ বিভাগে অভিযান চলাই জব্দ কৰে কেবাখনো নথি-পত্ৰ । প্ৰায় ১১ ঘন্টাজোৰা চলা অভিযানত লেপটপ, ম'বাইল আৰু বেঙ্ক সম্পৰ্কীয় নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় । মুম্বাইকে ধৰি পুনেৰ প্ৰায় ২২ টা স্থানত আয়কৰ বিভাগৰ অভিযান ।
অৰুণাচলৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ বৰুণ ধাৱান আৰু কৃতি ছেননৰ
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক সাক্ষাৎ বৰুণ ধাৱান আৰু কৃতি ছেননৰ ৷ ভৌতিকধৰ্মী কমেডী ছবি 'ভেড়িয়া'ৰ দৃশ্যগ্ৰহণৰ বাবে ছবিখনৰ কলা-কুশলীৰ সৈতে অৰুণাচলত উপস্থিত হৈছে দুয়োগৰাকী তাৰকা ৷