গুৱাহাটী,৮ এপ্ৰিল : এটাৰ পাছত আনটোকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু ঘোষণাৰে চমক সৃষ্টি কৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ চকু পৰিল আৰক্ষীৰ শীৰ্ষ বিষয়াৰ বাবে নিয়োজিত পিএছঅ' আৰু হাউচ গাৰ্ডৰ ওপৰত । একপ্ৰকাৰ পিএছঅ’ কর্তনক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই (Government warns police officers not to use PSO for personal work)। ৰাজনৈতিক নেতাসকলৰ পাছত এইবাৰ আৰক্ষী বিষয়াসকলৰ পিএছঅ' আৰু হাউচ গাৰ্ড কর্তন কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰখনে ।
এতিয়াৰ পৰাই কোনাে আৰক্ষী বিষয়াই চৰকাৰী ঘৰত নিয়ম বহির্ভূতভাবে কোনাে পিএছঅ' বা হাউছ গাৰ্ড লগত ৰাখিব নােৱাৰিব । কোনাে বিষয়াই ৰাখিলেও তেনে পিএছঅ' বা হাউচ গার্ডক বিষয়াজনে নিজেই বেতন দিন লাগিব (Assam CM takes tough stand on PSO)। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে এক কঠোৰ নির্দেশনা জাৰি কৰিছে ।
খােদ মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰা নির্দেশনা অনুসৰি প্রতিখন জিলাৰ আৰক্ষী অধীক্ষক আৰু বেটেলিয়নৰ অধিনায়কসকলে কোন আৰক্ষী বিষয়াৰ সৈতে কিমান পিএছঅ' তথা হাউছ গার্ড আছে তাৰ তথ্যও দিব লাগিব । আনহাতে বিভিন্ন স্থানত নিযুক্ত হৈ থকা বেটেলিয়নৰ লােকসকলক কোনাে বিষয়াৰ পিএছঅ' তথা হাউছ গার্ড হিচাপে নিযুক্তি দিব নােৱাৰিব বুলিও জিলাৰ আৰক্ষী অধীক্ষকক নির্দেশ দিয়া হৈছে ।
উল্লেখ্য যে, ৰাজ্যখনৰ একাংশ শীর্ষ আৰক্ষী বিষয়াই আইন বহির্ভূতভাৱে বেটেলিয়নৰ জোৱানক নিজ বাসগৃহত নিয়ােজিত কৰি অহাৰ অভিযোগ বহু পুৰণি । কিন্তু এইক্ষেত্রত কেতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল । অৱশেষত এই বিষয়টোত চকু পৰিল মুখ্যমন্ত্রীৰ । লক্ষণীয় বিষয় এয়ে যে আৰক্ষীৰ জোৱানক শীৰ্ষ বিষয়াসকলে পানী অনা, বজাৰ কৰা আদি বিভিন্ন ব্যক্তিগত কামত ব্যৱহাৰ কৰি আহিছিল ।
কিমানসংখ্যক বেটেলিয়নৰ জোৱান আৰক্ষী বিষয়াৰ গৃহত আইন বহির্ভূতভাৱে নিয়ােজিত হৈ আছে, সেই বিষয়ে ১০ দিনৰ ভিতৰত বেটেলিয়নৰ অধিনায়ক আৰু আৰক্ষী অধীক্ষকসকলৰ পৰা প্রতিবেদন বিচাৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই । এই সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, যিসকল শীর্ষ আৰক্ষী বিষয়াই আইন বহির্ভূতভাৱে বেটেলিয়নৰ জোৱান নিজ গৃহত নিয়ােজিত কৰি ৰাখিছে, সেইসকলৰ দৰমহা সংশ্লিষ্ট বিষয়াসকলে নিজেই দিব লাগিব ।
আনহাতে, পিএছঅ’ৰ প্ৰসংগত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, ৰাজ্যখনৰ ৪,০০০ পি এছ অ’ বিভিন্নজনৰ নিৰাপত্তাৰ দায়িত্বত নিয়ােজিত হৈ আছে । ইয়াৰে ৭০০ পিএছঅ' ইতিমধ্যে প্রত্যাহাৰ কৰা হৈছে । মন্ত্রী, বিধায়ক, বিৰােধী দলপতিৰ লগত কিমানসংখ্যক পিএছঅ’ থাকিব সেয়া নির্ধাৰণ কৰা হ'ব । সেই ফর্মুলাৰে আৰু ৭০০ পিএছঅ’ কমিব । সেইদৰে আৰু ৬০০ পি এছ অ' কমােৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে । এনেদৰে ২,০০০ পি এছ অ' কমিলেই দুটা বেটেলিয়ন পি এছ অ’ৰ দায়িত্বৰ পৰা আঁতৰি আহিব ।
মুখ্যমন্ত্রীৰ স্পষ্ট কথা যে, আৰক্ষী বিষয়াৰ ঘৰত কাম কৰা ল'ৰা হিচাপে আৰক্ষী বাহিনীৰ জোৱানক নিয়ােগ কৰাৰ ব্যৱস্থাটো শেষ কৰিব বিচৰা হৈছে ।
লগতে পঢ়ক : ৰাজ্যসভাৰ পাৰ্শ্বক্ৰিয়া : কমনৱেল্থ সন্মিলন শেষ হ'লেই শশী-ছিদ্দিকলৈ বিধানসভাৰ শ্ব'কজ