ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Oct 18, 2020, 9:01 AM IST

পুৱা 9 বজাৰ শীৰ্ষ 10 বাতৰি

TOP NEWS AT 9 AM
পুৱা 9 বজাৰ শীৰ্ষ 10 বাতৰি

নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ জলমগ্ন হায়দৰাবাদৰ বিস্তৰ অঞ্চল

হায়দৰাবাদত পুনৰ ধাৰসাৰ বৃষ্টি ৷ শনিবাৰৰ পুৱাৰ পৰা হোৱা বৰষুণৰ ফলত পুনৰ জলবন্দী হৈ পৰে বহু লোক ৷ চৰকাৰৰ ফালৰ পৰা সতৰ্কতা অৱলম্বন ৷

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ গোপনে সৰবৰাহ নিৰ্মান সামগ্ৰীঃ নাওবৈচাত উত্তপ্ত পৰিস্থিতি

উত্তৰ অসমৰ লক্ষ লক্ষ জনসাধাৰণক মৃত্যুৰ অটল গহ্বৰলৈ ঠেলি দি চৰকাৰ তথা নিৰ্মানকাৰী সংস্থা এন.এইছ.পি.চিয়ে গোপনে অব্যাহত ৰাখিছে নদীবান্ধ নিৰ্মাণৰ কাম ৷ ইয়াৰ মাজতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্মানকাৰী সংস্থা এন.এইছ.পি.চিয়ে সামগ্ৰী কঢ়িয়াই অনাক লৈ কাতি বিহুৰ দিনটোতে পুনৰ উত্তপ্ত হৈ পৰিছে লখিমপুৰ জিলা ৷

ডকাইটিৰ অভিযোগত দুগৰাকীক জেললৈ প্ৰেৰণ নগাঁও আৰক্ষীৰ

ডকাইটিৰ অভিযোগত দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিলে নগাঁও আৰক্ষীয়ে ৷ নগাঁৱৰ বাইপাছত সংঘটিত এক ডকাইটিৰ ঘটনাৰ সন্দৰ্ভত লোক দুগৰাকীক গ্ৰেপ্তাৰ ৷ শনিবাৰে 2405/20 নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত লোক দুগৰাকীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ ৷

কোকৰাঝাৰত বৃহৎ পৰিমানৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ

কোকৰাঝাৰত বৃহৎ পৰিমানৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ ৷ কচুগাওঁ আৰক্ষী বিষয়া এছ আই আনন্দ ৰাভা নেতৃত্বৰ অভিযান চলাই উদ্ধাৰ কৰে অস্ত্ৰ খিনি

অসম-মিজোৰাম সীমান্তত মিজো লোকৰ আক্ৰমণত আহত অসমীয়া

অসম-মিজোৰাম সীমান্তবৰ্তী লায়লাপুৰত তীব্ৰ উত্তেজনা ৷ মিজো দুষ্কৃতিকাৰীয়ে অসম ভূমিৰ তিনিখন দোকান জ্বলাই দিয়াৰ লগতে বোমা বিস্ফোৰণ কৰাৰ ফলত গুৰুতৰভাবে আহত এজন যুবক ।

হাতী দাতৰ সৈতে চিৰাঙত হ’ল গ্ৰেপ্তাৰ দুজন

চিৰাঙত এক অভিযানত হাতী দাতৰ সৈতে দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । অভিযান কালত আৰক্ষীয়ে দুটা হাতী দাতৰ সৈতে দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ হোৱা লোক দুজন ক্ৰমে এক নং বলদি গাঁৱৰ ৰাহুল বসুমতাৰী (৩৩) আৰু গেন্দাবিল গাঁৱৰ কঙ্কন নাৰ্জাৰী(৩৪) ।

বিলাসীপাৰাত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

ধুবুৰীত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠ ৷ শনিবাৰৰ নিশা বিভিন্ন স্থানত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় কাঠফলা মেচিনৰ লগতে অবৈধ কাঠ ৷

সতীৰ্থৰ মুখত লেকাম লগাওকঃ মুখ্যমন্ত্ৰীলৈ বিৰোধী দলপতিৰ চিঠি

ৰাজহুৱা সভা সমিতি বা সামাজিক মাধ্যমত এইসকল বিজেপি নেতাই এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰি অহাৰ পিছতো তেওঁলোকৰ বিৰুদ্ধে গৃহ বিভাগে কেনো ব্যৱস্থা গ্ৰহণ নকৰাটো ৰহস্যজনক বুলি উল্লেখ কৰে পত্ৰখনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

দৰঙৰ কাতি বিহু উদযাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বিহুৰ লগত সংগতি ৰাখি সন্ধিয়া এহেজাৰ আকাশ বন্তিৰে উজ্বলিল মঙলদৈ বামুণপাৰাৰ মনপুৰ পথাৰ । দৰং জিলা প্ৰশাসনৰ উদ্যোগত প্ৰতিবছৰে ৰাজহুৱা ভাবে পালন কৰা কাতি বিহুৰ কাৰ্যসূচীত উপস্থিত থাকিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

কাকপথাৰত ৰাইজৰ দলৰ মুখ্য আহ্বায়ক লুহিত গগৈ

বিশেষকৈ সংগঠন সমুহৰ লগত সমাগত নিৰ্বাচনৰ ওপৰতেই আলোচনা কৰা বুলি জানিব পৰা গৈছে ৷ বিতু সোণোৱাল, অখিল গগৈৰ মুক্তিৰ দাবী তোলাৰ লগতে লুহিত গগৈয়ে ৰাজনৈতিক বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.