ETV Bharat / state

কটকটীয়া নীতি-নিয়মৰ মাজেৰে আজি ADRE ৰ তৃতীয় বৰ্গৰ স্নাতক আৰু মেট্ৰিক পৰ্যায়ৰ নিযুক্তি পৰীক্ষা - ADRE 2024

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

ADRE grade III exam: অসম চৰকাৰৰ তৃতীয় বৰ্গৰ পাঁচ সহস্ৰাধিক পদৰ বিপৰীতে আজি ৮২২ টা কেন্দ্ৰত পৰীক্ষাত বহিব ৭,৩৪,০৮০ গৰাকী প্ৰাৰ্থী । আজি অনুষ্ঠিত হ'ব দুটাকৈ পৰীক্ষা ।

ADRE grade III exam
ADRE 2024 (ETV Bharat)

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ: ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আজি অনুষ্ঠিত হ'ব ADRE ৰ তৃতীয় বৰ্গৰ স্নাতক আৰু হাইস্কুল শিক্ষান্ত পৰ্যায়ৰ পৰীক্ষা । এই পৰীক্ষাৰ বাবে ইতিমধ্যে জাৰি কৰা হৈছে নতুন এছ অ' পি । পৰীক্ষাৰ্থীয়ে ডেৰ ঘণ্টা পূৰ্বে পাবগৈ লাগিব কেন্দ্ৰ । পাঁচ সহস্ৰাধিক পদৰ বিপৰীতে আজি ৮২২ টা কেন্দ্ৰত পৰীক্ষাত বহিব ৭,৩৪,০৮০ গৰাকী প্ৰাৰ্থী । আজি অনুষ্ঠিত হ'ব দুটাকৈ পৰীক্ষা ।

কেতবোৰ কঠোৰ নিয়মাৱলীৰ মাজেৰে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অন্তৰ্গত তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা । সাজু আৰক্ষী-প্ৰশাসন তথা পৰীক্ষাৰ দায়িত্বত থকা সংশ্লিষ্ট কৰ্তৃপক্ষ । আয়োগৰ হৈ এই পৰীক্ষা অনুষ্ঠিত কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ।

ADRE grade III exam
ADRE 2024 পূৰ্বৰ পৰীক্ষাৰ ফটো (ETV Bharat)

ইফালে এ ডি ই আৰ পৰীক্ষাৰ বাবে ৰাজ্যজুৰি পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ বন্ধ থাকিব ম’বাইল ইণ্টাৰনেট সেৱা । অৰ্থাৎ ৰাজ্যত আঠ ঘণ্টাৰ বাবে নাথাকিব ম’বাইল ইণ্টাৰনেট । আগবেলা পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষা আৰু পিচবেলা ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ মেট্ৰিক পৰ্যায়ৰ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হ'ব ।

স্নাতক পর্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষাত ৫,২৯,৯৮৯ গৰাকী আৰু তৃতীয় বৰ্গৰ চালক পদত ২,০৪০৯১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব । এইবাৰ পৰীক্ষা অন্ত পৰাৰ পিচত প্ৰাৰ্থীসকলে তেওঁলোকৰ প্ৰশ্নকাকতখন লৈ যাব পাৰিব । পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিচত নিৰীক্ষকসকলে প্ৰথমে অ’ এম আৰ শ্বিটসমূহ সংগ্ৰহ কৰিব । এই সময়ছোৱাত প্ৰাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত অতিৰিক্ত পাঁচ মিনিটৰ বাবে বহি থাকিব লাগিব । যেতিয়াই নিৰীক্ষকে সংগ্ৰহ কৰা অ' এম আৰ শ্বিটসমূহ সঠিক হিচাপে গণ্য কৰিব তেতিয়াই প্ৰাৰ্থীসকলে প্ৰশ্নকাকতসহ পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই যাব পাৰিব ।

ADRE grade III exam
নিযুক্তি পৰীক্ষাৰ বাবে পৰীক্ষাগৃহৰ সমুখত পৰীক্ষাৰ্থী (ETV Bharat)

ADRE পৰীক্ষাৰ সন্দৰ্ভত জাৰি কৰা বিশেষ নীতি-নিৰ্দেশনা :

  1. এডমিট কার্ড, বৈধ পৰিচয়ৰ লগতে তালাচী অবিহনে কোনো প্ৰাৰ্থীক পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ৷
  2. প্ৰাৰ্থীসকলক আৰক্ষী বা কৰ্তৃত্বশীল বিষয়াৰ জৰিয়তে নিয়মীয়া তালাচীৰ লগতে মেটেল ডিটেক্টৰৰ জৰিয়তে পৰীক্ষা কৰা হ'ব ৷
  3. কোনো প্ৰার্থী আপত্তিজনক তালাচীৰ সন্মুখীন হ'লে লগে লগে সমগ্ৰ বিষয়টো কেন্দ্ৰৰ তত্ত্বাৱধায়কক অৱগত কৰিব পাৰিব ৷
  4. দ্ৰুত তালাচীৰ স্বাৰ্থত প্ৰাৰ্থীসকলক হাফ চোলা আৰু জোতাৰ পৰিৱৰ্তে চেণ্ডেল পিন্ধি আহিবলৈ পৰামৰ্শ দিয়া হৈছে ৷
  5. প্ৰাৰ্থীসকল কমেও ডেৰ ঘণ্টা আগত পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব লাগিব ৷
  6. পুৰুষ প্ৰাৰ্থীৰ তালাচী পুৰুষ আৰক্ষী আৰু মহিলাৰ তালাচী মহিলা আৰক্ষীৰ দ্বাৰা কৰা হ'ব ৷
  7. তালাচীৰ সময়ত পৰীক্ষাৰ্থীৰ গোপনীয়তা আৰু সততাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ নিৰ্দেশ দিয়া হৈছে ।
  8. পুৰুষ আৰু মহিলা পৰীক্ষাৰ্থীৰ বাবে পৃথক হ’ব তালাচীৰ স্থান ।
  9. মহিলা পৰীক্ষাৰ্থীৰ সন্মান আৰু গোপনীয়তা ৰক্ষাৰ বাবে তালাচীৰ স্থান বিশেষ আঁৰ-বেৰৰ মাজত থাকিব ।
  10. প্ৰৱেশ পথতে পৰীক্ষা কেন্দ্ৰলৈ কি কি নিব পাৰিব বা নোৱাৰিব তাৰ স্পষ্ট নিৰ্দেশনাৰ ব্যৱস্থা কৰা হৈছে ।
  11. তালাচীৰ সময়ত আৰক্ষীয়ে পৰীক্ষাৰ্থীক সুন্দৰভাৱে বুজাব লাগিব যে অসৎ উপায় ৰোধ কৰাৰ বাবে তালাচী নিৰাপত্তাৰ এক অংশ ।
  12. পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ পকেট খালী কৰি সকলো সামগ্ৰী নিৰ্ধাৰিত স্থানত পৰিদৰ্শনৰ বাবে দিব লাগিব ।
  13. মহিলা প্ৰাৰ্থীৰ তালাচী অংগনৱাড়ী কৰ্মী-সহায়িকা বা আশা কৰ্মীৰ উপস্থিতিত মহিলা কনিষ্টবলে কৰিব ।
  14. তালাচীৰ সময়ত পৰীক্ষাৰ্থী সকলে হাত ডাঙি তালাচী দিব লাগিব ।
  15. প্ৰটকল অনুসৰি, কঁকাল, গোৰোহা, পকেট আদিৰ তালাচীৰ বাবে হাউলিব লাগিব পৰীক্ষাৰ্থীয়ে ।
  16. কাপোৰ, জোতা আদিত যাতে নিষিদ্ধ কোনো সামগ্ৰী নিব নোৱাৰে সেয়া নিশ্চিত কৰা হ’ব ।
  17. পৰীক্ষাৰ্থীক কেৱল ছেবা, টেষ্টিং এজেন্সী আৰু এছ এল আৰ চিয়ে অনুমতি দিয়া সামগ্ৰীহে নিবলৈ অনুমতি দিয়া হ’ব ।
  18. তালাচীৰ সময়ত সন্দেহ ওপজিলে পৰীক্ষাৰ্থীক টুপি, জোতা-চেণ্ডেল, গহনা আদি খুলিবলৈ নিৰ্দেশ দিব পাৰে ।
  19. অনুমতি নথকা সামগ্ৰী পালে সেয়া লগে লগে জব্দ কৰা হ’ব ।
  20. কোনো ইলেকট্ৰনিক ডিভাইচ বা অসৎ উপায় অৱলম্বন কৰা সামগ্ৰী লাভ কৰিলে পৰীক্ষাৰ প্ৰটকল অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
  21. তালাচী সম্পন্ন হোৱাৰ পিছত পৰীক্ষাৰ্থীক তেওঁলোকৰ যাৱতীয় সামগ্ৰী লৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ অনুমতি দিয়া হ’ব ।
  22. তালাচীৰ স্থানত যাতে কোনো অনুমতি নথকা সামগ্ৰী কঢ়িয়াই নিব নোৱাৰে সেয়া নিশ্চিত কৰা হ’ব ।
  23. জব্দ কৰা সামগ্ৰীৰ এখন পঞ্জী থাকিব আৰু নিয়ম পালন নকৰা বা সন্দেহজনক আচৰণৰ যিকোনো ঘটনা প্ৰাৰ্থী অনুসৰি লিপিবদ্ধ কৰা হ’ব ।
  24. যদি কোনো মহিলাই তালাচীৰ বাবে সন্মত নহয়, তেন্তে ততালিকে পৰীক্ষা কেন্দ্ৰৰ কৰ্তৃপক্ষ আৰু চেণ্টাৰৰ দায়িত্বত থকাজনক জনাব লাগিব । চেণ্টাৰৰ দায়িত্বত থকাজনে পৰীক্ষাৰ্থীগৰাকীক পৰীক্ষা প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ বাবে তালাচী যে প্ৰয়োজনীয় সেই কথা বুজাব । তাৰ পিছতো যদি পৰীক্ষাৰ্থীগৰাকী সন্মত নহয় তেন্তে তেওঁৰ স্বাক্ষৰৰ পিছত পৃথক ৰুমলৈ নিয়া হ’ব ।
  25. নিষিদ্ধ সামগ্ৰী জব্দ হ’লে প্ৰাৰ্থীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব ।
  26. তলাচীৰ সময়ত পৰীক্ষাৰ্থীৰ সন্মান, মৰ্যাদা বজাই ৰাখিব লাগিব । সকলো প্ৰাৰ্থীৰ প্ৰতি নিৰপেক্ষতা, স্বচ্ছতা, পেছাদাৰিত্ব আৰু সততাৰে তালাচী কৰাৰ নিৰ্দেশ দিয়া হৈছে ।
  27. যথাসম্ভৱ তালাচীৰ স্থানত চিচি টিভিৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়া হৈছে । যাতে প্ৰয়োজনত ভিজুৱেল চাই সত্যতা নিৰূপণ কৰিব পাৰি ।
  28. মহিলাৰ তালাচীৰ ক্ষেত্ৰত চিচি টিভি ৰেকৰ্ডিং নিষিদ্ধ ।
  29. যথাসম্ভৱ মহিলাৰ তালাচী বুথৰ প্ৰৱেশ আৰু প্ৰস্থান পথত চিচি টিভিৰ ব্যৱস্থা কৰাৰ বাবে কোৱা হৈছে ।
  30. তালাচী সম্পৰ্কে প্ৰাৰ্থীয়ে আপত্তি দৰ্শাব পৰাকৈ প্ৰতিটো কেন্দ্ৰত এজন ভাৰপ্ৰাপ্ত বিষয়া থাকিব লাগিব । এই ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আৰক্ষী নাইবা আন চৰকাৰী বিভাগৰ লোক হ’ব লাগিব ।
  31. প্ৰাৰ্থীয়ে নিব লাগিব নীলা, ক'লা চিয়াঁহীৰ বল পেন ।
  32. পৰীক্ষা কেন্দ্ৰলৈ নিব পাৰিব ধন আৰু লেবেল নথকা পানী বটল ।
  33. পৰীক্ষাৰ্থীসকলে নিব লাগিব পৰিচয় পত্ৰ । পৰিচয় পত্ৰৰ ভিতৰত পৰীক্ষাৰ্থীয়ে নিব পাৰিব আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ নাইবা সঠিক পৰিচয় পত্ৰ ।
  34. ছেবাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰা এডমিট লৈ যাব লাগিব প্ৰাৰ্থীসকলে ।
  35. বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলে নিব লাগিব প্ৰমাণ পত্ৰ ।
  36. পৰীক্ষাৰ পূৰ্বে অ' এম আৰ শ্বীটত নাম, ৰোল নম্বৰ পৰীক্ষা কৰিবলৈ আহ্বান ।
  37. গেট বন্ধৰ পিছত পৰীক্ষাৰ্থীয়ে প্ৰৱেশ কৰিবলৈ অনুমতি নাপাব ।

প্ৰাৰ্থীৰ বাবে বিশেষ ৰে'লৰ ব্যৱস্থা :

দেওবাৰে অনুষ্ঠিত হ’বলগীয়া ADRE পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলৰ সুবিধাৰ্থে বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হৈছে । উত্তৰ-পূব সীমান্ত ৰে’লৱেই পৰীক্ষাৰ বাবে বিশেষ য়খন ৰে’লৰ ব্যৱস্থা কৰিছে । সেই অনুসৰি আলিপুৰদুৱাৰৰ পৰা কামাখ্যা ষ্টেচনলৈ, আলিপুৰদুৱাৰ আৰু গুৱাহাটী ষ্টেচনৰ মাজত, হাইলাকান্দি আৰু শিলচৰৰ মাজত, মৰিয়নি আৰু নাৰেংগীৰ মাজত, আলিপুৰদুৱাৰ আৰু নিউ বঙাইগাঁৱৰ মাজত, হয়বৰগাঁৱৰ পৰা গুৱাহাটীলৈ চলাচল কৰিব এই ৰে’ল ।

পৰীক্ষাৰ বাবে ৰাজ্যজুৰি আঠ ঘণ্টা বন্ধ থাকিব ইণ্টাৰনেট সেৱা :

ADRE ৰ তৃতীয় বৰ্গৰ স্নাতক আৰু মেট্ৰিক পৰ্যায় পৰীক্ষা স্বচ্ছতাৰে অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰে বহু কেইটা পদক্ষেপ গ্ৰহণ কৰিছে । তাৰেই অংশ হিচাপে আজি পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ আঠ ঘণ্টাৰ বাবে সমগ্ৰ ৰাজ্যতে ম’বাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ'ব । এই সন্দৰ্ভত চৰকাৰীভাৱে জাৰি কৰা বিবৃত্তি অনুসৰি পৰীক্ষাৰ সময়ত ম’বাইল ইণ্টাৰনেট, ম’বাইল ডাটা, ম’বাইল ৱাইফাই সেৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব । উল্লেখ্য যে ইয়াৰ পূৰ্বৰ ADRE পৰীক্ষাতো ৰাজ্য চৰকাৰে ম’বাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰিছিল । প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনা ৰোধ কৰাৰ বাবেই চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰিছে ।

ADRE grade III exam
পূৰ্বৰ পৰীক্ষাত পৰীক্ষাকেন্দ্ৰৰ সমুখত পৰীক্ষাৰ্থীৰ ভিৰ (ETV Bharat)

তদুপৰি এতিয়াৰে পৰা পৰীক্ষাত যাতে কোনো পৰীক্ষাৰ্থী, অভিভাৱকে নকল কৰা, নকল যোগান ধৰা অথবা আন অসৎ কাৰ্যত লিপ্ত হ'ব নোৱাৰে তাৰ বাবে ইতিমধ্যে অসম বিধানসভাত এক আইনো গৃহীত কৰিছে । বিধানসভাত গৃহীত হোৱাৰ লগতে কাৰ্যকৰী হোৱা 'অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন-২০২৪' অনুসৰি কোনো পৰীক্ষাৰ্থীয়ে উল্লেখিত অসৎ উপায় অৱলম্বন কৰে তেন্তে তেওঁলোকৰ ৩ বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত জেইল হ'ব পাৰে । তাৰোপৰি ক্ষতিপূৰণ হিচাপে ১ লাখৰ পৰা ১ কোটি টকা পৰ্যন্ত জৰিমণা ভৰিব লগীয়াও হ'ব পাৰে ।

সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া :

ADRE ৰ নিযুক্তি পৰীক্ষাক লৈ সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে কয়, "ADRE অৰ্থাৎ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ । এই পৰীক্ষাটিয়ে পূৰণ কৰিব বহু যুৱক-যুৱতীৰ সপোন । আমাৰ যুৱপ্ৰজন্মৰ মাজত হাঁহি বিৰিঙাবলৈ কোনো ধৰণৰ বিসংগতি নথকাকৈ এইলানি পৰীক্ষা পৰিচালিত কৰিবলৈ আমি যথেষ্ট সতৰ্কতাৰ মাজেৰে আগবাঢ়িছোঁ । স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ আপোচ নকৰোঁ । আমি এই বিষয়ত কিছু নিৰ্দিষ্ট প্ৰট'কল বান্ধি দিছোঁ । পৰীক্ষাৰ্থীসকললৈ এটাই অনুৰোধ যে পৰীক্ষাৰ সকলো নীতি-নিয়ম মানি চলি নিজৰ শ্ৰেষ্ঠতাখিনি উজাৰি দিয়ক ।"

পূৰ্বৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল অভিলেখ সংখ্যক ১১ লক্ষাধিক প্ৰাৰ্থী :

যোৱা ১৫ ছেপ্টেম্বৰত অভিলেখ সৃষ্টি কৰি ৰাজ্যৰ ২৮ খন জিলাৰ ২৩০৫ টা কেন্দ্ৰত পৰীক্ষা দিছিল ১১,২৩,২০৪ গৰাকী প্ৰাৰ্থীয়ে । ৰাজ্যৰ ইতিহাসত প্ৰথম বাৰৰ বাবে নিযুক্তি পৰীক্ষাত একেলগে ইমান সংখ্যক প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল । উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ তিনি সহস্ৰাধিক পদৰ বাবে লিখিত পৰীক্ষাত বহিছিল ১১ লাখৰো অধিক প্ৰাৰ্থী । সিদিনা পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ ৰখা হৈছিল । পৰীক্ষা অনুষ্ঠিত হৈছিল ১০.৩০ বজাৰ পৰা ১.৩০ বজালৈ ।

লগতে পঢ়ক: ADREৰ বাবে ৰাজ্যজুৰি দেওবাৰে হ’ব ইণ্টাৰনেট কৰ্তন - ADRE 2024

পৰীক্ষাৰ পূৰ্বে জানি লওক ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ নিৰ্দেশনা; নহ'লে পৰিব বিপদত, বিশেষ ৰে'লৰ ব্যৱস্থা - ADRE for 3rd Grade

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.