গুৱাহাটী, ৯ নৱেম্বৰ : ৰাজ্য চৰকাৰে মঙলবাৰে এক নিৰ্দেশ যোগে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত কৰে ৰদ-বদল । সেই অনুসৰি অসম আৰক্ষীৰ গুৱাহাটীস্থিত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ উপ মহাপৰিদৰ্শক মৃদুলানন্দ শৰ্মাক যোৰহাটৰ উপ মহা পৰিদৰ্শক (ই আৰ) হিচাপে বদলি কৰা হৈছে ।
শিলচৰৰ উপ মহাপৰিদৰ্শক (এছ আৰ) দেৱজ্যোতি মুখাৰ্জীক গুৱাহাটীস্থ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ উপ মহা পৰিদৰ্শক হিচাপে বদলি কৰা হৈছে ।
একেদৰে আন এক নিৰ্দেশ যোগে অসম আৰক্ষীৰ ইউ বি আৰু এ বিৰ ৬২ গৰাকী পৰিদৰ্শকক উপ আৰক্ষীৰ অধীক্ষক আৰু সহ-অধিনায়ক হিচাপে পদোন্নতি দিয়া হৈছে । পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত তেওঁলোকক অস্থায়ীভাৱে পদোন্নতি দিয়া হৈছে ।