ধেমাজিত অগপ আৰু কংগ্ৰেছৰ শতাধিক লোকৰ বিজেপিত যোগদান
মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত জিলা সভাপতি প্ৰেম দত্ত, বিধায়ক ডাঃ ৰনোজ পেগুৰ উপস্থিতিত শতাধিক কংগ্ৰেছ আৰু অগপ দলৰ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ৷ যোগদান কৰা লোক সকলক দলীয় গলবস্ত্ৰ আৰু টুপি পিন্ধাই দললৈ আদৰণী জনায় বিধায়ক ৰনোজ পেগু, জিলা সভাপতি প্ৰেম দত্তই ৷
হাইলাকান্দিত বৰাক ডেম'ক্ৰেটিক ষ্টুডেণ্ট ফ্ৰণ্টৰ প্ৰতিবাদ
মঙলবাৰে হাইলাকান্দিত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে বৰাক ডেম'ক্ৰেটিক ষ্টুডেণ্ট ফ্ৰণ্টে ৷ জিলাখনৰ শ্বহীদ বেদীত এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজনৈতিক ষড়যন্ত্ৰ কোনো কাৰণতে মানি লোৱা নহ'ব বুলি স্পষ্ট কৰাৰ লগতে সংগঠনটোৱে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে ৷
চৰকাৰলৈ বাট নাচাই শ্ৰমদানেৰে ৰাইজে নিৰ্মাণ কৰিলে পথ
চৰকাৰৰ মুখলৈ বাট নাচাই হাতে-হাতে কোৰ লৈ পথ নিৰ্মাণৰ বাবে ওলাই আহিল সাধাৰণ ৰাইজ ৷ মঙলবাৰে মৰাণৰ সমীপৰ 107নং থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত 1নং গঁড়ভগা গাঁৱৰ ৰাইজে শ্ৰমদানেৰে পথ নিৰ্মাণ কৰে ৷ গাঁৱখনৰ পুৰুষ-মহিলাৰ উপৰি কণমানি ছাত্ৰ-ছাত্ৰীয়ে এই শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
শ্ৰীলংকাৰ 73 তম স্বাধীনতা দিৱসৰ উপেলক্ষে শুভেচ্ছা প্ৰেৰণ নৰেন্দ্ৰ মোডীৰ
কলম্বোতস্থীত ভাৰতীয় উচ্চ আয়োগে মুকলি কৰা এক প্ৰেছ বিবৃতিত উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰী মোডীয়ে শ্ৰীলংকাৰ লগত থকা ভাৰতৰ ধৰ্মীয়, সাংস্কৃতিক, পৰম্পৰাৰ হাজাৰ হাজাৰ বছৰ সৰ্ম্পকৰ কথা উল্লেখ কৰিছে নিজৰ শুভেচ্ছামূলক বাৰ্তাৰ জৰিয়তে ৷
শীঘ্ৰে পুনৰ পাঠদান আৰম্ভ হ'ব দিল্লীৰ ব্যক্তিগতখণ্ড শিক্ষানুষ্ঠানতঃঅৰবিন্দ কেজৰিৱাল
অতি শীঘ্ৰে দেশৰ ৰাজধানী দিল্লীত পাঠদানৰ বাবে সম্পূৰ্ণ ৰূপত পুনঃ মুকলি কৰি দিয়া হ'ব শিক্ষানুষ্ঠানসমূহ ৷ মঙলবাৰে ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ আৰু কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত হোৱা মতবিনিময় অনুষ্ঠানৰ পিছতে এই মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷
শংকাত দিন অতিবাহিত কৰিছে মেঘালয়ৰ 'হৰিজন কলনী'ৰ শিখ পৰিয়ালে
ভয় আৰু শংকাত বৰ্তমান দিন অতিবাহিত কৰিছে মেঘালয়ৰ হৰিজন কল'নীত বসবাস কৰা প্ৰায় 2500 টা পৰিয়ালে ৷ যি সমূহ পৰিয়াল বৰ্তমান 'খাচী হিলচ স্বায়ত্ব শাসিত পৰিষদ'ৰ পিচত মেঘালয়ৰ ৰাজধানী শ্বিলংত পঞ্জাৱী লাইন ৰূপে জনাজাত ৷ কিন্তু বৰ্তমান তেওঁলোকে বসবাস কৰা 'হৰিজন কলনী'ৰ সেই ভূমিক লৈ যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছিল ৷ যাৰবাবে ৰাজ্য চৰকাৰৰ সৈতে হিমা মাইলিমৰ এখন চুক্তি স্বাক্ষৰ কৰিবলৈ প্ৰস্তুত হৈছিল য'ত চুক্তিৰ জৰিয়তে 'হৰিজন কলনী'ক উক্ত স্থানৰ পৰা স্থানান্তৰিত কৰি অন্য স্থানলৈ ৷
বিধানসভা নিৰ্বাচনত লখিমপুৰত সমূহীয়াকৈ ভোট বৰ্জন কৰিব 25 খন গাঁৱৰ ৰাইজে
সুদীৰ্ঘ বছৰে আন্দোলন তথা বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰাৰ পিচতো স্থায়ী সমাধান নহ'ল নাওবৈচাৰ গেলাহাটী অঞ্চলৰ ভয়াৱহ বান সমস্যা । গেলাহাটীবাসীৰ বাবে শিঙৰা উভতনি বান অভিশাপ স্বৰূপ হৈ পৰাৰ বান সমস্যাক লৈ যোৱা 25 টা বছৰে বহু ৰাজনীতি হ‘ল । গেলাহাটীত শিঙৰা কালৰূপী উভতনি বানে গেলাহাটী-গোসাঁনীবাৰীকে ধৰি 25-30 খন গাঁৱৰ সহস্ৰাধিক পৰিয়ালৰ জীৱন-জীৱিকা নিঃশেষ কৰাৰ পাছত এই বানে ৰাষ্ট্ৰীয় পৰ্যায়ত বাতৰি দখল কৰিবলৈ সক্ষম হৈছিল; কিন্তু এই পৰ্যন্ত বৃহত্তৰ অঞ্চলবাসীৰ বান সমস্যাৰ স্থায়ী সমাধান নহ'ল ।
ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলিব কমল কুমাৰ মেধিয়ে
ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলিব কমল কুমাৰ মেধিয়ে। জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ হিমন্তক ৰাজনীতিৰ পৰা বিদায় দিয়াৰ পণ লৈছে ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে।
বৰপেটাত গুজৰাটৰ অৰ্থনৈতিক বিশেষজ্ঞ প্ৰীতি কাপাদিয়া
ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকললৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে "মিচন টু দ্য হাৰ্টচ অফ মিলিয়ন" নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ৷ মঙলবাৰে বৰপেটা প্ৰেছ ক্লাৱত স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে অনুষ্ঠিত কৰা সংবাদ মেলত কেইবাটাও আঁচনিৰ কথা সদৰী কৰে গুজৰাটৰ অৰ্থনৈতিক বিশেষজ্ঞ প্ৰীতি কাপাদিয়াই ৷
নাহৰকটীয়াত ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন ডিব্ৰুগড় জিলা উপায়ুক্তৰ
মঙলবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত লেঙেৰীজান চাহ বাগান ষ্টাফ ক্লাব আৰু কোঁৱৰবাম প্ৰাথমিক বিদ্যালয় চৌহদত থকা ভোটগ্ৰহণ কেন্দ্ৰকেইটা পৰিদৰ্শন কৰে ৷ ইয়াৰ উপৰি ভোটগ্ৰহণ কেন্দ্ৰৰ সমান্তৰালভাৱে অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনৰ বাবে প্ৰয়োজনীয় সা-সুবিধাসমূহ পৰীক্ষা কৰে ৷