ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি - top 10 news at 9

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-news-at-9
পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Jul 25, 2021, 9:26 AM IST

এটা পাঁচকোটি টকীয়া বিধ্বস্ত মথাউৰিয়ে ৰাইজক খুৱাইছে জলা-কলা

৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বগীবিলৰ এটা মথাউৰি (Embankment) য়ে জলা-কলা খুৱাইছে ৰাইজক ৷ বিগত দুটা বছৰেই মেৰামতিৰ কাম সম্পূৰ্ণ নকৰাত ঠিকাদাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিভিন্ন দল সংগঠন ৷

বদৰপুৰত ৰে'লৱে আৰক্ষীৰ জালত ১৫ গৰাকী ৰহিংগীয়া

ৰেলৱে আৰক্ষীয়ে আটক কৰা দলটোত আছে 6 টা শিশু, 6 গৰাকী পুৰুষ আৰু 3 গৰাকী মহিলা ৷ উল্লেখযোগ্য যে, এই 15 জনীয়া ৰহিংগীয়াৰ দলটোৱে ৰে'লযোগে আগৰতলালৈ যাবলৈ ওলোৱাৰ সময়তে আৰক্ষীৰ জালত পৰে ৷

মৰিয়নীৰ ৰূপজ্যোতি কুৰ্মীৰ স্থিতিক কোনেও ওফৰাব নোৱাৰে : পীযুষ হাজৰিকা

মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ (Rupjyoti Kurmi) এক শক্তিশালী স্থিতি আছে ৷ ৰূপজ্যোতি কুৰ্মীক প্ৰত্যাহ্বান জনোৱাতো কঠিন হ'ব ৷ এই মন্তব্য মৰিয়নী সমষ্টিৰ বিজেপিৰ আহ্বায়কৰ দায়িত্বত থকা মন্ত্ৰী পীযুষ হাজৰিকাৰ (Piyush Hazarika) ৷

বেদখলকাৰীক শেষ সকিয়নী পীযুষ হাজৰিকাৰ

পুনৰ বেদখলকাৰীৰ কবলত যোৱা 6 জুন তাৰিখে প্ৰশাসনে উচ্ছেদ কৰা ৰবৰ বাগানৰ ভূমি ৷ প্ৰশাসনৰ অভিযানৰ পাচতো উচ্ছেদিত লোকসকলে উক্ত ভূমি পুনৰ বেদখল কৰাৰ অভিযোগ ৷ যাৰ বাবে শনিবাৰে হোজাই জিলাৰ উচ্ছেদিত স্থানত উপস্থিত হৈ উচ্ছেদিত স্থানসমূহ পৰিদৰ্শন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ উচ্ছেদিত স্থান পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে শেষ সকিয়নী প্ৰদান কৰিলে বেদখলকাৰীক ৷

বিজেপি গমন: বাজেট অধিৱেশন শেষ হোৱালৈ বাট চাইছে সুশান্তই

বিজেপি(BJP) গমনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে সুশান্ত বৰগোহাঁইৰ । অৱশ্যে এই পৰ্যন্ত বিশেষ কোনো মন্তব্য প্ৰকাশ কৰা নাই কংগ্ৰেছ বিধায়ক গৰাকীয়ে ৷

অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ভুপেন বৰা

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হ’ল ভুপেন বৰাক ৷ বিশেষ সূত্ৰৰ খবৰ অনুসৰি, সভাপতিৰ দৌৰত আছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন বিধায়ক ভুপেন কুমাৰ বৰাৰ নাম ।

আজিও ম্যানমাৰতে আৱদ্ধ NDFBৰ সদস্য এলচন বসুমতাৰী

বিটিআৰ শান্তি চুক্তিৰ(BTR ACCORD) জৰিয়তে এনডিএফবি(NDFB)ৰ প্ৰায় সকলো সদস্য ঘূৰি আহিলেও এতিয়াও ম্যানমাৰতে আৱদ্ধ হৈ আছে চিৰাঙৰ এলচন বসুমতাৰী নামৰ এনডিএফবিৰ সদস্যজন । শ্ৰমিক পিতৃ-মাতৃৰ চৰকাৰলৈ আহ্বান তেওঁলোকৰ সন্তানক ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে ৷

অসম-মেঘালয়ৰ দুই মুখ্যমন্ত্ৰীৰ আলোচনা সন্দৰ্ভত কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত অনুষ্ঠিত হোৱা শেহতীয়া আলোচনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰ্বি ছাত্ৰ সন্থাই ৷ সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সন্থাটোৰ সভাপতি থানচিং তিমুঙে ৷

ৰাষ্ট্ৰপতিৰ আগমনকলৈ জম্মু-কাশ্মীৰ আৰু লাডাখত কটকটীয়া কৰা হৈছে নিৰাপত্তা

ৰাষ্ট্ৰপতি কোবিন্দ দেওবাৰে শ্ৰীনগৰত উপস্থিত হ'ব আৰু দাল হ্ৰদৰ পাৰত থকা শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তন কেন্দ্ৰত কাশ্মীৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব । সোমবাৰে তেওঁ কাৰ্গিল বিজয় দিৱসৰ ২২ তম বাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিবলৈ লাডাখলৈ উৰা মাৰিব ।

পত্নীক বিবস্ত্ৰ কৰি স্বামীয়ে ভাইৰেল কৰিলে ভিডিঅ’

কোনো অশিক্ষিত তথা পিছপৰা সমাজত নহয় এইবাৰ মহানগৰী গুৱাহাটীত সংঘটিত হৈছে যৌতুকৰ বাবে বোৱাৰী নিৰ্যাতনৰ ঘটনা ৷ উপায়ন্তৰ হৈ স্বামীৰ বিৰুদ্ধে পত্নীয়ে ৰুজু কৰিছে গোচৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.