ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি - সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

top 10 news at 7pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Jun 21, 2021, 7:02 PM IST

কি আছে নতুন ক’ভিড নিৰ্দেশনাত...

ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে কৰ’ণা সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা ৷ নতুন ক’ভিড নিৰ্দেশনা অনুসৰি ৰাজ্যত আন্তঃজিলা যাতায়াত বৰ্তমান বন্ধ থাকিব ৷ পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা । আনহাতে কামৰূপ(ম) ত বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন ৷

হিতাধিকাৰীয়ে ফল নিদিলে: নাড্ডাই ৰণজিৎ দাসক দিলে নতুন ফৰ্মূলা

দেওবাৰে সংবাদ মাধ্যমৰ অগোচৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ মাজত অনুষ্ঠিত হয় এক ভাৰ্চুৱেল বৈঠক ৷ বৈঠকত ৰণজিৎ দাসক কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে নাড্ডাই ৷

ৰাজ্যজুৰি পালন সপ্তম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

যোগ শব্দটো আহিছে সংস্কৃত শব্দ যুগৰ পৰা যাৰ অৰ্থ হ'ল সংযুক্ত কৰা বা একত্ৰিত কৰা ৷ 'যোগ' সুস্থভাৱে জীয়াই থকাৰ এটি কলা য’ত দেহ, মন, মানুহ আৰু প্ৰকৃতিৰ মাজত সংযোগ স্থাপনৰ চেষ্টা কৰা হয় ৷ ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই 'আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস' পালনৰ বাবে ২১ জুনৰ দিনটো ঘোষণা কৰিছিল ৷

50 হাজাৰ টকাৰ বাবে স্বামীক ডিঙি ৰেপি হত্যা পত্নীৰ

নলবাৰীৰ গন্ধিয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ নিজ স্বামীক ডিঙি ৰেপি হত্যা কৰিলে পত্নীয়ে । অভিযোগ অনুসৰি, স্বামীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি পত্নীৰ দ্বাৰা সংঘটিত হ’ল এই হত্যাকাণ্ড ৷ যাক লৈ অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই ৷

গেৰুৱা সাজ পিন্ধিলে সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

লখিমপুৰৰ গেৰুকামুখৰ এনএইচপিচি(NHPC) ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰিলে মৰিয়নীৰ বিধায়ক গৰাকীয়ে ৷ এবাৰ দুবাৰ নহয়, চাৰিবাৰকৈ কংগ্ৰেছ দলৰ পৰা জয়ী হৈ বিধায়কৰ পদ অলংকৃত কৰা ৰূপজ্যোতি কুৰ্মীক যোৰহাট জিলা সমিতিয়ে দলীয় অংগবস্ত্ৰ পিন্ধাই দললৈ আদৰণি জনায় ৷

শীঘ্ৰে ক'ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হ'ব দেশত ! ভাৰতবাসী সাজু নে ?

AIIMS ৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই সতৰ্ক কৰি দিছে যে, ক'ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ হোৱাটো খাটাং আৰু এই তৃতীয় ঢৌৰ সংক্ৰমণ পৰৱৰ্তী ৬-৮ সপ্তাহৰ ভিতৰত দেশত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । ৰাজ্যসমূহে ক'ভিডৰ মাৰাত্মক তৃতীয় ঢৌৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আৰম্ভ কৰা প্ৰস্তুতি সন্দৰ্ভত এক প্ৰতিবেদন যুগুত কৰিছে ইটিভি ভাৰতে । এই তৃতীয় ঢৌৱে শিশুসকলক আটাইতকৈ বেছি সংক্ৰমিত কৰিব ।

ৰহাৰ একেখন ঘৰতে দুগৰাকীকৈ বিশ্ব অভিলেখৰাকী

বিশ্ব যোগ দিৱসৰ দিনটোত ময়ুৰাসন কৰি বিশ্ব অভিলেখ গঢ়িলে ৰহাৰ এজন ছাত্ৰই ৷ একেৰাহে ৬ মিনিট পদ্ম ময়ুৰাসন কৰি এই অভিলেখ গঢ়িলে ৰহা ৰজাগাঁৱৰ নকুল নাথ আৰু স্বৰ্ণলতা দেৱীৰ পুত্ৰ অভিজ্ঞানে ৷

ভাৰতত কেতিয়া হ‘ব ক'ভিডৰ তৃতীয়টো সংক্ৰমণ: IIT কানপুৰৰ নতুন তথ্য

আইআইটি কানপুৰে দাখিল কৰা প্ৰতিবেদন অনুসৰি, উত্তৰ-পূৰ্বাঞ্চল (North-East)ৰ মিজোৰাম, মণিপুৰ, ছিকিমৰ বাহিৰে প্ৰায় প্ৰতিখন ৰাজ্যতে ক’ভিড (COVID-19)ৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ যথেষ্ট হ্ৰাস পাইছে । অধিকাংশ ৰাজ্যৰ আক্ৰান্তৰ হাৰ 5 শতাংশতকৈ কম ৷ কিন্তু কেৰালা, গোৱা, ছিকিম আৰু মেঘালয়ত এতিয়াও আক্ৰান্তৰ হাৰ 10 শতাংশতকৈ অধিক ।

24 ঘন্টাই বিদ্যুৎ পাবলৈ ৰোধ কৰিব লাগিব বিদ্যুৎ চুৰি: বিমল বৰা

উপসংমণ্ডলৰ বিষয়া-কৰ্মচাৰীসকলে বিদ্যুৎ চুৰিৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে সোমবাৰে ডিব্ৰুগড়ত এক সংবাদ মেল সম্বোধন কৰে শক্তি মন্ত্ৰী বিমল বৰাই ৷ ডিব্ৰুগড়ৰ বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত বিমল বৰাই কয়, 24 ঘন্টাই বিদ্যুৎ যোগান ধৰিবলৈ হ'লে ৰোধ কৰিব লাগিব বিদ্যুৎ চুৰি ।

কেৰালা(Kerala)ত ভয়াৱহ দুৰ্ঘটনাত ৫ জন নিহত

কেৰালাৰ কোঝিকড়ে জিলাৰ ৰমানাট্টুকাৰাত সোমবাৰে পুৱা সংঘটিত হ'ল এক শোকাৱহ দুৰ্ঘটনা(ACCIDENT) । এখন বাহন আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ গ'ল ৫ জন লোকৰ । নিহত লোককেইজন হৈছে মুহাম্মাদ চাহিৰ, নাজিৰ, জুবেইৰ, আছাইনাৰ আৰু থাহিৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.