ETV Bharat / state

7 বজাৰ শীৰ্ষ দহটা বাতৰি - top 10 news at 7 pm

7 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-news-at-7-pm
7 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Jun 19, 2021, 7:01 PM IST

চীনক প্ৰত্যাহ্বান জনাবলৈ অৰুণাচল সীমান্তত সাজু ভাৰতীয় সেনা

ভাৰত-চীন সীমান্তৱৰ্তী লাচাৰ পৰা নিংচিলৈকে চীনে নিৰ্মাণ কৰা ৰে'লপথটো ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷ জানিব পৰা মতে এই ৰে'লপথৰ পৰীক্ষণ সম্পূৰ্ণ কৰিছে চীনে ৷ প্ৰায় 4.8 বিলিয়ন ডলাৰ ব্যয় সাপেক্ষে চীনে নিৰ্মাণ কৰা এই ৰে'লপথটো জুলাই মাহত আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সম্ভাৱনা আছে ৷ ইয়াক কেন্দ্ৰ কৰি শংকাত ভূগিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ অৰুণাচলৰ বিধায়ক নিনং এৰিঙে ৷

কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত হ’ব নেকি সৰ্বানন্দ সোণোৱাল ?

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত কৰা হ'ব পাৰে বুলি জল্পনা-কল্পনা অব্যাহত আছে । তেওঁ দলৰ হাই কমাণ্ডৰ নিৰ্দেশত জ্যেষ্ঠ বিজেপি নেতাসকলক সাক্ষাৎ কৰিবলৈ ৰাজধানী দিল্লীত উপস্থিত হৈছে । অৱশ্যে সৰ্বানন্দ সোণোৱালে ইয়াক কেৱল এক সৌজন্যমূলক সাক্ষাৎ বুলিহে অভিহিত কৰিছে ।

‘উড়ন্ত শিখ’ মিলখা সিঙৰ জীৱনৰ দৌৰ

কিংবদন্তী ভাৰতীয় দৌৰবিদ মিলখা সিং আৰু নাই ৷ 91 বছৰ বয়সত কৰ’ণাৰ সৈতে যুঁজি অৱশেষত শুকুৰবাৰে নিশা প্ৰাণ হেৰুৱালে দূৰন্ত শিখ গৰাকীয়ে ৷ মিলখা সিঙৰ বিয়োগত ইটিভি ভাৰতৰ তেওঁৰ জীৱন সম্পৰ্কত এইয়া এক চমু আলোকপাত...

'flying sikh' খ্যাত মিলখা সিঙৰ মৃত্যুত শোক প্ৰকাশ হিমা দাসৰ

কিংবদন্তি দৌৰবিদ মিলখা সিং(Milkha Singh) ৰ মৃত্যুত শোকাহত হৈ পৰিছে সমগ্ৰ দেশবাসী । সমগ্ৰ দেশৰ লগতে ধিং এক্সপ্ৰেছ হিমা দাসে 'উৰন্ত শিখ'(flying sikh) খ্যাত মিলখা সিঙলৈ জনালে অন্তিম শ্ৰদ্ধাঞ্জলি । টুইটযোগে খেলুৱৈগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি হিমা দাসে ৷

Baba Ka Dhaba-ৰ স্বত্বাধিকাৰী কান্তা প্ৰসাদক চিকিৎসালয়ৰ পৰা অব্যাহতি

অৱশেষত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে 'বাবা কা ধাবা'(Baba Ka Dhaba) ভোজনালয়ৰ স্বত্বাধিকাৰী কান্তা প্ৰসাদক ৷ বৃহস্পতিবাৰে নিশা আত্মহত্যাৰ চেষ্টা চলোৱাৰ পাছতে চফদৰজং চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কান্তা প্ৰসাদক ৷ বিগত বছৰত এগৰাকী ইউ টিউবাৰৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল কান্ত প্ৰসাদৰ 'বাবা কা ধাবা'(Baba Ka Dhaba)ই ।

অসমত প্ৰতিদিনে ৩ লাখ লোকক দিয়া হ’ব ক’ভিড প্ৰতিষেধক

ক'ভিড পৰিস্থিতি আৰু ভেকচিন সন্দৰ্ভত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া । সোমবাৰৰ পৰা প্ৰতিদিনেই ৩ লাখ লোকক ক’ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য । পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ নগৰাঞ্চলত দিয়া হ'ব প্ৰতিষেধক । টীকাকৰণ কেন্দ্ৰ(Vaccine Centre)তে হ’ব অনলাইন পঞ্জীয়ন(Online registration) । লগতে প্ৰতিষেধক কেন্দ্ৰত নিয়োজিত চিকিৎসাকৰ্মীক দৈনিক ১০০ টকাকৈ দিয়া হ'ব ।

মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ বাবে গঠন দুখনকৈ উচ্চ ক্ষমতা সম্পন্ন কমিটি

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ বাবে পৃথকে পৃথকে ৯ জনীয়াকৈ দুখন কমিটি গঠন । পৰীক্ষাৰ ফলাফল ঘোষণাৰ আৰ্হি প্ৰস্তুত কৰি সাত দিনৰ ভিতৰত দিব লাগিব প্ৰতিবেদন । প্ৰতিবেদনৰ ভিত্তিত ৩১ জুলাইৰ পূৰ্বে ঘোষিত হ'ব ফলাফল ।

২০২২ চনৰ ভিতৰত সম্পূৰ্ণ হ'ব ৰাফেলৰ অন্তৰ্ভূক্তিকৰণ

ভাৰতীয় বায়ু সেনা বাহিনীৰ(IAF) মুৰব্বী আৰ.কে.এছ ভদৌৰিয়াৰ মতে ২০২২ চনৰ ভিতৰত ভাৰতীয় বায়ু সেনাত ৩৬ খন ৰাফেল (Rafale) বিমান অন্তৰ্ভুক্ত কৰা হ'ব । ২০১৬ চনত ভাৰতে ফ্ৰান্সৰ সৈতে ৫৯ হাজাৰ কোটি টকা ব্যয়েৰে ৩৬ খন ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰাৰ বাবে এক আন্তঃচৰকাৰী চুক্তি স্বাক্ষৰ কৰিছিল।

২০২২ৰ ভিতৰত ভাৰতীয় বায়ু সেনা(IAF)ত অন্তৰ্ভুক্ত হ'ব ৩৬ খন ৰাফেল যুঁজাৰু বিমান

ফ্ৰান্সৰ পৰা ক্ৰয় কৰা ৩৬ খন ৰাফেল(Rafale) যুঁজাৰু বিমান ২০২২ চনৰ ভিতৰত ভাৰতীয় বায়ু সেনা বাহিনী(Indian Air Force)ত অন্তৰ্ভুক্ত কৰা হ'ব । শনিবাৰে ডুণ্ডিগালস্থিত বায়ু সেনা একাডেমীত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি এই মন্তব্য কৰে ভাৰতীয় বায়ু সেনা বাহিনীৰ মুৰব্বী আৰ কে এছ ভদৌৰিয়াই ।

ৰাছিয়াৰ কেমেৰোভোত বিমান দুৰ্ঘটনা: ৪ জন নিহত

ৰাছিয়াৰ কেমেৰোভোত সংঘটিত বিমান দুৰ্ঘটনাত চাৰিজন লোক নিহত হোৱাৰ লগতে আঠজন যাত্ৰী আঘাতপ্ৰাপ্ত হয় ৷ এল-৪১০ বিমানখনে ১৭ টা পেৰাচ্যুট জাম্পাৰ কঢ়িয়াই আনিছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.