ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

top-10-news-at-7-pm
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Apr 26, 2021, 7:08 PM IST

অ’ এন জি চিৰ অপহৰণ কাণ্ডত জড়িত অসম আৰক্ষীৰ জোৱান !

লাকুৱাৰ অ’ এন জি চিৰ অপহৰণ কাণ্ডৰ সন্দৰ্ভত এতিয়া ন ন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ প্ৰথমে বিপ্লৱজ্যোতি-বিৰাজ আৰু এতিয়া সকলোকে আচৰিত কৰি এই অপহৰণৰ লগত সাঙোৰ খাই পৰিছে অসম আৰক্ষীৰ জোৱানৰ নাম ৷ লকুৱা অপহৰণৰ ঘটনাত প্ৰত্যক্ষভাৱে জড়িত থকাৰ সন্দেহত শদিয়াৰ জজলি তেলীকলা নিবাসী বসন্ত বুঢ়াগোহাঁই নামৰ আৰক্ষীৰ জোৱানজনক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ।

দেশবাসীক বিনামূলীয়াকৈ ক'ভিড প্ৰতিষেধক প্ৰদানৰ দাবী ৰাহুল গান্ধীৰ

পুনৰবাৰ কেন্দ্ৰ চৰকাৰক সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । দেশৰ সকলোকে বিনামূলীয়াকৈ ক'ভিড প্ৰতিষেধক প্ৰদান কৰিবলৈ কেন্দ্ৰ চৰকাৰক দাবী জনায় গান্ধীয়ে । দেশক 'বিজেপি ব্যৱস্থা'ৰ ভুক্তভোগী কৰিব নালাগে বুুলি কটু মন্তব্য গান্ধীৰ ।

মহানগৰীৰ লালুংগাঁৱত পিষ্টলসহ এজন অস্ত্ৰ সৰবৰাহকাৰী আটক

মহানগৰীৰ লখৰাৰ লালুংগাঁৱৰ কাৱাচাকি শ্বৰুমৰ সমীপৰ পৰা সোমবাৰে পিষ্টলসহ এজন অস্ত্ৰ সৰবৰাহকাৰী আটক কৰিবলা সক্ষম হয় ৷ Special task force য়ে আটক কৰে সৰবৰাহকাৰীজনক ৷ ধৃত অস্ত্ৰ সৰবৰাহকাৰীজন চিৰাং জিলাৰ বলাজাৰৰ সিবিলন বসুমতাৰী বুলি জানিবলৈ পোৱা গৈছে ৷

চাৰিমহীয়া সন্তানক বুকুত সাৱটি স্বামীলৈ আশাৰে বাট চাইছে শতাব্দী শইকীয়াই

চাৰিমহীয়া সন্তানক বুকুত সাবটি স্বামী আহিব বুলি বাট চাই আছে ৰিতুল শইকীয়াৰ পত্নী শতাব্দী শইকীয়াই । পাঁচটা দিন অতিক্ৰম কৰাৰ পাচতো কোনো সম্ভেদ নোলোৱাত কান্দি উঠিছে শতাব্দী শইকীয়াৰ হৃদয় । অ’এনজিচিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ চাৰিমহীয়া সন্তানটিৰ ভৱিষ্যত জীৱনলৈও আহি পৰিছে এতিয়া চৰম অনিশ্চয়তা ।

বঙাইগাঁৱৰ ভাণ্ডাৰাত বুজন পৰিমাণৰ কাঠ জব্দ

বঙাইগাঁও জিলাত দেওবাৰে বন বিভাগৰ অভিযান ৷ গোপন সূত্ৰ অনুসৰি পৰিত্যক্ত অৱস্থাত জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি বন বিভাগে প্ৰকাশ কৰে ৷

ডিব্ৰুগড়ত নাতিয়েকক ধৰ্ষণৰ অপচেষ্টা এজন বৃদ্ধৰ

নাবালিকাক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱাৰ অভিযোগ ৷ অভিযোগ অনুসৰি, ডিব্ৰুগড়ত আফজল আনচাৰী নামৰ লম্পটজনে সম্পৰ্কীয় ৮ বছৰীয়া নাতিনীয়েকক যৌন নিৰ্যাতনৰ অপচেষ্টা চলায় ।

বৰপেটাৰোডত মেট্ৰিক পৰীক্ষা বাতিলৰ দাবীত প্ৰতিবাদ

সোমবাৰে বৰপেটাৰোডত আগন্তুক মেট্ৰিক পৰীক্ষা বাতিল কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত একাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ৷ পৰীক্ষা বাতিল নকৰালৈকে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ হুংকাৰ ৷

গোৰখপুৰৰ অক্সিজেন প্ৰকল্প: ৪০ লাখ টকা আগবঢ়াব ৰবি কিষাণে

উত্তৰ প্ৰদেশৰ গোৰখপুৰত অক্সিজেন প্ৰকল্প স্থাপনৰ বাবে ৪০ লাখ টকা আগবঢ়াব বিজেপি সাংসদ তথা অভিনেতা ৰবি কিষাণে । এই সন্দৰ্ভত তেওঁ এখন পত্ৰ প্ৰেৰণ কৰিছে গোৰখপুৰৰ জিলা দণ্ডাধীশ বীজেন্দ্ৰ পাণ্ডিয়ানলৈ । অক্সিজেন প্ৰকল্প স্থাপনৰ বাবে সঠিক স্থান চিনাক্ত কৰিবলৈ কোৱা হৈছে এই পত্ৰখনৰ জৰিয়তে ।

দেশজুৰি টীকাকৰণৰ ১০০ টা দিন সম্পূৰ্ণ

যোৱা ১৬ জানুৱাৰীৰ পৰা ১০ এপ্ৰিললৈকে ৮৫ দিনৰ ব্যৱধানত ভাৰতে ক'ভিড-১৯ প্ৰতিষেধকৰ ১০০ নিযুত প্ৰতিষেধক পালি প্ৰদান কৰিছিল । এই সংখ্যাই ভাৰতক বিশ্বৰ ভিতৰতে প্ৰতিষেধক প্ৰদানৰ প্ৰথম স্থানত থকা দেশ হিচাপে স্বীকৃতি প্ৰদান কৰে । ইফালে, আমেৰিকাই ৮৯ দিনত ভাৰতৰ সংখ্যাৰ সৈতে খাপ খুৱাব পৰাকৈ প্ৰতিষেধক পালি প্ৰদান কৰিছিল ৷

মাজুলীৰ নিকিনি খোৱাত কৰ'ণাৰ গণ সংক্ৰমণ

কেইদিনমানৰ পূৰ্বে মাজুলীৰ নিকিনি খোৱা নামৰ গাঁৱখনত এগৰাকী নাবালিকাৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰাৰ পাচতে 40 গৰাকী লোকৰ দেহত ধৰা পৰিছিল কৰ'ণাৰ উপস্থিতি ৷ গাঁৱখনত প্ৰায় প্ৰতিঘৰ লোকৰ পৰিয়ালৰ সদস্য আক্ৰান্ত হোৱাত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে গাঁৱখনত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.