ETV Bharat / state

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি - শীৰ্ষ 10 বাতৰি

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

top-10-news-at-5pm
বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Jun 21, 2021, 5:02 PM IST

গেৰুৱা সাজ পিন্ধিলে সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

লখিমপুৰৰ গেৰুকামুখৰ এনএইচপিচি(NHPC) ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰিলে মৰিয়নীৰ বিধায়ক গৰাকীয়ে ৷ চাৰিবাৰকৈ কংগ্ৰেছ দলৰ পৰা জয়ী হৈ বিধায়কৰ পদ অলংকৃত কৰা ৰূপজ্যোতি কুৰ্মীক যোৰহাট জিলা সমিতিয়ে দলীয় অংগবস্ত্ৰ পিন্ধাই দললৈ আদৰণি জনায় ৷

হিতাধিকাৰীয়ে ফল নিদিলে: নাড্ডাই ৰণজিৎ দাসক দিলে নতুন ফৰ্মূলা

দেওবাৰে সংবাদ মাধ্যমৰ অগোচৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ মাজত অনুষ্ঠিত হয় এক ভাৰ্চুৱেল বৈঠক ৷ বৈঠকত ৰণজিৎ দাসক কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে নাড্ডাই ৷

মুখ্যমন্ত্ৰীক তিনিটাকৈ সংগঠনৰ স্মাৰক পত্ৰ প্ৰদান

দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়ত উপস্থিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিভিন্ন সমস্যা সম্বলিত এখন 3 দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰিলে তিনিটাকৈ সংগঠনে ৷ দুলীয়াজানৰ অইল ইণ্ডিয়াৰ অতিথিশালাত মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি এখন 3 দফীয়া স্মাৰকপত্ৰ প্ৰদান কৰে সংগঠন কেইটাৰ নেতৃত্বই ৷

ৰঙিয়াত তুলসীবাৰীত জব্দ নকল টকা সহ বৃহৎ পৰিমাণৰ ভাং

ৰঙিয়াত তুলসীবাৰীত আৰক্ষীৰ অভিযানত বৃহৎ পৰমাণৰ ভাং, নকল টকা সহ এজনক আটক কৰিলে ৰঙিয়া আৰক্ষীয়ে । অভিযানত অঞ্চলটোৰ এগৰাকী মুৰ্গী ব্যৱসায়ীৰ ঘৰৰ পৰা প্ৰায় পঞ্চাশ হাজাৰ টকাৰ নকল টকা আৰু প্ৰায় ৭ কেজি ভাং জব্দ কৰে আৰক্ষীয়ে ৷

NHPCত অনুষ্ঠিত যোগ দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্রীৰ অংশগ্রহণ

শাৰীৰিক, মানসিক শান্তিৰ কামনাৰে যোগাভ্যাস মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । সোমবাৰে লখিমপুৰৰ গেৰুকামুখস্থিত সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পত কেন্দ্রীয়ভাৱে পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । যোগ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

বৰপথাৰৰ ঐতিহাসিক প্ৰত্নতাত্বিক স্থান পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ

বৰপথাৰৰ দুৱৰণিৰ টেঙানী আলীচিঙাস্থিত ঐতিহাসিক কছাৰী ৰাজত্ব কালৰ ভগ্নাৱশেষ সমূহ পৰিদৰ্শন কৰিলে বিধায়ক বিশ্বজিৎ ফুকনে । এই ঐতিহাসিক প্ৰত্নতাত্বিক স্থানটো পৰিদৰ্শন কৰাৰ লগতে কেনেদৰে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰিব পাৰি সেই সন্দৰ্ভত বুজ লয় ৷

ডিব্ৰুগড়ত ক'ভিড আৰু বান ব্যৱস্থাপনাৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাচতে দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়ত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ জিলাখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বান ব্যৱস্থাপনাৰ বুজ ল'বলৈ উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ৷

24 ঘন্টাই বিদ্যুৎ পাবলৈ ৰোধ কৰিব লাগিব বিদ্যুৎ চুৰি: বিমল বৰা

উপসংমণ্ডলৰ বিষয়া-কৰ্মচাৰীসকলে বিদ্যুৎ চুৰিৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে সোমবাৰে ডিব্ৰুগড়ত এক সংবাদ মেল সম্বোধন কৰে শক্তি মন্ত্ৰী বিমল বৰাই ৷ ডিব্ৰুগড়ৰ বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত বিমল বৰাই কয়, 24 ঘন্টাই বিদ্যুৎ যোগান ধৰিবলৈ হ'লে ৰোধ কৰিব লাগিব বিদ্যুৎ চুৰি ।

বঢ়মপুৰত শ্মশান নিৰ্মাণৰ নামত ধন আত্মসাতৰ অভিযোগ

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰ উন্নয়ন খণ্ডৰ জৰিয়তে তথা বঢ়মপুৰ গাঁও পঞ্চায়তৰ দ্বাৰা ২০১৯-২০ বৰ্ষত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নেধাৰগাঁৱস্থিত এখন ৰাজহুৱা শ্মশান নিৰ্মাণৰ বাবদ ৬ লাখ টকা ধাৰ্য কৰা হৈছিল ৷ কিন্তু শ্মশান নিৰ্মাণৰ নামত অহা ধন পঞ্চায়তৰ প্ৰতিনিধিয়ে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

শিৱসাগৰৰ হেৰ'ইনসহ গ্ৰেপ্তাৰ যুৱক

শিৱসাগৰৰ গৌৰীসাগৰত হেৰ'ইনসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে গৌৰীসাগৰ আৰক্ষীয়ে ৷ নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে চাও টাইকুমলাই গগৈ (২১) নামৰ এজন যুৱকজনক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.